জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড মহামাৰীৰ সময়ত জনজাতি সম্প্ৰদায়ক সহায় কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ

Posted On: 17 SEP 2020 4:11PM by PIB Guwahati

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত অর্থনীতিৰ গতি পুনৰ ঘূৰাই অনাৰ বাবে ৰোডমেপ প্ৰস্তুত কৰাৰ লগতে সেয়া ৰূপায়ণ কৰাৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ এটা দল গঠন কৰে৷ লকডাউন শিথিল কৰাৰ পাছত দেশৰ বনাঞ্চলত বসবাস কৰা অনুসূচীত জনজাতি আৰু অন্যান্য জনজাতিৰ পৰা কাঠৰ বাহিৰ অন্যান্য বনজ সামগ্ৰী/সৰু বনজ পাদক সামগ্রী সংগ্ৰহ আৰু সংসাধনৰ বাবে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুৰোধৰ ভিত্তিত কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এক নির্দেশনা জাৰি কৰে৷

একেদৰে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ক’ৰোনা মহামাৰীৰ জটিল পৰিস্থিতিত জনজাতি সম্প্ৰদায়ে প্ৰস্তুত কৰা সৰু বনজ সামগ্রীসমূহৰ ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত জনজাতীয় লোকসকলৰ উপাৰ্জন বৃদ্ধি পাইছে। আনকি জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলে সংগহ কৰা কৃষিজাত আৰু উদ্যান শস্যৰ সমৰ্থিত মূল্যও বৃদ্ধি কৰিছে। ক’ভিড মহামাৰী মোকাবিলা কৰাৰ লক্ষ্যৰে মন্ত্ৰালয়ে অনুসূচীত জনজাতি লোকসকলৰ জীৱন, জীৱিকা আৰু স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰত একাধিক পৰিকল্পনা গ্ৰহণ কৰিছে৷ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি মন্ত্ৰালয়ে অনুসূচীত জনজাতি বসতিপ্ৰধান অঞ্চলত কমিউনিটী কিচেনৰ ব্যৱস্থা আৰম্ভ কৰি তেওঁলোকক খাদ্য সামগ্রী প্ৰদানৰ সু-ব্যৱস্থা কৰা হৈছে৷ তদুপৰি, অনুসূচীত জনজাতীয় লোকসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ আর্থিক সাহায্য প্ৰদান কৰা হৈছে৷ অনুসূচীত জনজাতি লোকসকলৰ পাদিত সামগ্রী ট্রাই ফেডেৰমৰ জৰিয়তে বজাৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে৷ তেওঁলোকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে সামগ্ৰী সংগ্ৰহ, বিক্রী আৰু যোগান শৃংখলা পৰিচালনাৰ বাবে অনলাইন প্লেটফর্মৰ সুবিধা আৰম্ভ কৰা হৈছে৷ মীনপালন, কাঠফুলাৰ খেতি, মৌ পালন ইত্যাদি ক্ষেত্রত সৰু সৰু গোট গঠন কৰাত সহায় কৰা হৈছে৷ আনকি অনুসূচীত জনজাতিৰ তৰুণ যুৱক-যুৱতীসকলৰ দক্ষতাৰ বিকাশৰ দিশতো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

গ্রামোন্নয়ন মন্ত্ৰালয়ৰ সহযোগিতাত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গাঁও পঞ্চায়ত আৰু গ্রামীণ পৰ্যায়ত একাধিক পদক্ষেপ গ্ৰহণ কৰিছে৷ নীতি আয়োগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয় আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতি সম্প্ৰদায়ৰ স্বাস্থ্যৰ ক্ষেত্ৰত ফলপ্ৰসূ পৰিকল্পনা গ্ৰহণ কৰিছে৷ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ১৭৭খন জনজাতি বসতিপ্ৰধান জিলাত স্বাস্থ্য প’র্টেল আৰম্ভ কৰিছে৷

ৰাজ্যসভাত আজি এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্রীমতী ৰেণুকা সিং ছাৰুতাই এই তথ্য সদৰি কৰে৷

*****



(Release ID: 1655951) Visitor Counter : 208