স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত ক’ভিড প্ৰতিষেধকৰ বিকাশৰ স্থিতি

Posted On: 15 SEP 2020 2:58PM by PIB Guwahati

চৰকাৰ আৰু বিভিন্ন সংস্থাসমূহে ক্ষিপ্ৰতাৰে নিৰাপদ আৰু কার্যকৰী ক’ভিড-১৯ প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ যপৰোনাষ্টি কৰি আছে যদিও প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত বিভিন্ন জটিল পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি কেতিয়া এই প্ৰতিষেধক লাভ কৰিব, সেই সম্পর্কে কোৱাটো সহজ নহয়৷

চৰকাৰে ক’ভিড-১৯ প্ৰতিষেধক প্ৰস্তুতৰ কাম পৰিচালনা কৰাৰ বাবে নীতি আয়োগৰ সদস্যৰ অধ্যক্ষতাত আৰু কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ সহযোগিতাত তথা বিদেশ মন্ত্ৰালয়ৰ সচিব, জৈৱপ্ৰযুক্তি বিভাগৰ সচিব, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য সেৱা বিভাগৰ সঞ্চালক, স্বাস্থ্য গৱেষণা বিভাগৰ সচিব, সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য ইচিডি, জৱাহৰলাল ইন্সটিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিছার্চৰ সঞ্চালক আৰু বিভিন্ন ৰাজ্যৰ ব্যয় বিভাগৰ প্ৰতিনিধিসকলক সদস্য হিচাপে লৈ এক উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হৈছে৷ এই কমিটীয়ে প্ৰতিষেধক বিতৰণ, উপযুক্ত প্ৰতিষেধক নির্বাচন, সংগ্ৰহ, পৰিবহণ, আর্থিক আৰু ৰাষ্ট্ৰীয়/আন্তঃৰাষ্ট্ৰীয় ইক্যুইটী ইত্যাদি বিষয়সমূহক লৈ আলোচনা কৰি আহিছে৷

কেন্দ্ৰীয় ঔষধৰ মান নিয়ন্ত্ৰণ সংস্থাই ভাৰতৰ নিম্নোলিখিত ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহক ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰস্তুত পৰীক্ষা আৰু বিশ্লেষণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছে৷ সেই সংস্থাসমূহ হৈছে-


১৷ পুনেৰ চিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়া প্রাইভেড লিমিটেড

২৷ আমেদাবাদৰ কেডিলা হেল্থ কেয়াৰ লিমিটেড

৩৷ হায়দৰাবাদৰ ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড

৪৷ হায়দৰাবাদৰ বায়’লজিকেল লিমিটেড

৫৷ মুম্বাইৰ ৰিলায়েন্স লাইফছায়েন্স প্রাইভেড লিমিটেড

৬৷ হায়দৰাবাদৰ অৰৱিন্দ ফার্মা লিমিটেড

৭৷ পুনেৰ জিনোভা বায়’ফার্মাচিউটিকেলছ লিমিটেড

ভাৰতীয় চিকিসা গৱেষণা পৰিষদে (আইচিএমআৰ) ভাৰত চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগৰ অন্তর্গত স্বায়ত্তশাসিত সংস্থাক জনোৱা মতে এই ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহে ভাৰতত ক’ভিড-১৯ প্ৰতিষেধকৰ বাবে চিকিসাজনিত পৰীক্ষা চলাই আছে৷

ক৷ বিবিআইএলৰ অর্থ হ’ল ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেড৷ এই সংস্থাটোৱে ছাৰ্ছ-কোভ-২ৰ জীৱাণু সম্পূর্ণ নিষ্ক্রিয় কৰিবলৈ এক প্ৰতিষেধক প্ৰস্তুত কৰিছে৷ পুনেৰ আইচিএমআৰৰ নেচনেল ইন্সটিটিউট অৱ ভাইৰ’লজীত এই প্ৰতিষেধক ব্যৱহাৰ কৰা হৈছে৷ এই প্ৰতিষেধক প্রাৰম্ভিক অৱস্থাত এন্দৰ আৰু শহাপহুৰ দৰে সৰু প্রাণীৰ দেহত প্ৰয়োগ কৰি ইয়াৰ সুৰক্ষা আৰু সহনশীলতা পৰীক্ষা কৰাৰ বাবে প্ৰয়োগ কৰা হৈছে৷ প্ৰথম পর্যায়ত চিকিসাজনিত পৰীক্ষাৰ লগতে ডাঙৰ প্রাণীৰ দেহত প্ৰতিষেধক প্ৰয়োগ কৰি গৱেষণাৰ কাম চলাই আছে৷ ইয়াত ইমিউনোজিনিটি পৰীক্ষাৰ কামো চলি আছে৷ দ্বিতীয় পর্যায়ৰ পৰীক্ষা কামো চলাই আছে প্ৰতিষ্ঠানটোৱে৷

