পঞ্চায়তীৰাজ মন্ত্ৰালয়

ই-গ্রাম স্বৰাজ প’ৰ্টেল

Posted On: 20 SEP 2020 4:08PM by PIB Guwahati

গ্রামীণ ভাৰতক সবলীকৰণৰ লক্ষ্যৰে পঞ্চায়ত ব্যৱস্থাত ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি বাবে এক ব্যতিক্ৰমী মাধ্যম হিচাপে মন্ত্ৰালয়ে -গ্রাম স্বৰাজ ৰ্টেল (https://egramswaraj.gov.in) প্ৰস্তুত কৰিছে৷ এই ৰ্টেল প্ৰস্তুত কৰাৰ উদ্দেশ্য গাঁও পঞ্চায়তৰ দ্বাৰা পৰিচালিত বিভিন্ন কাম-কাজৰ ওপৰত নিৰীক্ষণ তথা সেইবোৰৰ অগ্ৰগতিৰ মূল্যায়ন কৰা৷

-গ্রাম স্বৰাজ র্টেলত গাঁও পঞ্চায়তসমূহৰ কামৰ পৰিকল্পনা, আর্থিক হিচাপ-নিকাচ আৰু নিৰীক্ষণমূলক বিষয়বোৰ অন্তৰ্ভূক্ত কৰা হৈছে৷ গাঁও পঞ্চায়তৰ কাম-কাজৰ ওপৰত সহজে নিৰীক্ষণ কৰিবলৈ তথা এই সম্পৰ্কীয় তথ্য বা বা-বাতৰি সহজে সংশ্লিষ্ট কর্তৃপক্ষৰ ওচৰত পোৱাৰ ক্ষেত্ৰত এই পৰ্টেলটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ আনকি, পঞ্চায়তৰ কাম-কাজ সম্পর্কীয় বিভিন্ন তথ্য, আর্থিক হিচাপ-নিকাচ, সম্পদ সৃষ্টিৰ বিস্তৃত বিৱৰণ আৰু গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনাৰ জৰিয়তে গ্ৰহণ কৰা কাৰ্যসূচীসমূহৰ সামগ্রিক তথ্য আদান-প্ৰদানৰ ক্ষেত্রত এই ৰ্টেলে এক কার্যকৰী নেটৱৰ্ক ব্যৱস্থা হিচাপে কাম কৰে৷

২০২০-২১ বিত্তীয় বৰ্ষ প্রায় .৪৩লাখ গাঁও পঞ্চায়তে -গ্রাম স্বৰাজ র্টেলৰ জৰিয়তে তেওঁলোকৰ গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা চূড়ান্ত কৰিছে৷ তদুপৰি, প্রায় .২৪লাখ গাঁও পঞ্চায়তে -গ্রাম স্বৰাজ অনলাইন পেমেণ্ট ব্যৱস্থাৰ জৰিয়তে বিত্তীয় লেনদেন সম্পন্ন কৰিছে৷

*****

APS/SG/DB



(Release ID: 1657142) Visitor Counter : 208