প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু মোজাম্বিকৰ ৰাষ্ট্ৰপতি এইচ.ই. ফিলিপ জেকিন্টো ন্যুছিৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 03 JUN 2020 7:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মোজাম্বিকৰ ৰাষ্ট্ৰপ্ৰতি ফিলিপ জেকিন্টো ন্যুছিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

 

দুই ৰাষ্ট্ৰনেতাই সমগ্ৰ বিশ্বতে চলি থকা ক’ভিড-১৯ মহামাৰীজনিত প্ৰত্যাহ্বানবোৰক লৈ আলোচনা কৰে এই টেলিফোনিক বাৰ্তালাপৰ মাজত। প্ৰধানমন্ত্ৰী মোদীয়ে মোজাম্বিকৰ স্বাস্থ্য সংকটকালত ভাৰতৰ তৰফৰ পৰা কৰা সাহায্য, বিশেষকৈ প্ৰয়োজনীয় ঔষধ আৰু সা-সৰঞ্জাম প্ৰদান কৰি সহায়তাৰ ইচ্ছা ব্যক্ত কৰে। ৰাষ্ট্ৰপতি ন্যুছিয়েও স্বাস্থ্যসেৱা আৰু ঔষধ সৰবৰাহৰ ক্ষেত্ৰত উভয় দেশৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

 

দুয়োগৰাকী নেতাই বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ মোজাম্বিকৰ উন্নয়নত ভাৰতৰ বিনিয়োগ সন্দৰ্ভতো আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মোজাম্বিকৰ কয়লা আৰু প্ৰাকৃতিক গেছক্ষেত্ৰত ভাৰতীয় সংস্থাবোৰক প্ৰদান কৰা প্ৰতিশ্ৰুতি উল্লেখ কৰি আফ্ৰিকাৰ সৈতে ভাৰতৰ সামগ্ৰিক অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে মোজাম্বিকক স্বীকৃতি প্ৰদান কৰাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।

 

দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা আৰু নিৰাপত্তা ক্ষেত্ৰত ক্ৰমবৰ্ধিত দ্বিপাক্ষিক সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উত্তৰ মোজাম্বিকৰ সন্ত্ৰাসবাদৰ ঘটনা সম্পৰ্কে ৰাষ্ট্ৰপতি ন্যুছিৰ উদ্বেগক গুৰুত্ব সহকাৰে অনুধাৱন কৰে আৰু মোজাম্বিক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ সক্ষমতা বৃদ্ধিৰ উপৰিও সকলোধৰণৰ সাম্ভাব্য সহায়তা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

মোজাম্বিকত থকা ভাৰতীয় লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মোজাম্বিক কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ ধন্যবাদ জ্ঞাপন কৰে।

 

বৰ্তমান মহামাৰীৰ সংকটৰ সময়ত দুয়ো দেশৰ শীৰ্ষবিষয়াসকলে যোগাযোগ ৰাখি চলিব আৰু সহযোগিতাৰ সম্পৰ্ক আৰু অধিক দৃঢ় কৰিব বুলিও দুয়োগৰাকী নেতাই পৰস্পৰক আশ্বাস দিয়ে।

 

****

VRRK/KP/RD



(Release ID: 1655256) Visitor Counter : 198