খ৷  কেডিলা হেল্থকেয়াৰ লিমিটেডে এক ডিএনএ প্ৰতিষেধক প্ৰস্তুত কৰিছে৷ প্রাৰম্ভিক পৰ্যায়ত তেওঁলোকে এন্দুৰ আৰু শহাপহুৰ দৰে সৰু প্রাণীৰ দেহত এই প্ৰতিষেধক প্ৰয়োগ কৰিছে৷ এই প্ৰতিষেধক যথেষ্ট নিৰাপদ হিচাপে চিহ্নিত হৈছে আৰু ইমিউনোজেনিক হিচাপে পোৱা গৈছে৷ ইয়াৰ সমান্তৰালভাবে প্রাৰম্ভিক পর্যায়ত ডাঙৰ প্রাণীৰ দেহত এই প্ৰতিষেধক প্ৰয়োগ কৰি গৱেষণাৰ কাম চলাই আছে৷ প্ৰথম পর্যায়ত পৰীক্ষাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ দ্বিতীয় পর্যায়ৰ পৰীক্ষাৰ কাম এতিয়াও চলি আছে৷

গ৷ চিৰাম ইন্সটিটিউট অৱ ইণ্ডিয়া আৰু আইচিএমআৰে দুখন বৰ্হিৰাষ্ট্ৰৰ প্ৰতিষেধকক লৈ গৱেষণাৰ কাম চলাই আছে৷ অক্সফৰ্ড/এষ্ট্ৰোজেনেকা বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা ভাইৰাল ভেক্টৰ প্ৰতিষেধকক লৈ তেওঁলোকে কাম কৰি আছে৷ ব্রাজিলত এই প্ৰতিষেধকৰ তৃতীয় পর্যায়ৰ পৰীক্ষাৰ কাম চলি আছে৷ আইচিএমআৰে সন্মিলিতভাৱে দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ গৱেষণাৰ কাম আৰম্ভ কৰিছে আৰু ইয়াৰ ১৪টা পৰীক্ষা কেন্দ্র আছে৷ আইচিএমআৰ আৰু চেন্নাইৰ ৰাষ্ট্ৰীয় যক্ষ্মা গৱেষণা প্ৰতিষ্ঠানে যুটীয়াভাৱে এই গৱেষণাৰ কামৰ নেতৃত্ব দিছে৷ আইচিএমআৰ আৰু এছআইআয়ে মার্কিন যুক্তৰাষ্ট্রৰ নোভাভেক্সে প্ৰস্তুত কৰা গ্লাইকোপ্র’টিন ছাবুনিট নেন’পার্টিকেল এডজুভাণ্টেড প্ৰতিষেধকৰ পৰীক্ষাত সহযোগিতা আগবঢ়াইছে৷ এছআইআই সংস্থাৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ পাছত অক্টোবৰৰ দ্বিতীয়ার্ধৰ পৰা পৰীক্ষাৰ কাম আৰম্ভ কৰিব৷ এই ক্ষেত্রত আইচিএমআৰ আৰু পুনেৰ ৰাষ্ট্ৰীয় এইডছ গৱেষণা প্ৰতিষ্ঠানে এই ক্ষেত্রত নেতৃত্ব প্ৰদান কৰিব৷

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ জৈৱপ্ৰযুক্তি বিভাগে জনোৱা মতে দেশত ৩০টাতকৈ অধিক প্ৰতিষেধক প্ৰস্তুতৰ কাম বিভিন্ন পর্যায়ত আছে৷

আইচিএমআৰে প্ৰতিষেধকৰ বিকাশৰ লক্ষ্যৰে বিভিন্ন গৱেষণা আৰু অন্যান্য কামৰ বাবে ২৫ কোটি টকা আৱণ্টন দিছে৷
বিজ্ঞান
আৰু প্ৰযুক্তি বিভাগৰ অধীনত স্বায়ত্তশাসিত সংস্থাই বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং গৱেষণা পৰিষদ ক’ভিড-১৯ প্ৰতিষেধক গৱেষণাৰ ক্ষেত্রত তিনিটা প্ৰকল্পত সহায় কৰিছে৷ ইয়াৰ বাবে ২২,২৭,৫৭৯ টকা ব্যয়ত অনুমোদন জনোৱাই নহয় ৩,২০,৭৮,১৬১ টকা ব্যয়ৰ প্ৰতিশ্রুতিও দিছে৷

জৈৱ প্ৰযুক্তি বিভাগে মানৱ শৰীৰৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰা আৰু এই সম্পর্কীয় গৱেষণাৰ বাবে বিভিন্ন সংস্থাৰ আঠটা প্ৰস্তাৱৰ বাবে মুঠ ৭৫ কোটি টকা সাহায্য আগবঢ়াইছে৷

ৰাজ্যসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী শ্রী অশ্বিনী কুমাৰ চৌবেই৷

 

*****

MV/DB



(Release ID: 1654810) Visitor Counter : 183