ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

শেহতীয়া ৬টা বছৰত মোডী চৰকাৰে ‘ন্যূনতম সমৰ্থন মূল্য’ৰ ঐতিহাসিক উথ্থান প্ৰত্যক্ষ কৰিছে : ড০ জিতেন্দ্ৰ সিং

নতুন কৃষি আইনত মধ্যভোগীৰ অস্তিত্ব নোহোৱা কৰা ব্যৱস্থাক আদৰণি জনাইছে ড০ জিতেন্দ্ৰ সিঙে

Posted On: 30 SEP 2020 6:50PM by PIB Guwahati

শেহতীয়া ৬টা বছৰত মোডী চৰকাৰে কৃষকসমাজৰ কল্যাণাৰ্থে বহুকেইটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ন্যূনতম সমৰ্থন মূল্য পূৰ্বৰ দুগুণলৈ বৃদ্ধি কৰি কৃষকসকলৰ আয় দ্ৰুতগতিত বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছে বুলি অভিমত ব্যক্ত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। ডডা, ৰিয়াছি, ৰামবান আৰু কিষ্টৱাৰৰ দৰে পাৰ্বত্য জিলাৰ গাঁওবুঢ়া, খণ্ড উন্নয়ণ সমিতিৰ অধ্যক্ষ, কৃষক সংগঠন আৰু স্থানীয় কাৰ্যকৰ্তাৰ সৈতে মত-বিনিময় অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই অভিমত প্ৰকাশ কৰে। তেওঁ কয়, ন্যূনতম সমৰ্থন মূল্যৰ প্ৰথা আৰু কৃষি উত্পাদন তথা পশুধন বিপণন সমিতিসমূহৰ কাম-কাজ আগৰ দৰেই অব্যাহত থাকিব আৰু কোনো পৰিস্থিতিতে এয়া বাতিল কৰা নহএইবোৰ বাতিল কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰিছে বুলি ন্যস্ত-স্বাৰ্থ জড়িত মহলে প্ৰচাৰ চলাই আছে বুলি উল্লেখ কৰি ড০ সিঙে এনে অপ-প্ৰচাৰত ভোল নাযাবলৈ আৰু এনে অপকৰ্মৰ প্ৰতিবাদ কৰিবলৈ কৃষকসমাজক আহ্বান জনায়।

 

 

বিপণন সমিতিসূহে আগৰ দৰেই খাৰিফ আৰু ৰবি শস্যৰ ফচল ক্ৰয় কৰি থাকিব বুলি মন্তব্য কৰা মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দি কয় যে আগৰ তুলনাত পাৰ্থক্য মাথোঁ এটাই, সেয়া হৈছে কৃষকে এতিয়া তেওঁৰ ফচলসমূহ নিজৰ এলেকাৰ বজাৰৰ উপৰিও আন ঠাতো বিক্ৰী কৰিবগৈ পাৰিব আৰু আনকি ব্যক্তিগতখণ্ডৰ ব্যৱসায়ীকো তেওঁৰ ফচল বিক্ৰী কৰিব পাৰিব। তেওঁলোকে নিজৰ ৰাজ্যৰ উপৰি আন ৰাজ্যতো ফচল বিক্ৰীৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ বাবে ৰাজ্যচৰকাৰসমূহে কৃষকসকলৰ পৰা কোনো ধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব।

২০২০-২১বিত্তীয় বৰ্ষৰ খাৰিফ শস্যৰ বৰ এই আৰম্ভ হৈছে আৰু চৰকাৰে বৰ্তমানে থকা ন্যূনতম সমৰ্থন মূল্য আঁচনিৰ বিধি নিয়মৰ আধাৰত আগৰ বছৰৰ দৰেই খাৰিফ ২০২০-২১ ফচল ক্ৰয় কৰি যাব বুলি উল্লেখ কৰে মন্ত্ৰী ড০ সিঙে।

নতুন কৃষি আইনত মধ্যভোগীৰ অস্তিত্ব নোহোৱা কৰা ব্যৱস্থাক আদৰণি জনাই ড০ সিঙে কয় যে এইটো শ্ৰেণীয়ে কৃষকক ন্যয্য প্ৰাপ্য লাভৰ পৰা বঞ্চিত কৰে আৰু তেওঁলোকৰ প্ৰগতিৰ পথত হেঙাৰ হৈ থিয় দিয়ে।

তেওঁ কৃষকসমাজৰ সেৱাৰে জড়িত কৰ্মকৰ্তাসকলক ইতিমধ্যে আৰম্ভ হোৱা বৃহত্ ষড়যন্ত্ৰৰ বিৰুদ্ধে সষ্টম হৈ থকাৰ লগতে কৃষকসমাজক ইয়াৰ বিষয়ে অৱগত কৰি এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে মাৰ থিয় দিয়াৰ ক্ষেত্ৰত সজাগ আৰু সচেতন কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়।

<><><><><>

SNC/KB



(Release ID: 1660545) Visitor Counter : 102