ভাৰতীয় প্ৰতিযোগিতা আয়োগ

কাইচে ডে ড়িপো এট প্লেচমেণ্ট ডু কুৱেবেক(চিডিপিকিউ) আৰু বম্বাৰডায়াৰ উদ্যোগ (বম্বাৰডায়াৰ)ৰ দ্বাৰা বম্বাৰডায়াৰ পৰিবহনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ লগতে আলষ্টম এছএৰ ক্ৰমে ১৮% আৰু ৩% শ্বেয়াৰ মুলধন অধিগ্ৰহণত অনুমোদন চিচিআইৰ

পোষ্ট কৰা হৈছে: 19 SEP 2020 10:34AM by PIB Guwahati

ভাৰতৰ প্ৰতিযোগিতা আয়োগে(চিচিআই) কোম্পানী আইন, ২০০২ৰ ৩১(১) ধাৰাৰ অধীনত কাইচে ডে ড়িপো এট প্লেচমেণ্ট ডু কুৱেবেক(চিডিপিকিউ) আৰু বম্বাৰডায়াৰ উদ্যোগ (বম্বাৰডায়াৰ)ৰ দ্বাৰা বম্বাৰডায়াৰ পৰিবহনৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ লগতে আলষ্টম এছএৰ ক্ৰমে ১৮% আৰু ৩% শ্বেয়াৰ মুলধন অধিগ্ৰহণত অনুমোদন জনাইছে৷

আলষ্টম হৈছে এটা ফ্ৰান্সৰ নিগম, যিটোৱে বিশ্বজুৰি ৰে’ল পৰিবহণৰ ক্ষেত্ৰত ব্যাপক সমাধান দি আহিছে৷ ভাৰতত এই উদ্যোগটোৱে ইয়াৰ অংশীদাৰী প্ৰতিষ্ঠান আলষ্টম মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড, আলষ্টম ছিষ্টেম প্ৰাইভেট লিমিটেড, আলষ্টম ট্ৰান্সপ’ৰ্ট ইণ্ডিয়া লিমিটেড আৰু মাধেপুৰ ইলেক্ট্ৰিক ল’ক’মটিভ প্ৰাইভেট লিমিটেড জৰিয়তে ছিগনেলিঙৰ সমাধান, ৰে’লৰ বিদ্যুতীকৰণ, ৰোলিং ষ্টক(ইঞ্জিন আৰু মেট্ৰ’), ট্ৰেকৰ কাম, মেৰামেতি সেৱা সামগ্ৰী নিৰ্মাণ আৰু যোগান ধৰাৰ কাম কৰে৷

বম্বাৰডায়াৰ হৈছে এটা কানাডীয়ান নিগম, যিটোৱে বিশ্বজুৰি বিমান আৰু ৰে’ল পৰিবহণ উদ্যোগৰ ব্যৱসায় কৰি আহিছে৷

বম্বাৰডায়াৰ পৰিবহণ হৈছে বম্বাডায়াৰৰ এক বিশ্বজোৰা ৰে’ল সমাধান শাখা৷ ই ব্যাপক হাৰত ৰে’লৰ সমাধান দিয়ে৷ ভাৰতত বম্বাৰডায়াৰে ইয়াৰ অংশীদাৰী বম্বাডায়াৰ ট্ৰান্সপৰটেশ্যন ইণ্ডিয়া প্ৰাইভেট মিলিটেডৰ জৰিয়তে ৰে’ল বাহন, পপালছন, নিয়ন্ত্ৰণ সঁজুলি আৰু ছিগনেলিঙৰ সমাধান দিয়ে৷

চিডিপিকিউ হৈছে বিশ্বৰ এক দীৰ্ঘকালীন প্ৰতিষ্ঠানিক বিনিয়োগকৰ্তা৷ ই বিশেষকৈ চৰকাৰী আৰু অৰ্ধচৰকাৰী পেন্সন আৰু বীমা প্লেনত পুঁজি যোগান ধৰে৷ ই বৃহ বিত্তীয় বজাৰ, ব্যক্তিগত সমাংশ, স্থায়ী উোপাৰ্জন, আন্তঃগাঁথনি আৰু ৰিয়েল ইষ্টেটত বিনিয়োগ কৰে৷

চিচিআয়ে ইয়াৰ বিস্তৃত নিৰ্দেশ শীঘ্ৰে প্ৰকাশ কৰিব৷

****

RM/KMN/DB


(ৰিলিজ আই ডি : 1656613) অতিথি কক্ষ : 199
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil , Telugu