শক্তি মন্ত্ৰালয়

তাপ বিদ্যুত্ প্ৰকল্পত সহ-প্ৰজ্বালক হিচাপে জৈৱ-ইন্ধন সংগ্ৰহৰ বাবে নিবিদা আহ্বান কৰিছে ‘এনটিপিচি’-য়ে

সহ-প্ৰজ্বলনে শস্যৰ অৱশিষ্ট দহনে সৃষ্টি কৰা বায়ু-প্ৰদূষণ নিয়ন্ত্ৰণত সহায় কৰিব
সহ-প্ৰজ্বলনে জৈৱ ইন্ধনৰ সংসাধন আৰু যোগান শৃংখলৰ জৰিয়তে ব্যাপক হাৰত গ্ৰাম্য নিয়োজনৰ সম্ভাৱনা সৃষ্টি কৰাত সহযোগিতা আগবঢ়াব পাৰে

Posted On: 27 SEP 2020 3:01PM by PIB Guwahati

কৃষি পথাৰত ৰৈ যোৱা শস্যৰ অৱশিষ্ট পোৰাৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস হিচাপে গাহস্থ্য প্ৰতিযোগিতাৰ ভিত্তিত বিভিন্ন তাপ বিদ্যুত্ প্ৰকল্পত সহ-প্ৰজ্বালক হিচাপে জৈৱ ইন্ধন সংগ্ৰহৰ বাবে নিবিদা আহ্বান কৰিছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম শক্তি উত্পাদক প্ৰতিষ্ঠান এনটিপিচি-য়ে। দেশৰ বিভিন্ন প্ৰন্তত থকা ১৭টা তাপ বিদ্যুত প্ৰকল্পৰ বাবে সাম্প্ৰতিক বছৰটোৰ বাবে ৫ নিযুত জৈৱ-ইন্ধন টিকিয়াৰ  প্ৰয়োজন হব বুলি অনুমান কৰিছে প্ৰতিষ্ঠানটোৱে। এইসমূহ প্ৰকল্পৰ ভিতৰত এনটিপিচি কৰ্বা(চত্তিশগড়), এনটিপিচি ফাৰাক্কা(পশ্চিম বংগ), এনটিপিচি দাদ্ৰী(উত্তৰ প্ৰদেশ), এনটিপিচি কুড়গি(কৰ্ণাটক), এনটিপিচি ছিপাট(চত্তিশগড়) আৰু এনটিপিচি ৰিহান্দ(উত্তৰ প্ৰদেশ)ও আছে।

এনটিপিচিৰ উত্তৰ প্ৰদেশত থকা দাদ্ৰী প্ৰকল্পতবোৰ কয়লাৰ টিকিয়াৰ সলনি প্ৰথমবাৰৰ বাবে পৰীক্ষামূলক ভাবে জৈৱ ইন্ধনক সহ-প্ৰজ্বালক হিচাপে ব্যৱহাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ২০১৭চনত। এই প্ৰক্ৰিয়াত সফলতা লাভ কৰাৰ পিচত এনটিপিচিয়ে শেহতীয়া ভাবে ইয়াৰ আন ১৭টা প্ৰকল্পত দাদ্ৰী প্ৰকল্পত ব্যৱহাৰ কৰা আৰ্হি প্ৰয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এছআৰএম পৰ্টেলত ই-টেণ্ডাৰিং ব্যৱস্থাৰে নিবিদা আহ্বানৰ প্ৰক্ৰিয়া সম্পন্ন কৰা হব। এই প্ৰক্ৰিয়াক ছিংগল ষ্টেজ, ২ এনভেলপ বিডিং পদ্ধতিৰে সম্পূৰ্ণ কৰা হব।

সহ-প্ৰজ্বলন ব্যৱস্থাই জৈৱ ইন্ধনৰ সংসাধন আৰু যোগান শৃংখলৰ জৰিয়তে ব্যাপক হাৰত গ্ৰাম্য নিয়োজনৰ সম্ভাৱনা সৃষ্টি কৰাত সহযোগিতা আগবঢ়াব বুলি দৃঢ়তা প্ৰকাশ কৰিছে ‘এনটিপিচি’-য়ে।শক্তি উত্পাদক প্ৰতিষ্ঠানটোৱে পাঞ্জাৱ আৰু হাৰিয়াণাৰ যোগনীয়াৰ সকলৰ নিবিদাক অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে। নিবিদা জমা দিয়াৰ আগতে নিবিদাকাৰীসকলে তেওঁলোকৰ তথ্য পাতি সন্দৰ্ভত এনটিপিচি-ক আগতীয়া জাননী দিয়াৰ প্ৰয়োজন হব।

সমীক্ষাৰ তথ্য মতে, প্ৰতি বছৰে ১৪৫নিযুত মেট্ৰিকটন পৰিমাণৰ শস্যৰ অৱশিষ্ট অব্যৱহৃত হৈ পৰি ৰোৱাৰ বিপৰীতে ইয়াৰে সৰহ অংশই ভাৰতত মুকলিকৈ জুই লগাই পুৰি পেলোৱাৰ ফলত ই সৃষ্টি কৰা প্ৰদূষণে জন-স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। এনে দৰে মুকলিকৈ শস্যৰ অৱশিষ্ট পোৰাৰ ফলত ফচল কটাৰ পৰৱৰ্তি সময়ত  সেয়ে উত্তৰ ভাৰতত প্ৰদূষণৰ মাত্ৰা ২.৫ পৰ্যন্ত বৃদ্ধি পায়।

 

 

 

RCJ/M/KB



(Release ID: 1659642) Visitor Counter : 122