ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

প্লাষ্টিক প্ৰক্ৰিয়াকৰণ শিল্পৰ উন্নতিত চৰকাৰে অত্যাধুনিক পৰিকাথামোযুক্ত প্লাষ্টিক পাৰ্ক প্ৰস্তুত কৰিছে

পোষ্ট কৰা হৈছে: 23 SEP 2020 12:40PM by PIB Guwahati

কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কৈছে, দেশত প্লাষ্টিক প্ৰক্ৰিয়াকৰণ শিল্পৰ বাবে চৰকাৰে অত্যাধুনিক প্ৰযুক্তিসম্বলিত প্লাষ্টিক পাৰ্ক প্ৰস্তুতকৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰীজনে জনাইছে যে কেন্দ্ৰই এই প্ৰকল্পত ৫০% ব্যয় ভাৰ বহন কৰে। এই ক্ষেত্ৰত প্ৰতিটো প্ৰকল্পৰ সৰ্বোচ্চ সীমা ৪০ কোটি টকা হ'ব লাগিব। প্ৰকল্পৰ বাকী অৰ্থ ৰাজ্য চৰকাৰ, সুবিধাভোগী শিল্পসংস্থা আৰু আৰ্থিক সংস্থাবিলাকে যোগদান দিয়ে।

 

ৰাসায়নিক আৰু পেট্ৰ'ৰসায়ন দপ্তৰে দেশত ১০খন প্লাষ্টিক পাৰ্কৰ অনুমোদন দিছে। ইয়াৰ মাজত ৬খন পাৰ্কৰ অনুমোদন চূড়ান্ত হৈছে। এই পাৰ্কবিলাক অসম, মধ্যপ্ৰদেশ (দুখন পাৰ্ক), উৰিষ্যা, তামিলনাডু আৰু ঝাৰখণ্ডত গঢ়ি উঠিব। বাকী ৪খন পাৰ্কে বিস্তাৰিত প্ৰকল্প প্ৰতিবেদন জমা কৰিছে। ইয়াৰ মাজত উত্তৰাখণ্ড আৰু ছত্তিশগড়ৰ প্ৰস্তাৱৰ মূল্যায়ন কৰা হৈছে। বাকী দুখন পাৰ্কৰ প্ৰস্তাৱ এতিয়াও বিবেচনাধীন।

 

******

RCJ/RKM


(ৰিলিজ আই ডি : 1658466) অতিথি কক্ষ : 197
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Bengali , Punjabi , Tamil , Kannada