প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত টেলিফোনিক বাৰ্তালাপ
प्रविष्टि तिथि:
17 SEP 2020 11:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে কালি এক শুভেচ্ছামূলক ফোনকল কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। এই সৌজন্যতাৰ বাবে প্ৰধানমন্ত্ৰীয়েও উষ্ণ অভ্যৰ্থনা জনায়। দুয়োগৰাকী নেতাই ভাৰত আৰু ৰাছিয়াৰ মাজত ‘বিশেষ আৰু গুৰুত্বপূৰ্ণ কৌশলগত অংশীদাৰীত্ব’ বিষয়বোৰ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে আৰু ক’ভিড-১৯ মহামাৰীৰ মাজতে দ্বিপাক্ষিক আলোচনা চলাই নিয়াৰ বাবে উচ্চ প্ৰশংসাও কৰে। এই প্ৰসঙ্গত দুয়োগৰাকীয়ে সম্প্ৰতি মস্কোত প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীৰ কাৰ্যকৰী ভ্ৰমণৰ কথা উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে চলিত বৰ্ষত ৰাছিয়াৰ পৌৰহিত্যত সফলতাৰে SCO আৰু ব্ৰিকছ সন্মিলন আয়োজনৰ বাবে ৰাষ্ট্ৰপতি পুটিনক ধন্যবাদ জনায়। তেওঁ এই বছৰৰ শেষৰ ফালে SCO আৰু ব্ৰিক্ছ সন্মিলনত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ ভাৰতত আয়োজিত SCO হেড্ছ অৱ গভৰ্মেণ্টৰ কাউন্সিলৰ বৈঠকত অংশগ্ৰহণৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰাৰ বাবে ব্যক্তিগতভাৱে ৰাষ্ট্ৰপতি পুটিনে যি প্ৰতিশ্ৰুতি পূৰণ কৰিছে তাৰ বাবে ধন্যবাদ জনায় আৰু পাৰস্পৰিক আলোচনাৰ পৰিপ্ৰেক্ষিতত ভাৰতত পৰৱৰ্তী দ্বিপাক্ষিক সন্মিলনত ৰাষ্ট্ৰপতি পুতিনক স্বাগতম জনোৱাৰ অপেক্ষাত আছে বুলিও কয়।
*******
AP/RD
(रिलीज़ आईडी: 1657174)
आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam