স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

দেশত ক’ভিড-১৯ মহামাৰীৰ প্ৰাদূৰ্ভাৱৰ আগতীয়া ইংগিত

Posted On: 15 SEP 2020 2:59PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে চীনৰ পৰিস্থিতি নিৰীক্ষণ কৰিছিল আৰু ৬ জানুৱাৰী,২০২০ত চীনৰ য়ুহান চহৰৰ পৰা সংক্ৰমিত হোৱা ভাইৰাছবিধৰ বিষয়ে দেশৰ নাগৰিকক সতৰ্ক কৰি দিছিল। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনষ্ঠ যুটীয়া নিৰীক্ষণ দলে চীনৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ৮ জানুৱাৰী,২০২০ত এখ বৈঠকত মিলিত হয়। এই বৈঠকত স্বাস্থ্য সজাগতা সৃষ্টি আৰু ভাইৰাছ প্ৰতিৰোধৰ ৰণনীতি সন্দৰ্ভত আলোচনা হৈছিল।

দেশজোৰা লকডাউন ঘোষণা কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবালানিও সক্ৰিয় পদক্ষেপ হাতত লয়।

ভাইৰাছবিধ প্ৰতিৰোধ কৰিবলৈ ভাৰতে ১৮ জানুৱাৰী,২০২০ৰ পৰা বিমানবন্দৰ, জাহাজঘাট আৰু ভূমি সীমান্তত যাত্ৰীৰ স্ক্ৰীণিং প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু কভিড-১৯ সংক্ৰমিত দেশৰ পৰা অহা যাত্ৰীক চিনাক্ত কৰা হয়। একেদৰে, আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ ক্ষেত্ৰত সীমাবদ্ধতা জাৰি কৰা হয়। ১৮ জানুৱাৰীৰ পৰা ভাৰতে আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ স্ক্ৰীণিং, ছাৰভাইলেন্স, কনটেক্ট ট্ৰেচিঙৰ ক্ষেত্ৰত পৰ্যাপ্ত পদক্ষেপ হাতত লয়।

২৫মাৰ্চ,২০২০ত লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে ১৪,১৫৪খন বিমানৰ ১৫,২৪,২৬৬ যাত্ৰীক বিমানবন্দৰত স্ক্ৰিণিঙৰ ব্যৱস্থা কৰা হয়। ১২টা গুৰুত্বপূৰ্ণ আৰু ৬৫টা সৰু বন্দৰ আৰু ভূমি সীমান্ততো স্ক্ৰীণিঙৰ ব্যৱস্থা কৰা হয়। বিমানবন্দৰৰ বাহিৰেও প্ৰায় ১৬.৩১লাখ লোকক ভূমি সীমান্ত অতিক্ৰমৰ সময়ত আৰু ৮৬,৩৭৯গৰাকী লোকক সৰু-বৰ জাহাজঘাটত স্ক্ৰীণিং কৰা হয়।

কেন্দ্ৰীয় ৰাজ্যিক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চৌবেই আজি ৰাজ্যসভাত এক লিখিত উত্তৰত এই কথা জানিবলৈ দিয়ে।

*****

MV/MS



(Release ID: 1654807) Visitor Counter : 124