ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

জীৱাণু সংক্ৰমণ ৰোধ কৰা আৰু শাক-পাচলি আৰু ফল-মূল সংক্ৰমণ মুক্ত কৰি ৰাখিবলৈ আইপিএফটিয়ে এটি নতুন জীৱাণু নাশক স্প্ৰে প্ৰস্তুত কৰি উলিয়াইছে

Posted On: 12 SEP 2020 11:45AM by PIB Guwahati

কভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্ব ছানি ধৰাৰ সময়তে কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন মন্ত্ৰালয়ৰ অধীনৰ ৰসায়ন আৰু পেট্ৰকেমিকেল বিভাগৰ অধীনষ্ঠ ইনষ্টিটিউট অৱ পেষ্টিচাইড ফৰ্মুলেচন টেকনোলজী(আইপিএফটি)য়ে জীৱাণু সংক্ৰমণ ৰোধ কৰা আৰু শাক-পাচলি আৰু ফল-মূল সংক্ৰমণ মুক্ত কৰি ৰাখিবলৈ জীৱাণু নাশক স্প্ৰে নামৰ দুটি নতুন প্ৰযুক্তি তৈয়াৰ কৰি উলিয়াইছে।

 

আইপিএফটিৰ ফালৰ পৰা দিয়া বিবৃতি অনুসৰি দৰ্জাৰ হেণ্ডেল, চকী, কম্পিউটাৰৰ কী-বোৰ্ড আৰু মাউচ ইত্যাদিৰ স্পৰ্শৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো লোকলৈ কৰনা বীজানুৰ সংক্ৰমণ হব পাৰে। এই বিষয়টোৰ প্ৰতি লক্ষ্য কৰিয়েই আইপিএফটিয়ে এই এলকলভিত্তিক জীৱাণু নাশক স্প্ৰে তৈয়াৰ কৰিছে যিয়ে এইসকলো সামগ্ৰীৰ মাজত লুকাই থকা জীৱাণু, বেক্টেৰিয়া আৰু ভাইৰাছ নিধন কৰাত সহায় কৰিব। এইসকলো সামগ্ৰী জীৱাণু মুক্ত কৰাৰ সময়ত স্প্ৰে দ্ৰুত বাস্পীভূত হৈ যাব আৰু কোনো দাগ নাইবা গোন্ধ নাথাকিব।

 

আইপিএফটিয়ে ফলমূল আৰু শাক-পাচলিৰ ওপৰত লাগি থকা কীটনাশকৰ অৱশিষ্ট অংশ দূৰীকৰণৰ বাবে জীৱাণুনাশক স্প্ৰে প্ৰস্তুত কৰিছে। ফলমূল আৰু শাক-পাচলি হল আমাৰ অন্যতম প্ৰধান সামগ্ৰী। প্ৰতিদিনৰ পুষ্টি তালিকাত ইয়াৰ প্ৰয়োজনীয়তা অপৰিসীম। কেতিয়াবা কেতিয়াবা অযথা কীটনাশক ব্যৱহাৰৰ ফলত কেঁচা ফলমূল আৰু শাক-পাচলিৰ ওপৰত সেই কীটনাশকৰ অৱশিষ্ট অংশ লাগি ৰয়। এনে ফলমূল আৰু শাক-পাচলি স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকৰ।

 

 

ফলমূল আৰু শাক-পাচলি জনসাধাৰণৰ ব্যৱহাৰৰ বাবে ১০০শতাংশ নিৰাপদ কৰি তুলিবলৈ আইপিএফটিয়ে এটি জলভিত্তিক দ্ৰৱণ তৈয়াৰ কৰিছে। এই দ্ৰৱণত ফলমূল আৰু শাক-পাচলিবোৰ ১৫-২০ মিনিট দ্ৰৱীভূত কৰি ৰাখি পৰিস্কাৰ পানীত ধুই কীটানুনাশক কৰা হয়।

.

 

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনষ্ঠ আৰু ৰসায়ন আৰু পেট্ৰকেমিকেল বিভাগৰ অধীনত হাৰিয়ানাৰ গুৰুগ্ৰামত ১৯৯১ চনৰ মে মাহত এই স্বায়ত্তশাসিত প্ৰতিষ্ঠানটো গঢ়ি উঠে। সাধাৰণ মানুহক নিৰাপদে ৰাখিবলৈ আৰু পৰিৱেশ বান্ধৱ কীটনাশক সূত্ৰৰ বিকাশৰ বাবে এই প্ৰতিষ্ঠানে কাম কৰি আছে। বৰ্তমান আইপিএফটিৰ চাৰিটা প্ৰশাসনিক মণ্ডল ক্ৰমে-ফৰ্মুলেচন টেকনোলজী ডিভিজন, বায়ছায়েন্স ডিভিজন, এনালাইটিকেল ছায়েন্স ডিভিজন তথা প্ৰচেছ ডেভলপমেণ্ট ডিভিজন আছে।

 

 *******************************************************

RCJ/RKM/KG



(Release ID: 1653730) Visitor Counter : 164