ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

গ্ৰাম্যাঞ্চলত অতিক্ষুদ্ৰ-শিল্পায়ন প্ৰক্ৰিয়াৰ পুনৰুজ্জীৱনত অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া শিল্পোদ্যোগ মন্ত্ৰালয়ৰ প্ৰয়াস

Posted On: 17 SEP 2020 1:05PM by PIB Guwahati

কেইদিনমান আগতে অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া শিল্পোদ্যোগ মন্ত্ৰালয়ে ধুপকাঠি বনাবলৈ আগ্ৰহী শিল্পীসকলৰ সহায়ৰ বাবে দিয়া সুযোগ-সুবিধা দুগুণ কৰাৰ কথা ঘোষণা কৰিছিল। ধুপকাঠি বনোৱাৰ সৈতে জড়িত শিল্পীসকলৰ সুযোগ-সুবিধা বঢ়োৱাৰ প্ৰয়াসবিলাকক আগবঢ়াই লৈ যোৱাৰ সমান্তৰালভাৱে, মন্ত্ৰালয়ে আৰু দুটা কাৰ্যসূচী ৰূপায়ণৰ বাবে নতুন নীতি-নিৰ্দেশ প্ৰকাশ কৰিছে। এই কাৰ্যসূচী দুটা হৈছে-মৃ শিল্প আৰু মৌ পালন।

 

মন্ত্ৰালয়ৰ এই দুটা উদ্যোগ সুফলভোগী-কেন্দ্ৰিক স্বনিযুক্তিৰ মাধ্যমত উপাৰ্জনৰ এটা উপায়। এই ধৰণৰ কাৰ্যসূচী গ্ৰহণৰ উদ্দেশ্য হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযানত অবদান ৰাখিবলৈ তৃণমূল স্তৰৰ অৰ্থনীতিৰ পুনৰুজ্জীৱন ঘটোৱা।

 

মৃ শিল্প ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে একাধিক সুযোগ-সুবিধা প্ৰদান কৰিছে। এই উদ্দেশ্যে চৰকাৰে মৃ-শিল্প সামগ্ৰী তৈয়াৰৰ যন্ত্ৰ পৰিচালনাৰ প্ৰশিক্ষণ, পৰম্পৰাগত মৃ শিল্পীসকলক প্ৰযুক্তিগত দিশবিলাকৰ সম্পৰ্কে সচেতন কৰা আৰু স্বনিৰ্ভৰ গোষ্ঠীবিলাকত মৃ শিল্প বহিৰ্ভূত শিল্পীসকলৰ মাটিৰে নিৰ্মিত বিভিন্ন সামগ্ৰী উপাদনৰ উসাহ যোগোৱা।

 

মৃ শিল্পীসকলৰ উপাৰ্জন বঢ়াবলৈ প্ৰযুক্তিগত বিষয়বিলাকৰ সম্পৰ্কত সম্যক ধাৰণা গঢ়ি তুলি নতুন নতুন সামগ্ৰী তৈয়াৰ কৰাত উসাহ যোগোৱা আৰু তেওঁলোকৰ উপাদন ব্যয় কমোৱা আৰু প্ৰশিক্ষণৰ মাধ্যমত মৃ শিল্পীসকলক আধুনিক/স্বয়ংক্ৰিয় সৰঞ্জাম সম্পৰ্কে অৱগত কৰা। নতুন ধৰণৰ মৃ-সামগ্ৰী উদ্ভাৱনত আৰু কেঁচা মালৰ অধিক সৃজনীশীল প্ৰয়োগ ঘটাই আন্তৰ্জাতিক সামগ্ৰী উপাদন কৰা। মৃ শিল্পীসকলৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আওতাত একাধিক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। যিবোৰ ক্ষেত্ৰত প্ৰশিক্ষণ কাৰ্যসূচীৰ আওতাত অগ্ৰাধিকাৰ দিয়া হৈছে তাৰ মাজত আছে-টাব, পানী ভৰোৱা কলহ, পানীৰ বটল, সুসজ্জিত মৃ সামগ্ৰী প্ৰভৃতি।

 

এই কাৰ্যসূচীৰ ফলত ৬,০৭৫জনৰ অধিক পৰম্পৰাগত আৰু প্ৰথা-বহিৰ্ভূত মৃ শিল্প, গাঁৱৰ নিবনুৱা যুৱক/প্ৰবাসী শ্ৰমিকসকল লাভবান হ'ব। এই কাৰ্যসূচীৰ বাবে ২০২০-২১ বিত্তীয় বৰ্ষত ১৯ কোটি ৫০ লাখ টকা ব্যয় কৰা হ'ব। ইয়াৰ উপৰিও তেৰাকোটা, ৰে'ড ক্লে পটাৰী আদি ক্ষেত্ৰত ক্লাষ্টাৰ স্থাপনৰ বাবে অতিৰিক্ত ৫০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

 

মৌ পালন কাৰ্যসূচীৰ আওতাত চৰকাৰে মৌমাখি ভৰ্তি বাকচ আৰু অন্যান্য সামগ্ৰী সৰবৰাহ কৰিব। ইয়াৰ উপৰিও,  মৌ পালকসকলক মৌমাখিৰ বাকচ দিয়া হ'ব। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান যিবোৰ জিলাত ৰূপায়িত হৈছে, তাৰ প্ৰবাসী শ্ৰমিকসকলেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব। মৌ পালনৰ বাবে ৫ দিনৰ প্ৰশিক্ষণ দিয়া হ'ব যাতে সুফলভোগীসকলে মৌ পালনৰ আধুনিক পদ্ধতিবিলাক সম্পৰ্কত অৱগত হ'ব পাৰে।

 

নতুন এই কাৰ্যসূচী দুটা সন্দৰ্ভত মন্ত্ৰালয়ৰ বিষয়াসকলে জনাইছে যে কৰ্ম সংস্থাপনৰ মাধ্যমত অতিৰিক্ত আয়ৰ উসৰ সন্ধানত ভাৰতক আত্মনিৰ্ভৰ কৰি তোলাটোৱেই ইয়াৰ মূল উদ্দেশ্য।

 

২০২০-২১ বিত্তীয় বৰ্ষত এই কাৰ্যসূচীৰ আওতাত মুঠ ২,০৫০জন মৌ পালনকাৰী, ক্ষুদ্ৰ শিল্পোদ্যোগী, কৃষক আৰু নিবনুৱা যুৱক তথা আদিবাসীসকল লাভবান হ'ব। ইতিমধ্যে এই কাৰ্যসূচী ৰূপায়ণৰ বাবে ১৩ কোটি টকা অৰ্থ সাহায্য মঞ্জুৰ কৰা হৈছে। ইয়াৰ উপৰিও, মৌ পালকসকলৰ বাবে মধু সংগ্ৰহ আৰু সংৰক্ষণ ক্লাষ্টাৰ গঢ়ি তুলিবলৈ অতিৰিক্ত ৫০ কোটি টকাৰ ব্যৱস্থা কৰা হৈছে।

 

মন্ত্ৰালয়ৰ ৱেবছাইটত এই কাৰ্যসূচী দুটাৰ নীতি-নিৰ্দেশিকা সম্বলিত বিস্তাৰিত বিৱৰণ ইংৰাজী আৰু হিন্দীত দিয়া আছে। লগতে সামাজিক গণ-মাধ্যমবিলাকতো প্ৰকল্প দুটা সম্পৰ্কে ব্যাপক প্ৰচাৰ চলোৱা হৈছে।

 

******

RCJ/RNM/IA



(Release ID: 1655813) Visitor Counter : 193