শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হিচাপে যোগদান কৰিলে শ্ৰী অপূৰ্ৱ চন্দ্ৰ, আইএএছ (মহা : ১৯৮৮) য়ে

Posted On: 01 OCT 2020 2:13PM by PIB Guwahati

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ১৯৮৮বৰ্ষৰ মহাৰাষ্ট্ৰ কেডাৰৰ বিষয়া শ্ৰী অপূৰ্ৱ চন্দ্ৰই আজি কেন্দ্ৰীয় চকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব হিচাপে যোগদান কৰে। ইয়াৰ পূৰ্বে তেওঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা অভিগ্ৰহণ বিভাগৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই পদত থকাৰ কালত তেওঁ প্ৰতিৰক্ষা সামগ্ৰী আহৰণৰ ক্ষেত্ৰত ঘৰুৱা উদ্যোগকে নিৰ্বাচন কৰাৰ উপৰি প্ৰতিৰক্ষা বাহিনীসমূহক সকলো ধৰণৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ সকলো সা-সামগ্ৰীৰে সষ্টম কৰি তোলাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আত্মনিৰ্ভৰ ভাৰতৰ ধাৰণাক সাৰ্থক কৰাত অৰিহণা আগবঢ়াইছিল।

শ্ৰী চন্দ্ৰই আইআইটি দিল্লীৰ পৰা চিভিল ইঞ্জীনিয়াৰিঙৰ স্নাতক আৰু ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়চোৱাত তেওঁ উদ্যোগ সম্পৰ্কীয় প্ৰসংগসমূহৰ সমাধান সূত্ৰ উলিওৱাৰ ক্ষেত্ৰত বিশেষ কৃতিত্বৰ নিদৰ্শন দাঙি ধৰিছিল।

ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰকৃতিক গেছ মন্ত্ৰালয়তে তেওঁ সাতবছৰৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰিছিল। এইখিনি সময়ত তেওঁ, উদ্যোগসমূহলৈ ইন্ধনৰ যোগান, অন্যান্য সা-সামগ্ৰীৰ যোগান, পৰিবহণ, সংগ্ৰহ আৰু ইন্ধনজাত সামগ্ৰীৰ বিতৰণ আদিৰে জড়িত হৈ আছিল। প্ৰাকৃতিক গেছ পৰিবহণ আন্তঃগাঁথনি নিৰ্মাণ, চিটী গেছ বিতৰণ কোম্পানী স্থাপন, এলএনজিৰ আমদানী টাৰ্মিনেল স্থাপন আৰু উদ্যোগসমূহলৈ গেছৰ আৱণ্টন প্ৰক্ৰিয়াৰে তেওঁ প্ৰত্যক্ষ ভাবে জড়িত হৈ আছিল। ইফালে, তেওঁ মহাৰত্ন শ্ৰেণীৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গেইল(ইণ্ডিয়া) আৰু পেট্ৰোনেট এলএনজিৰ বৰ্ড অব ডাইৰেক্টৰ্ছৰ অন্যতম সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। শ্ৰী চন্দ্ৰই ২০১১চনৰ আগষ্ট মাহৰ পৰা ২০১৩চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ য়ুটীয়া সচিব হিচাপে দায়িত্ব পালন কৰিছিল।

শ্ৰী চন্দ্ৰই ২০১৩ আৰু ২০১৭ মাজৰ সময়চোৱাত মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰধান সচিব(উদ্যোগ)হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তি সময়ত তেওঁ ২০১৭ চনৰ ১ ডিচেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান(আহৰণ)হিচাপে যোগদান কৰিছিল।

****


RCJ/RNM/IA/KB


(Release ID: 1660826) Visitor Counter : 159