গৃহ মন্ত্ৰালয়

লাডাখৰ জেষ্ঠ নেতাৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে

Posted On: 27 SEP 2020 1:02PM by PIB Guwahati

লাডাখৰ জেষ্ঠ নেতাৰ এটা প্ৰতিনিধি দলে লেহ, লাডাখৰ জনসাধাৰণৰ হৈ ২৬ ছেপ্তেম্বৰ,২০২০ত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী শ্ৰী জি.কিষাণ ৰেড্ডী আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী কিৰেণ ৰিজিজুও বৈঠকত উপস্থিত আছিল।

প্ৰতিনিধি দলটোক ভাষা, জনগাথনি, জাতি, ভূমি আৰু চাকৰি সম্পৰ্কীয় সকলো সমস্যা ইতিবাচক ভাৱে সমাধান কৰাৰ আশ্বাস দিয়া হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে যে ভাৰত চৰকাৰে লেহ আৰু কাৰ্গিলৰ এলএএইচডিচিক সৱল কৰিবলৈ সংকল্পবদ্ধ আৰু লাডাখৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব।

ভাৰত চৰকাৰে সংবিধানৰ ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত উপলব্ধ নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু আছে।

*****

NW/RK/PK/DDD/MS



(Release ID: 1659581) Visitor Counter : 121