উপ-ৰাষ্ট্ৰপতি সচিবালয়
উপ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপত নেল্লুৰ জিলাত ধান সংগ্ৰহৰ লক্ষ্য বৃদ্ধি কৰিবলৈ কেন্দ্ৰৰ সন্মতি প্ৰকাশ
ভাৰত চৰকাৰৰ তিনি সচিবেৰে উপ ৰাষ্ট্ৰপতিৰ আলোচনা
Posted On:
18 SEP 2020 6:45PM by PIB Guwahati
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে নেল্লুৰ জিলাত ২৩.৩৭ লাখ মেট্ৰিক টন ধান সংগ্ৰহৰ লক্ষ্য পৰিপূৰণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে আৰু ২০২০ৰ ৩১ অক্টোবৰ পৰ্যন্ত লেল্লুৰ জিলাত ৰবি শস্যৰ সময়ছোৱাত ধান সংগ্ৰহৰ সময়সীমা সম্প্ৰসাৰিত কৰিছে।
জিলাখনৰ কৃষক ৰাইজে চৰকাৰখনক লক্ষ্য আৰু সংগ্ৰহৰ সময়সীমা সম্প্ৰসাৰণ আৰু বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছিল।
ভাৰত চৰকাৰৰ তিনিজন সচিব যথাঃ খাদ্য আৰু ৰাজহুৱা বিতৰণৰ সচিব; কৃষি সচিব আৰু গৃহ সচিবেৰে যোৱা দুদিন ধৰি আলোচনাৰ জৰিয়তে ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৱে হস্তক্ষেপ কৰাতে এনে সিদ্ধান্ত গ্ৰহণ কৰা যায়। নেল্লুৰ জিলাৰ ধান সংগ্ৰহৰে সম্পৰ্কীয় প্ৰসংগটো তেওঁৰ দৃষ্টিগোচৰ হোৱাতে এই পদক্ষেপ গ্ৰহণ কৰে।
সংগ্ৰহৰ অৰ্থে ইউনিফৰ্ম স্পেচীফিকেশ্যনৰ শিথিলতাৰ বাবে হোৱা ক্ষতিৰ মূল্যায়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ টীম গঠনৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত, কৃষি সচিবে উপ ৰাষ্ট্ৰপতিক অৱগত কৰে যে প্ৰবল বৃষ্টিপাতৰ বাবে হোৱা ক্ষতিক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰিব নোৱাৰি আৰু সেয়ে ৰাজ্য চৰকাৰখনৰ সৈতে থকা সাহাৰ্য্য় পুঁজিৰপৰা কৃষক সমাজক সাহাৰ্য্য পুঁজি আগবঢ়োৱা হৈছে।
পূব গোদাবৰী জিলাস্থিত এফচিআই ডিপোত সিদ্ধ চাউল গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰখনৰ অনুৰোধৰ পৰিপ্ৰেক্ষিতত, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ সচিবে উপ ৰাষ্ট্ৰপতিক জনাই যে যদি পৰিবহণ ব্যয় ৰাজ্যৰদ্বাৰা বহন কৰা যায়, এই প্ৰস্তাৱটোত মন্ত্ৰালয়ৰ কোনো আপত্তি নাই। পৰিবহণৰ বাবে মন্ত্ৰালয়ে ৰেলৱেৰ সৈতে সহযোগিতাৰে প্ৰয়োজনীয় ৰেকৰ ব্যৱস্থা কৰিব।
ইতিপূৰ্বে, আগষ্টৰ শেষৰফালে, মন্ত্ৰালয়ে নেল্লুৰ জিলাত ধান সংগ্ৰহৰ সময়সীমা এমাহ বৃদ্ধি কৰি ২০২০ৰ ৩০ ছেপ্টেম্বৰ কৰিছিল।
*************
VRRK/MS/MSY/DP/SB
(Release ID: 1656477)