স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰালয়ে আয়োজন কৰে আলোচনাচক্ৰ

স্বাস্থ্য সচিবে ক’ভিড-১৯ৰ সমযছোৱাত স্বাস্থ্য কৰ্মী আৰু ৰোগীৰ সুৰক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ আলোচনা কৰে

পোষ্ট কৰা হৈছে: 17 SEP 2020 7:35PM by PIB Guwahati

দ্বিতীয় বাৰ্ষিক বিশ্ব ৰোগী সুৰক্ষা দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰণালী সম্পদ কেন্দ্ৰই এখন ৱেবিনাৰ আয়োজন কৰে। ৰোগীৰ লগতে স্বাস্থ্যসেৱা কৰ্মীৰ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি এই ৱেবিনাৰৰ আয়োজন কৰা হয়।

ভিড-১৯ মহামাৰীয়ে স্বাস্থ্যসেৱা কৰ্মীসকললৈ বৃহৎ প্ৰত্যাহ্বান আৰু আশংকা কঢ়িয়াই আনিছে। ফ্ৰণ্ট-লাইন স্বাস্থ্য কৰ্মীসকলে ৰোগীৰ যতন লোৱাৰ সময়ত এই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। চলিত বৰ্ষৰ ৰোগী সুৰক্ষা দিৱসৰ বিষয়বস্তু ধাৰ্য কৰা হৈছে-স্বাস্থ্য কৰ্মীৰ সুৰক্ষাঃ ৰোগীৰ সুৰক্ষাৰ বাবে এক প্ৰাথমিকতা। একেদৰে, এই দিৱসৰ শ্লোগান হস্বাস্থ্য কৰ্মীক সুৰক্ষিত কৰক, ৰোগীক সুৰক্ষিত কৰক।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য সচিব শ্ৰী ৰাজেশ ভূষণে ৱেবিনাৰখন উদ্বোধন কৰে। ভাষণত তেওঁ উল্লেখ কৰে যে ভাৰত চৰকাৰে স্বাস্থ্য কৰ্মীসকলৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। তেনে কিছুমান পদক্ষেপৰ ভিতৰত আছে পিপিই কীট আৰু মাস্কৰ উপলব্ধতা নিশ্চিত কৰা, ৫০লাখ টকাৰ বীমা আঁচনি, কাৰ্যক্ষম হেল্পলাইন আদি।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব(নীতি) শ্ৰী বিকাশ শীলে স্বাস্থ্যসেৱাৰ মান আৰু সুৰক্ষাৰ প্ৰসাৰৰ বাবে তেওঁলোকে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়ে আলোকপাত কৰে।

ৱেবিনাৰত স্বাস্থ্য মন্ত্ৰালয়ৰ কেইবাটাও সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিকে ধৰি প্ৰায় ১২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

****

MV/MS


(ৰিলিজ আই ডি : 1655957) অতিথি কক্ষ : 201
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Manipuri , Tamil , Telugu