বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

এছটিআইপি ২০২০ৰ বিজ্ঞানত মহিলাসকলৰ অংশগ্ৰহণ আৰু নেতৃত্ব সম্পৰ্কীয় উদ্বেগজনক বিষয়সমূহ দূৰ কৰাৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ চিন্তাধাৰা

Posted On: 22 SEP 2020 1:46PM by PIB Guwahati

বিজ্ঞান ক্ষেত্রত মহিলাসকলৰ অংশগ্ৰহণ কম তথা বিজ্ঞানত নেতৃত্ব প্ৰদানত লিংগ বৈষম্যৰ দৰে বিষয়সমূহ নতুনবিজ্ঞান, প্ৰযুক্তি আৰু নতুন উদ্ভাৱন নীতি, এছটিআইপি, ২০২০ত কিদৰে উত্থাপন কৰা তাক লৈ শেহতীয়াভাৱে এছটিআইপি, ২০২০ৰ এক তথ্যভিত্তিক বৈঠকত আলোচনা কৰা হয়৷ শতাধিক বিজ্ঞানী, বিজ্ঞানপ্রেমী আৰু এছটিআইপি ২০২০ৰ সচিবালয়ৰ কর্মীয়ে এই বৈঠকত অংশগ্ৰহণ কৰে৷

বৈঠকত সভাপতিত্ব কৰি ভিভাৰ(বিজ্ঞানভাৰতী) অধ্যক্ষ ড০ বিজয় ভাটকৰে কয় যে মহিলাসকলক উপযু্ক্তভাৱে গুৰুত্ব দিলেহে বিজ্ঞানৰ ধাৰাবাহিকতা আৰু আত্মনির্ভৰতা বৰ্তী থাকিব৷ আলোচনাত উদীয়মান মহিলা উদ্ভাৱকসকলৰ বাবে প্রতিষ্ঠানগত ব্যৱস্থা, বয়সৰ বাধা, মহিলাসকলৰ নেতৃত্বত ষ্টার্টআপত বিনিয়োগ, লিংগ বৈষম্য, সামগ্রিক নেতৃত্ব প্ৰদান, মহিলা উদ্যোগীৰ প্ৰয়োজনীয়তা ইত্যাদি ক্ষেত্রত প্রতিষ্ঠানগত সুযোগৰ অভাৱৰ দিশবোৰে স্থান লাভ কৰে৷ আলোচনাত বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিভিন্ন পৰিমণ্ডল, পৰিয়াল আৰু অভিভাৱকসকলৰ ভূমিকাৰ প্ৰসংগইও গুৰুত্ব লাভ কৰে৷

 ‘আথেনা ছোৱানছানডেৰ ভাৰতীয় সংস্কৰণৰ ৰূপায়ণ, শিক্ষা ক্ষেত্রত বাধ্যতামূলক অৱস্থান, মহিলাসকলৰ ৩০ শতাংশ প্ৰতিনিধি, গৱেষণা আৰু প্ৰশাসনত জ্যেষ্ঠ মহিলা বিজ্ঞানীসকলৰ নেতৃত্ব ইত্যাদি বিষয়তট্ৰেক টু সন্দৰ্ভত এছটিআইপি ২০২০ৰ মুৰব্বী ড০ অখিলেশ গুপ্তই কেতবোৰ উল্লেখযোগ্য পৰামর্শ আগবঢ়ায়৷

বিজ্ঞানভাৰতীয়ে এই তথ্য অধিৱেশনৰ আয়োজন কৰে৷ মহিলাসকলৰ সবলীকৰণৰ ৰাষ্ট্ৰীয় আন্দোলন হিচাপেশক্তিনামেৰে এক পৰিকল্পনা গ্ৰহণ কৰা হৈছে৷ ইয়াৰ অংগ হিচাপে দেশৰ ২২খন ৰাজ্যত স্বদেশী চিন্তাধাৰাৰ বিজ্ঞান আন্দোলন প্ৰসাৰ কৰিব বিচাৰে বিজ্ঞানভাৰতীয়ে৷

দ্বৈত নিয়োগ প্ৰক্রিয়া, কামৰ সময়কা আৰু অধিক সহজ কৰা, শিশুসকলক ৰখাৰ ডে কেয়াৰ চেণ্টাৰ, ‘অফিচ অৱ ইকুইটি এণ্ড ইনক্লুচন এক অফিচ গঢ় দিয়াৰ জৰিয়তে মহিলাসকলৰ পেশাদাৰিত্বৰ উন্নয়নৰ উপযোগিতাৰ কথা সদৰি কৰে ড০ গুপ্তই। বিঞ্জান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ নতুন চৰকাৰী নীতিৰ প্ৰয়োজনীয়তা আৰু অভিনৱ বিষয়সমূহক লৈ তেওঁ আলোচনা কৰে৷ ইয়াৰ পূৰ্বে তেওঁ লীলাৱতী, গার্গী আৰু খনাৰ দৰে নাৰী বিজ্ঞানী আৰু দার্শনিকসকলৰ ঐতিহাসিক চৰিত্রৰ উদাহৰণ দি কয় যে বিজ্ঞান আৰু শিক্ষা ক্ষেত্রত মহিলাসকল আগুৱাই আহিব লাগিব৷ এছটিআইপি,২০২০ত মহিলাসকলৰ অংশগ্ৰহণৰ উপযোগিতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷

বিশেষজ্ঞসকলে জনায় যে মহিলা উদ্যোগীসকলৰ বাবে তথা মহিলা নেতৃত্বাধীন অর্থনীতিৰ সহায়ক এক নেটৱর্ক গঢ় দিয়া প্ৰয়োজন৷ বিশেষজ্ঞসকলে এইবোৰ ৰূপায়ণৰ বাবে স্পষ্ট আৰু কঠোৰ ব্যৱস্থাপনা, এই নীতিসমূহৰ সংবেদনশীলতা আৰু তথ্যসমূহ সকলোকে জনোৱা, ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইত্যাদি দিশবোৰৰ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷

 

*****



(Release ID: 1658127) Visitor Counter : 187