বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে সৃষ্টি হোৱা লেহেমীয়া অৱস্থা মোকাবিলা কৰিবলৈ ৰাজহ আৰু আর্থিক নীতি

Posted On: 20 SEP 2020 2:06PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ বাবে অর্থনীতিত দেখা দিয়া বিৰূপ প্ৰভাৱ মোকাবিলা কৰাৰ বাবে চৰকাৰে এলানি ৰাজহ আৰু আর্থিক নীতি গ্ৰহণ কৰিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ১২ মে’, ২০২০ত আত্মনির্ভৰ ভাৰত পেকেজৰ ঘোষণা কৰা হৈছে৷ দেশৰ মুঠ ঘৰুৱা উপাদনৰ ১০ শতাংশৰ সমপৰিমাণৰ ২০ লাখ কোটি টকাৰ এই বিশেষ আর্থিক তথা সর্বাংগীন পেকেজ ব্যৱসায় বাণিজ্য আৰু বিনিয়োগক সাহ যোগোৱাৰ বাবে গ্ৰহণ কৰা হৈছে। একেদৰে মেক-ইন-ইণ্ডিয়া কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰাৰ বাবেও এই পেকেজ গ্ৰহণ কৰা হৈছে৷ ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত এই সদৰি কৰে বিত্ত আৰু কর্পৰেট পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী অনুৰাগ সিং ঠাকুৰে৷

আত্মনির্ভৰ ভাৰত পেকেজেৰ অধীনত গ্ৰহণ কৰা পদক্ষেপসমূহ হৈছেঃ

১৷ খাদ্য, ৰন্ধন গেচৰ দৰে নিত্য প্ৰয়োজনীয় সামগ্রীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা, প্ৰবীণ নাগৰিক, বিধবা, দিব্যাংগ, মহিলা জনধন একাউণ্টধৰী, কৃষকৰ একাউণ্টত নগদ ধন হস্তান্তৰ, স্বাস্থ্য কর্মীসকলৰ বাবে বীমাৰ ব্যৱস্থা, এমজিএনৰেগাৰ কর্মীসকলৰ দৈনিক মজুৰি বৃদ্ধি, নির্মাণ শ্ৰমিকক সাহায্য, আন্তনিৰ্ভৰ গোটৰ সদস্যক ঋণ দিয়া, ইপিএফত টকা জমা দিয়াৰ পৰিমাণ হ্রাস, প্ৰধানমন্ত্রী গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ অধীনত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কামৰ ব্যৱস্থা কৰা৷

২৷ অতি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ(এমএছএমই) বাবে ঋণ আদায় নিশ্চিত কৰাৰ উদ্দেশ্যে হৈছে কোনো বন্ধকী অবিহনে ঋণ প্ৰদানৰ ব্যৱস্থা, যিবোৰ অতি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ প্ৰতিষ্ঠান সংকটৰ সন্মুখীন হৈছে সেইবোৰক বিশেষ ঋণৰ ব্যৱস্থা কৰা, ৰাষ্ট্রীয়কৃত বেংকসমূহৰ বাবে মূলধনৰ যোগান ধৰা আৰু অনাবেংকি বিত্তীয় প্ৰতিষ্ঠান, গৃহ ঋণ দাতা সংস্থা, অতি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানক সাহায্য আগবঢ়োৱা, এমএছএমইসমূহক মূলধনৰ যোগান ধৰা, কৃষকসকলক সহজে ঋণ দিয়া, পিএম স্বনিধি আঁচনিৰ জৰিয়তে পদপথৰ দোকানীসকলক ঋণ দিয়া ইত্যাদি৷

৩৷ বিভিন্ন নিয়ন্ত্ৰক ব্যৱস্থাপনা- কৰ জমা দিয়াকে ধৰি বিভিন্ন নথি জমা দিয়াৰ অন্তিম তাৰিখ পিছুৱাই দিয়া, জৰিমনাৰ সুদৰ হাৰ হ্ৰাস কৰা, বকেয়া জিএছটি জমা দিয়া, চৰকাৰৰ সংগ্ৰহ নীতিৰ পৰিৱর্তন, এমএছএমইৰ বকেয়া ক্ষিপ্ৰতাৰে প্ৰদান কৰা, এমএছএমইৰ বাবে ঋণ আইবিচি নিয়ম সহজ কৰা৷

৪৷ আত্মনির্ভৰ ভাৰত অভিযানৰ অধীনত বিভিন্ন আন্তঃগাঁথনিমূলক সংস্কাৰৰ কথা ঘোষণা কৰা হৈছে। কৃষি কণ্ডত বিভিন্ন নিয়মৰ বান্ধোনৰ পৰা মুক্ত কৰা, এমএছএমইৰ সংজ্ঞা সলনি কৰা, ৰাষ্ট্রীয়কৃত সংস্থাসমূহৰ নতুন নীতি, কয়লা খনিৰ বাণিজ্যিকীকৰণ, প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি, উদ্যোগৰ বাবে ভূমিৰ ব্যৱস্থা/ভূমি বেংক গঢ় দিয়া আৰু উদ্যোগ সম্পৰ্কীয় বিভিন্ন তথ্য প্ৰদান, সামাজিক পৰিকাঠামোৰ ক্ষেত্রত পুঁজি বৃদ্ধি কৰা, নতুন বিদ্যু ৰাজহ নীতি আৰু এই ক্ষেত্রৰ সংস্কাৰৰ বাবে ৰাজ্যসমূহক সাহযোগোৱা৷

মন্ত্রীগৰাকীয়ে লগতে জনায় যে বিত্তীয় দিশৰ ৰিজার্ভ বেংক প্ৰথাগত আৰু প্ৰথা বহির্ভূত বিভিন্ন ব্যৱস্থা গ্ৰহণৰ জৰিয়তে ভিড-১৯ৰ বাবে সৃষ্ট বিৰূপ পৰিস্থিতিৰ মোকাবিলা কৰাৰ চেষ্টা কৰিছে। নীতি হাৰ হ্ৰাস কৰা হৈছে। ফেব্রুৱাৰী মাহৰ পাছৰ পৰা অর্থনীতিত মূলধনৰ যোগান নিশ্চিত কৰাৰ বাবে ,৫৭,০০০ কোটি টকা দিয়া হৈছে৷

মন্ত্ৰী ঠাকুৰে লগতে কয় যে বিত্তীয় বজাৰত মূলধনৰ যোগান ধৰাৰ বাবে ৰিজার্ভ বেংকে এলানি উন্নয়ন তথা নিয়ন্ত্ৰণমূলক ব্যৱস্থা হাতত লৈছে। মূলধনৰ যোগান বৃদ্ধি, ডিজিটেল লেনদেনৰ হাৰ বৃদ্ধি কৰা আৰু বিত্তীয় খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰত সাহ যোগোৱা হৈছে৷ ১মে কৃষিকে আদি কৰি বিভিন্ন ক্ষেত্রৰ ঋণৰ বাবে নতুন ব্যৱস্থা ঘোষণা কৰা হৈছে৷ ঋণদাতা সংস্থাসমূহক ১মার্চৰ পৰা ৩১ আগষ্টলৈকে মাহ ৰেটৰিয়ামৰ সুবিধা দিয়া হৈছে৷ ইয়াৰ ফলত ঋণদাতা সংস্থাসমূহৰ সুবিধা হৈছে৷

এই পদক্ষেপসমূহ সঠিকভাবে ৰূপায়ণ হৈছে নে নাই সেই ক্ষেত্ৰত নিয়মীয়াকৈ নিৰীক্ষণ কৰা হৈছে৷ ইয়াৰ কেতবোৰ সফলতা হৈছে-

(i) প্ৰধানমন্ত্রী গৰীৱ কল্যাণ পেকেজৰ অধীনত ছেপ্টেম্বৰ, ২০২০লৈকে প্রায় ৪২ কোটি দৰিদ্ৰ লোকক ৬৮,৮২০ কোটি টকাৰ বিত্তীয় সাহাৰ্য আগবঢ়োৱা হৈছে৷

(ii) এমএছএমইকে ধৰি বিভিন্ন ব্যৱসাৰৰ ক্ষেত্রত ঋণ আদায় নিশ্চিত কৰাৰ বাবে বন্ধকী অবিহনে লাখ কোটি টকাৰ ঋণৰ ব্যৱস্থা কৰা হৈছে আৰু অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বাবে আংশিক ঋণ নিশ্চয়তা প্ৰকল্প .০ৰ জৰিয়তে ৪৫,০০০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে৷

(iii) অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান, গৃহ ঋণ দাতা সংস্থা, অতি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে ৩০,০০০ কোটি টকাৰ বিশেষ মূলধন আঁচনিত অনুমোদন জনোৱা হৈছে৷

(iv) নাবার্ডৰ জৰিয়তে ৩০,০০০ কোটি টকাৰ অতিৰিক্ত জৰুৰীকালীন কার্যকৰী মূলধনৰ ব্যৱস্থা কৰা হৈছে৷ ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰসমূহ শতাংশৰ পৰিৱর্তে শতাংশ ঋণ পাৰিব৷

(v)টিডিএছ/টিচিএছৰ হাৰ হ্ৰাস কৰি ৫০,০০০ কোটি টকাৰ মূলধনৰ ব্যৱস্থা কৰা হৈছে। লকডাউনৰ সময়ত চৰকাৰৰ বিভিন্ন সহায়ক নীতিৰ ফলত জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বিভিন্ন নীতি গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত কোটি উদ্যোগ প্ৰতিষ্ঠানৰ উন্নতি পৰিলক্ষিত হৈছে। -ৱে বিল, খাৰিফ শস্যৰ বীজ ৰোপণ, বিদ্যুতৰ ব্যৱহাৰ, ৰেলৰ জৰিয়তে সামগ্ৰী পৰিবহণ কৰা, যাত্রীবাহী গাড়ীৰ বিক্রীৰ সংখ্যা বৃদ্ধি পাইছে৷

****

RM/KMN/DB



(Release ID: 1657141) Visitor Counter : 223