পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

পিএনজি ও চিএনজিৰ আমদানি আৰু ঘৰুৱা উৎপাদন

Posted On: 16 SEP 2020 1:25PM by PIB Guwahati

পেট্ৰ’লিয়াম প্লেনিং আৰু এনালাইচিছ চেল (PPAC)ৰদ্বাৰা আগবঢ়োৱা তথ্য অনুসৰি, ২০২০ৰ এপ্ৰিল-জুলাইৰ সময়ছোৱাত দেশখনত প্ৰায় ৯,২২৮ এমএমএছচিএম প্ৰাকৃতিক গেছ ঘৰুৱাভাৱে উৎপাদন কৰাৰ সমান্তৰালভাৱে প্ৰায় ৯,৯৬৬ এমএমএছচিএম এলএনজি আমদানি কৰা হৈছে। এই গেছসমূহ পাইপড নেচাৰেল গেছ (পিএনজি) আৰু কমপ্ৰেছড নেচাৰেল গেছ (চিএনজি) ৰ চাহিদা পূৰণতো ব্যৱহাৰ কৰা হৈছে।

আইঅ’চিএলে ৫১৭ কিঃমিঃ দৈৰ্ঘ্যৰ পাৰাদীপ-হালদিয়া-বাৰাউনী তেল ৩০” ক্ষমতাৰ প্ৰবৰ্ধন পাইপলাইন প্ৰকল্প ৰূপায়ণ কৰিছে। আইঅ’চিএলে জনোৱা অনুসৰি, ৩১-০৮-২০২০ অনুসৰি ৪৩.৪% অগ্ৰগতি লাভ কৰা হৈছে।

ইয়াৰোপৰি, গেইলে বাৰাউনী-গুৱাহাটী পাইপলাইন (বিজিপিএল)ৰ সম্প্ৰসাৰণকে ধৰি জগদীশপুৰ-হালদিয়া-ধম্ৰা পাইপলাইন (জেএইচবিডিপিএল)ৰ কাম অব্যাহত ৰাখিছে আৰু উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উৰিষ্যা আৰু অসমক সংযোগ কৰিবলৈ ধম্ৰ্ৰা-হালদিয়া (ডিএইচপিএল) পাৰ্শ্বীয় লাইনৰো কাম চলি আছে। গেইলে সদৰী কৰা অনুসৰি, ২,৬৫৫ কিমি দৈৰ্ঘ্যৰ পাইপলাইনৰ ভিতৰত এতিয়া প্ৰায় ১,৪০১ কিমি বাকী আছে।

ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড (আইজিজিএল)ৰ সাম্প্ৰতিক অগ্ৰগতি অনুসৰি, সদৰী কৰা অনুসৰি ০৮-০১-২০২০ত ভাৰত চৰকাৰে প্ৰকল্পৰ ব্যয়ৰ ৬০% ভায়েবিলিটি গেপ ফাণ্ডিং (ভিজিএফ)ত অনুমোদন জনাইছে আৰু ইয়াৰ পৰিমাণ হ’ব ৫,৫৫৯ কোটি টকা। প্ৰজেক্ট মেনেজমেন্ট কনছালটেন্ট (পিএমচি) হিচাপে মেছাৰ্চ মেকন ক নিযোজিত কৰা হৈছে। ভূমি অধিগ্ৰহণৰ বাবে অসম, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰৰ বাবে পিএণ্ডএমপি আইন, ১৯৬২ ৰ অধীনত যথোপযুক্ত কৰ্তৃপক্ষ নিযুক্তি দিয়া হৈছে। অসম আৰু ত্ৰিপুৰাত পিএমপি আইন, ১৯৬২ৰ অধীনত অনুচ্ছেদ ৩(১) অধিসূচনা প্ৰকাশ কৰা হৈছে। আন ভিন্ন প্ৰাক-প্ৰকল্পমূলক কাম-কাজ আৰম্ভ কৰা হৈছে।

আজি ৰাজ্যসভাত এটা লিখিত উত্তৰ প্ৰদান কৰি কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই তথ্য সদৰী কৰে।

*****

YKB/SK/SB



(Release ID: 1655114) Visitor Counter : 74