স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ভাৰতত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে নিম্নমুখী
মুঠ আক্ৰান্তৰ ভিতৰত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ হাৰ কেৱল ১৫.১১ শতাংশ
নিশ্চিত ক’ৰোনাত আক্ৰান্তৰ ৭৬ শতাংশই ১০ খন সৰ্বাধিক প্ৰভাৱিত ৰাজ্যৰ লোক
Posted On:
30 SEP 2020 12:17PM by PIB Guwahati
ভাৰতত নিশ্চিত ক’ৰোনাত আক্ৰান্তৰ হাৰ মুঠ আক্ৰান্তৰ সংখ্যাৰ তুলনাত শতাংশৰ হিচাপত ক্ৰমাৎ হ্ৰাস পাইছে। বৰ্তমান দেশত মুঠ আক্ৰান্তৰ ভিতৰত কেৱল ১৫.১১ শতাংশই নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্ত। সম্প্ৰতি নিশ্চিতভাৱে আক্ৰান্তৰ সংখ্যা ৯ লাখ ৪০ হাজাৰ ৪৪১।
দেশত ১ আগষ্টত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ হাৰ ৩৩.৩২ শতাংশ থকাৰ পৰা হ্ৰাস হৈ ৩০ ছেপ্টেম্বৰত ১৫.১১ শতাংশ হৈছে।
ভাৰতত আৰোগ্য লাভৰ হাৰ ক্ৰমশঃ ঊৰ্ধ্বমুখী হোৱাৰ ফলত এই হাৰ আজি ৮৩.৩৩ শতাংশ হৈছে। বিগত ২৪ ঘণ্টাত ৮৬,৪২৮ জন লোকে আৰোগ্য লাভ কৰিছে আৰু হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে।
দেশত আৰোগ্য লাভৰ সংখ্যা বৰ্তমান ৫১ লাখ ৮৭ হাজাৰ ৮২৫ গৰাকী। একেদৰে, নিশ্চিত আক্ৰান্তৰ সংখ্যাৰ তুলনাত সুস্থতাৰ সংখ্যা ৪২ লাখ ৪৭ হাজাৰ ৩৮৪ হৈছে। আৰোগ্য লাভৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি হৈ থকাত আক্ৰান্তৰ সংখ্যা আৰু আৰোগ্য লাভৰ মাজৰ পাৰ্থক্যও ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।
দেশত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিয়মিতভাৱে হ্ৰাস হোৱা বাবে ২২ ছেপ্টেম্বৰ পৰ্যন্ত এই সংখ্যা ১০ লাখতকৈ কম হৈছে।
নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তসকলৰ ৭৬ শতাংশতকৈও অধিক লোক ১০ খন ৰাজ্যৰ। এই ৰাজ্যকেইখন হৈছে – মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, তামিলনাড়ু, ওড়িশা, অসম, ছট্টীশগড় আৰু তেলেঙ্গানা।
সৰ্বাধিক ২ লাখ ৬০ হাজাৰৰো অধিক নিশ্চিত ক’ৰোনাত আক্ৰান্ত ৰোগী হৈছে মহাৰাষ্ট্ৰৰ।
'টেষ্ট, ট্ৰেক, ট্ৰেছ, ট্ৰিট' আৰু টেকন’লজী সংক্ৰান্তীয় কৌশল অনুসৰণৰ ফলত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত আৰোগ্য লাভৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে।
১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিশ্চিতভাৱে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫ হাজাৰতকৈও কম।
মুঠ আৰোগ্য লাভৰ ৭৮ শতাংশই ১০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোক। ইয়াৰ ভিতৰত ১০ লাখৰো অধিক ক’ৰোনা ৰোগীয়ে আৰোগ্য লাভ কৰিছে মহাৰাষ্ট্ৰৰ পৰা। অন্ধ্ৰপ্ৰদেশৰ পৰা আৰোগ্য লাভৰ সংখ্যা ৬ লাখৰো অধিক।
দেশত বিগত ২৪ ঘণ্টাত ৮০,৪৭২ জন লোক নতুনকৈ আক্ৰান্ত হৈছে।
নতুনকৈ আক্ৰান্তৰ ৭৬ শতাংশই ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ। মহাৰাষ্ট্ৰৰ পৰাই সৰ্বাধিক প্ৰায় ১৫ হাজাৰ আক্ৰান্তৰ খবৰ পোৱা গৈছে। কৰ্ণাটকত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰৰো অধিক।
দেশত বিগত ২৪ ঘণ্টাত ১,১৭৯ জন লোক ক’ৰোনাজনিত কাৰণত মৃত্যু হৈছে।
ইয়াৰ ভিতৰত প্ৰায় ৮৫ শতাংশই মৃত্যু হৈছে ১০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলত। ৰাজ্যকেইখন ক্ৰমে মহাৰাষ্ট্ৰ, কৰ্ণাটক, পাঞ্জাৱ, তামিলনাড়ু, উত্তৰপ্ৰদেশ, পশ্চিমবঙ্গ, দিল্লী, ছট্টীশগড়, মধ্যপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ।
ক’ৰোনাজনিত কাৰণত বিগত ২৪ ঘণ্টাত মৃত লোকৰ ৩৬ শতাংশই বা ৪৩০ জনেই মহাৰাষ্ট্ৰৰ।
****
MV/SJ/RD
HFW/COVID States data/30September2020/1
(Release ID: 1660520)
Visitor Counter : 237
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam