ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

অনলাইনৰ পৰা ১৬০ টা ভুৱা খাদী প্ৰডাক্ট অপসাৰণ কৰিবলৈ ফ্লিপকাৰ্ট, এমাজম, স্নেপডিলক অহৰহ হেঁচা কেভিআইচিৰ

Posted On: 19 SEP 2020 2:26PM by PIB Guwahati

“খাদী”ৰ ব্ৰেণ্ড নামত প্ৰডাক্ট বিক্ৰীৰ জড়িত প্ৰায় ১৬০ টা ৱেব লিংক অপসাৰণৰ অৰ্থে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি) এ এমাজন, ফ্লিপকাৰ্ট, স্নেপডিলৰ দৰে ই-কমাৰ্ছ পৰ্টেলসমূহক অহৰহ হেঁচা দিছে। আজি এক বিবৃতিত, কেভিআইচিয়ে কয় যে শেহতীয়াভাৱে কেভিআইচিয়ে ১০০০ ৰোধিক ফাৰ্মলৈ আইনী জাননী প্ৰৰণ কৰিছে। এই ফাৰ্মসমূহে “খাদী ইণ্ডিয়া”ৰ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰি তেওঁলোকৰ প্ৰডাক্ট বিক্ৰী কৰি অহাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ খ্যাতি হ্ৰাস পায় আৰু খাদী শিল্পী সকলৰ কৰ্মত প্ৰভাৱ পৰে।

বিবৃতিটোত তদুপৰি উল্লেখ যে কেভিআইচিৰ আইনী জাননীৰ পাছত, খাদী গ্ল’ৱেলে ইয়াৰ ৱেবচাইট www.khadiglobalstore.com ব্যৱহাৰ কৰাটো বন্ধ কৰে আৰু টুইটাৰ, ফেচবুক আৰু ইন্সটাগ্ৰামত থকা ইয়াৰ ছ’চিয়েল মিডিয়া পেজটো অপসাৰণ কৰে আৰু “খাদী” ব্ৰেণ্ড নাম ব্যৱহাৰ কৰা এনে বিষয়বস্তু আৰু প্ৰডাক্ট অপসাৰণৰ বাবে ১০-দিন সময় বিচাৰে। কেভিআইচিৰ এই ব্যৱস্থাৰ ফলত ভুৱা খাদী প্ৰডাক্ট বিক্ৰী কৰি অহা দেশৰ বহু সংখ্যক ষ্ট’ৰ বন্ধ হৈ পৰিছে।

এই ই-কমাৰ্ছ পৰ্টেলসমূহে খাদী মাস্ক, হাৰ্বেল শ্বপ, চেম্পু, কছমেটিকছ, হাৰ্বেল মেহেন্দী, জেকেট, কূৰ্তাৰদৰে বহু প্ৰডাক্ট “খাদী” ব্ৰেণ্ড নাম ব্যৱহাৰ কৰি ভিন্ন ছেলাৰৰ জৰিয়তে বিক্ৰী কৰি আহিছিল। এইসমূহে উক্ত পণ্যসমূহ “খাদী” প্ৰডাক্ট বুলি অনলাইন ক্ৰেতাসকলৰ মাজত এটা মিছা প্ৰভাৱ বিস্তাৰ কৰিছিল। কেভিআইচিয়ে তদুপৰি উল্লেখ কৰে যে অপসাৰিত কৰা গৰিষ্ঠসংখ্যক এনে প্ৰডাক্ট আয়ুস ই-ট্ৰেচাৰ্ছৰদ্বাৰা বিক্ৰী কৰা হৈছিল। এই ফাৰ্মখনে কেভিআইচিক নিশ্চিত কৰি দিয়ে যে “ভগদছ খাদী প্ৰডাক্ট” নামেৰে বিক্ৰী কৰা ভিন্ন প্ৰডাক্টৰ বাবে ই ১৪০ টা লিংক অপসাৰিত কৰি দিছে।

ইয়াত আকৌ কয় যে খাদী প্ৰডাক্ট ক্ৰয় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছৰপৰাই যোৱা কেইটামান বছৰত খাদীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাতে খাদী ট্ৰেডমাৰ্ক উলংঘনৰ মাত্ৰাও বৃদ্ধি হৈ পৰে। এই সুযোগৰ অপব্যৱহাৰেৰে, বহু অনলাইন ছেলাৰে খাদীৰ নাম লৈ যিকোনো প্ৰডাক্ট বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। একেদৰে, ভুৱা খাদী প্ৰডাক্ট বিক্ৰী কৰা বিপণী ভিন্ন নগৰসমূহত কাঠফুলাৰদৰে গঢ়ি উঠে। শেহতীয়া মাহকেইটাত, বিশেষকৈ, ক’ভিড-১৯ সৃষ্ট লকডাউনৰ সময়ছোৱাত, এনে অসাধু অনলাইন ছেলাৰৰ সংখ্যা বৃদ্ধি পায়। অৱশ্যে, অনলাইন গ্ৰাহকে প্ৰকৃত খাদী প্ৰডাক্ট ক্ৰয় কৰিব পৰাটো নিশ্চিত কৰিবলৈ, কেভিআইচিয়ে ৩০০ টা প্ৰটাক্ট অনলাইন বিক্ৰীৰ বাবে ইয়াৰ www.kviconline.gov.in/khadimask শীৰ্ষক ই-পৰ্টেলটো মুকলি কৰে।

কেভিআইচিৰ অধ্যক্ষ শ্ৰী বিনয় কুমাৰ চেক্সেনাই কয়, কেভিআইচিয়ে উলংঘাকাৰীক খাদীৰ নামত প্ৰডাক্ট বিক্ৰী বন্ধ কৰা নহ’লে গুৰুতৰ ক্ষতিৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হোৱা এই দুটা বিকল্প আগবঢ়াইছে। “খাদী শিল্পীসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ ভিন্ন ফাৰ্মলৈ আইনী জাননী জাৰি কৰা হৈছে। এনে ট্ৰেডমাৰ্ক উলংঘাৰ বাবে প্ৰকৃত হস্তশিল্পজাত প্ৰডাক্ট প্ৰস্তুত কৰি থকা আমাৰ শিল্পীসকলৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিছে”, চেক্সেনাই কয়।

“খাদী ইণ্ডিয়া” ট্ৰেডমাৰ্ক অধিকাৰ ফলপ্ৰসূ নিৰীক্ষণৰ অৰ্থে কেভিআইচিয়ে বিশিষ্ট অনলাইন এনফ’ৰ্চমেন্ট প্লেনৰ প্ৰতিষ্ঠাপন কৰিছে। ই সমৰ্পিত লিগেল টীম গঠন কৰিছে।

******

RCJ/IA/SB



(Release ID: 1656873) Visitor Counter : 192