দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ পিছৰ পৰ্যায়ত দক্ষতা উন্ননয় কাৰ্যসূচীত ব্যাপক সালসলনি

प्रविष्टि तिथि: 18 SEP 2020 12:39PM by PIB Guwahati

ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগমৰ মাধ্যমেৰে কেন্দ্ৰীয় দক্ষতা উন্নয়ন আৰু উদ্যোগ মন্ত্ৰালয়ে ক’ভিড-১৯ লকডাউনৰ মাজতে ই-স্কিল ইণ্ডিয়া প্লেটফৰ্মত অনলাইন দক্ষতা বৃদ্ধিৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে।  ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আগন্তুক ২১ ছেপ্টেম্বৰৰ পৰা শাৰীৰিকভাৱে দক্ষতা প্ৰশিক্ষণ কাৰ্যক্ৰমণিকা পৰিচালনাৰো অনুমতি দিছে। সেই অনুসৰি পুনৰায় প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰছিডিঅ’ৰ জাৰি কৰিছে।

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত চলিত বছৰৰ ১৭ মাৰ্চ পৰ্যন্ত হ্ৰস্বম্যাদী প্ৰশিক্ষণৰ অধীনত ৪২.০২ লাখ প্ৰাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু ৩৩.৬৬ লাখ প্ৰাৰ্থীয়ে প্ৰশিক্ষণ তথা প্ৰমাণপত্ৰও লাভ কৰিছে। প্ৰমাণপত্ৰ লাভ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত ১৭.৫৪ লাখ প্ৰাৰ্থীয়ে ইতিমধ্যেই কৰ্মসংস্থানৰো সুযোগ লাভ কৰিছে। ইয়াৰ উপৰিও ৪৯.১২ লাখ প্ৰাৰ্থী, যিয়ে ইতিমধ্যেই দক্ষতা অৰ্জন  কৰিছে, কিন্তু এতিয়াও প্ৰমাণপত্ৰ লাভ কৰা নাই সেইসকল প্ৰাৰ্থীৰ পূৰ্বৱৰ্তী প্ৰশিক্ষণৰ স্বীকৃত কাৰ্যসূচীৰ অধীনত স্বীকৃতি প্ৰদানত গুৰুত্ব দিয়া হৈছে। প্ৰমাণপত্ৰ লাভ কৰা প্ৰাৰ্থীসকলক কৰ্মক্ষেত্ৰত সুযোগ প্ৰদান কৰিবৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 

আঞ্চলিক দক্ষতা পৰিষদৰ সহযোগিতাত প্ৰশিক্ষণ প্ৰদানকাৰী/ প্ৰশিক্ষণ কেন্দ্ৰবোৰত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষণ কেন্দ্ৰবোৰত আৰ্থিক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। প্ৰাৰ্থীসকলক ন্যূনতম যোগ্যতাৰ অধিকাৰী কৰি তুলিবলৈ প্ৰশিক্ষণ প্ৰদানকাৰী/প্ৰশিক্ষণ কেন্দ্ৰবোৰ আগুৱাই আহিছে, যাতে এই প্ৰাৰ্থীসকলে কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰে, তাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই প্ৰশিক্ষণ প্ৰদানকাৰী/প্ৰশিক্ষণ কেন্দ্ৰবোৰৰ পৰা বহু সংখ্যক প্ৰাৰ্থীয়ে যাতে কৰ্মসংস্থানৰ সুযোগ লাভ কৰে তাৰ বাবেও লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে।

 

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য দিয়ে দক্ষতা উন্নয়ন আৰু উদ্যোগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী আৰ কে সিং-এ।

 

****

YKB/SK/RD


(रिलीज़ आईडी: 1656476) आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , Manipuri , Bengali , Punjabi , Tamil , Telugu , Kannada