সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

তৃতীয় লিংগৰ ব্যক্তিৰ বাবে ৰূপায়িত আঁচনিৰ প্ৰভাৱ সম্পৰ্কে সমীক্ষা কৰিব ‘তৃতীয় লিংগ সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰিষদ’য়ে

Posted On: 16 SEP 2020 1:11PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়য়ে ২০১৯ চনত তৃতীয় লিংগৰ ব্যক্তি(অধিকাৰ সুৰক্ষা) আইন প্ৰণয়ণ কৰিছিল। আইনখনৰ সপ্তম অধ্যায়ত দিয়া বিধি-নিৰ্দেশনা অনুসৰি তৃতীয় লিংগৰ ব্যক্তিসকলৰ বিভিন্ন প্ৰসংগৰ চোৱা-চিতা কৰাৰ বাবে এখন তৃতীয় লিংগৰ ব্যক্তি সম্পৰ্কীয় ৰাষ্ট্ৰীয় পৰিষদ গঠনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। সেই অনুসৰি দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা তৃতীয় লিংগৰ পাঁচগৰাকী প্ৰতিনিধিৰ সৈতে স্বেচ্ছাসেৱী সংগঠনসমূহক প্ৰতিনিধিত্ব আগবঢ়োৱা পাঁচগৰাকী প্ৰতিনিধি অথবা তৃতীয় লিংগৰ ব্যক্তিৰ কল্যাণৰ বাবে সেৱা আগবঢ়াই থকা সংগঠনৰ পৰা কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত কৰা প্ৰতিনিধিৰে এই পৰিষদখন গঠন কৰা হয়। এই পৰিষদে তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে প্ৰণয়ণ কৰা বিভিন্ন নীতি-নিয়ম আদিৰ প্ৰভাৱ সম্পৰ্কীয় সমীক্ষা কৰে আৰু ইয়াৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে তেওঁলোকক স্বাধীনতা প্ৰদান কৰা হয়।

আইনখনৰ ১৮নং দফাত তৃতীয় লিংগৰ ব্যক্তিৰ বিৰুদ্ধে সংঘটিত কৰা বিভিন্ন অপৰাধৰ সংজ্ঞা নিৰূপণ কৰাৰ বিপৰীতে শাস্তিৰ বিধান দিয়া হৈছে। তৃতীয় লিংগৰ ব্যক্তি সম্পৰ্কীয় পৰিষদখনে সংশ্লিষ্ট সকলে দাখিল কৰা ওজৰ-আপত্তিসমূহৰো মীমাংসা কৰাৰ দায়িত্ব পালন কৰে। অৱশ্যে, আইনখনৰ বিভিন্ন দফাত সন্নিৱিষ্ট বিধি-ব্যৱস্থাসমূহে দেশৰ সাধাৰণ আইনক সহযোগিতাহে আগবঢ়াই, ই সাধাৰণৰ আইনৰ প্ৰতিস্থাপক নহয়।

আইনখনৰ ১৯নং দফাই দিয়া বিধান অনুসৰি সংসদে সময়ে সময়ে আগবঢ়োৱা অনুমোদনৰ ভিত্তিত আৰু প্ৰয়োজনীয়তাৰ আধাৰত ৰাষ্ট্ৰীয় পৰিষদক কেন্দ্ৰীয় চৰকাৰে কৰ্তব্য আৰু দায়িত্ব অৰ্পণ কৰে।

সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰত্তনলাল কাটাৰিয়াই ৰাজ্য সভাত প্ৰদান কৰা এক লিখিত উত্তৰত আজি এই তথ্য প্ৰকাশ কৰে।

 

*****


(Release ID: 1655195) Visitor Counter : 276