স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

এদিনতে সৰ্বাধিক আৰোগ্য লাভেৰে ভাৰতৰ অভিলেখ সৃষ্টি

যোৱা ২৪ ঘন্টাত ১ লাখৰো অধিক ৰোগীৰ আৰোগ্য লাভ

Posted On: 22 SEP 2020 11:29AM by PIB Guwahati

এদিনতে সৰ্বাধিক আৰোগ্য লাভেৰে ভাৰতে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

দেশখনত যোৱা ২৪ ঘন্টাত ১ লাখৰো অধিক (১,০১,৪৬৪) ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

ইয়াৰোপৰি উল্লেখযোগ্য সফলতা এয়ে যে ক্ৰমাগত চাৰিটা দিনত এদিনতে আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা অধিক হৈ আহিছে।

ইয়াৰ জৰিয়তে, আৰোগ্য লাভৰ মুঠ সংখ্যা হৈছেগৈ ৪৫ লাখ (৪৪,৯৭,৮৬৭)। একেদৰে, আৰোগ্য লাভৰ হাৰ হয় ৮০.৮৬%।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৯% দহখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ, যথাঃ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিল নাডু, উৰিষ্যা, দিল্লী, কেৰেলা, পশ্চিম বংগ আৰু পঞ্জাৱ।

মহাৰাষ্ট্ৰত নতুনকৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ৩২,০০০ ৰোধিক (৩১.৫%)। এদিনতে আৰোগ্য লাভৰ সংখ্যাত ১০,০০০ ৰোধিকৰে অৰিহণা যোগাইছে অন্ধ্ৰ প্ৰদেশে।

সৰ্বাধিক সংখ্যক আৰোগ্য লাভৰ উল্লেখযোগ্য সফলতাৰে বিশ্বৰ প্ৰেক্ষাপটত ভাৰত শীৰ্ষস্থানীয় দেশ হৈ পৰিছে।

কেন্দ্ৰৰ নেতৃত্বাধীন অতিশয় সক্ৰিয় আৰু টেষ্ট, ট্ৰেক, ট্ৰিটৰ উৎকৃষ্ট ব্যৱস্থাৰ পৰিপ্ৰেক্ষিততেই অধিক ৰোগীয়ে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। নতুন মেডিকেল আৰু বৈজ্ঞানিক এভিডেন্সৰ প্ৰয়োজনীতা অনুসৰি, ফলপ্ৰসূ ক্লিনিকেল মেনেজমেন্ট আৰু ট্ৰিটমেন্ট প্ৰট’কল কেন্দ্ৰীয় চৰকাৰখনে জাৰি কৰি আহিছে।

কেন্দ্ৰীয় চৰকাৰখনে তদুপৰি ৰেমডেচেভিৰ, কনভালেছচেন্ট প্লাজমা আৰু টচিলিজুমাদৰদৰে ‘ইনভেষ্টিগেশ্যনেল থেৰাপী’ৰ যুক্তিযুক্ত ব্যৱহাৰত অনুমোদন জনাইছে। প্ৰণিঙৰ দৰে এডপশ্যন ব্যৱস্থা, হাই ফ্ল’ অক্সিজেনৰ ব্যৱহাৰ, নন-ইনভেচিভ ভেন্টিলেশ্যন আৰু ষ্টেৰইড আৰু এন্টি-ক’গুলেন্টৰ ব্যৱহাৰৰ ফলশ্ৰুতিত ক’ভিড ৰোগীৰ আৰোগ্য লাভৰ হাৰ বৃদ্ধি হৈছে। ফলপ্ৰসূ ক’ভিড ব্যৱস্থাপনাত অৰিহণা যোগোৱা আন ব্যৱস্থাসমূহৰ ভিতৰত আছেঃ নৰম/মজলীয়া ঘটনাসমূহৰ বাবে চুপাৰভাইজড হ’ম/ফেচেলিটি আইছ’লেশ্যন, সময়োচিত চিকিৎসা প্ৰদান নিশ্চিত কৰিবলৈ এম্বুলেন্স সেৱাৰ উন্নয়ন সাধন।

এইমছ, নতুন দিল্লীৰ প্ৰত্যক্ষ সহযোগিতাত স্বাস্থ্য মন্ত্ৰালয়ে ‘ক’ভিড-১৯ৰ ব্যৱস্থাপনাত নেশ্যনেল ই-আইচিইউ’ৰ ব্যৱস্থা কৰি আহিছে। ইয়াত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চিকিৎসালয়সমূহৰ আইচিইউ চিকিৎসকসকলে সহযোগিতা কৰিছে। মঙলবাৰ আৰু শুকুৰবাৰ অৰ্থাৎ সপ্তাহত দুদিনকৈ অনুষ্ঠিত এই টেলি-কনচালটেশ্যন সত্ৰই ভাৰতৰ আৰোগ্য লাভৰ ঘটনা অধিক হোৱা আৰু আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ অৱনমিত হৈ পৰাত এটা বিশেষ ভূমিকা পালন কৰিছে। অদ্যপি, দেশখনৰ ২৮ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৭৮খন চিকিৎসালয়ক সামৰি এনে ২০ নেশ্যনেল ই-আইচিইউ অনুষ্ঠিত হৈছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰসমূহৰ প্ৰচেষ্টাত সহায়-সহযোগিতা কৰিবলৈ কেন্দ্ৰই বহু-স্তৰীয় টীম গঠন কৰিছে। দৈনিক উচ্চ পৰ্যায়ৰ পৰ্যালোচনাৰ জৰিয়তে সমগ্ৰ দেশৰ চিকিৎসালয় আৰু স্বাস্থ্য ব্যৱস্থাসমূহত মেডিকেল অক্সিজেনৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰি তুলিছে। ইয়াৰ ফলশ্ৰুতিতেই ভাৰতৰ আৰোগ্য লাভৰ অধিক হৈ পৰাৰ বিপৰীতে আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ নিম্ন হৈয়ে ৰৈছে, যাৰ হাৰ বৰ্তমানে ১.৫৯%।

****

MV/SJ/SB



(Release ID: 1657817) Visitor Counter : 171