দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

দক্ষতা ভাৰত অভিযানৰ লক্ষ্য

Posted On: 14 SEP 2020 2:32PM by PIB Guwahati

১৫জুলাই, ২০১৫ত মাননীয় প্ৰধানমন্ত্ৰীয়ে দেশজুৰি দক্ষতা বিকাশৰ প্ৰচেষ্টা বাস্তৱায়ন আৰু বৃদ্ধি কৰিবলৈ এক শক্তিশালী প্ৰাতিষ্ঠানিক কাঠামো দিবলৈ আৰু প্ৰতি বছৰে ১কোটি যুৱকক প্ৰশিক্ষণ প্ৰদানৰ বাবে ৰাষ্ট্ৰীয় দক্ষতা বিকাশ অভিযান(এনএছডিএম)ৰ শুভাৰম্ভ কৰিছিল। দক্ষতা ভাৰত অভিযানৰ অধীনত দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়ে দীৰ্ঘম্যাদী আৰু হ্ৰস্বকালীন প্ৰশিক্ষণৰ বাবে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(পিএমকেভিৱাই ২.০) আৰু জন শিক্ষা প্ৰতিষ্ঠান(জেএছএছ) বাস্তৱায়ন কৰিছে। মন্ত্ৰালয়ে হ্ৰস্বকালীন প্ৰশিক্ষণৰ বাবে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(পিএমকেভিৱাই ২.০) আৰু জন শিক্ষণ সংস্থান(জেএছএছ) বাস্তৱায়িত কৰি আছে। পিএমকেভিৱাই ২.০ৰ অধীনত ২০১৭-১৮ৰ পৰা ২০১৯-২০লৈকে আৱণ্টিত আৰু খৰচ হোৱা পুঁজিৰ বিতং অনুবন্ধ খণ্ড-১ত ৰখা হৈছে। পিএমকেভিৱাই ২.০ৰ অধীনত ০১.০৪.২০২০লৈকে ৯৪.১৭ লাখ প্ৰাৰ্থীক প্ৰশিক্ষিত কৰা হৈছে।

 

বিত্তীয় বৰ্ষ ২০১৮-২০ৰ বাবে জেএছএছ আঁচনিৰ অধীনত প্ৰশিক্ষিত প্ৰাৰ্থীসকলৰ বাবে আৱণ্টিত আৰু ব্যয় কৰা ধনৰ বিতং অনুবন্ধ-১, খণ্ড-খত ৰখা হৈছে।দীৰ্ঘকালীন প্ৰশিক্ষণ কাৰিকৰী প্ৰশিক্ষণ আঁচনিৰ অধীনত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হয়। ২০১৪ চনত থকা ১১৯৬৪ খন আইটিআইৰ সংখ্যা ২০১৮-১৯ বৰ্ষত ১৪৯৩৯লৈ বৃদ্ধি হয় আৰু এই সময়ত প্ৰশিক্ষাৰ্থীৰ সংখ্যা ১৬.৯০লাখৰ পৰা ২৩.০৮লাখলৈ বৃদ্ধি পায়। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন আৰু ইয়াৰ কাৰ্যক্ৰম সম্পৰ্কীয় বিষয় সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ অধীনত আছে, আনহাতে পৰীক্ষা আয়োজন কৰা আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ সৈতে মানদণ্ড আৰু ডিজাইনিং পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ।

 

অনুবন্ধ-১

খণ্ড-ক

 

পিএমকেভিৱাই ২.০ৰ অধানত ২০১৭-১৮ৰ পৰা ২০১৯-২০লৈ আৱণ্টিত পুঁজি আৰু ব্যয়ৰ বিতং তথ্য

 

ক্ৰমিক নং  বিত্তীয় বৰ্ষ     বাজেট আৱণ্টন              খৰচ

                 (সংশোধিত হিচাপ, টকা কোটিত)  (টকা কোটিত)

১        ২০১৭-১৮     ১৭২৩.১৯                ১৭২১.১৮

২        ২০১৮-১৯     ১৯৪৬.৪৫                ১৯০৯.১৯   

৩        ২০১৯-২০     ১৭৪৯.২২                 ১৬৪৮.২৫                            

 

 

খণ্ড-খ

 

২০১৮-২০ বিত্তীয় বৰ্ষৰ বাবে জেএছএছ আঁচনিৰ অধীনত প্ৰশিক্ষিত প্ৰাৰ্থীৰ সৈতে আৱণ্টিত পুঁজি আৰু খৰচৰ বিতং তথ্য

 

 

ক্ৰমিক নং   বিত্তীয় বৰ্ষ    বাজেট আৱণ্টন   বাজেট ব্যয়   প্ৰশিক্ষিত প্ৰাৰ্থী

                     (টকা কোটিত)  (টকা কোটিত)  (লাখত)

১          ২০১৮-১৯     ৮০          ৬১.৫০       ১.৬৭

২          ২০১৯-২০      ৮০          ৭৮.৫০       ৪.০১  

 

 

এই তথ্যসমূহ আজি লোকসভাত এক লিখিত উত্তৰত দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী আৰ কে সিঙে প্ৰদান কৰে।

 

 *******

YKB/SK/KG



(Release ID: 1654340) Visitor Counter : 135