বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘কৃষ্ণা-গোদাবৰী উপত্যকা’ মিথেন ইন্ধনৰ এক প্ৰচুৰ্যশালী উত্স

এই উপত্যকাত প্ৰচুৰ পৰিমাণে সংৰক্ষিত হৈ থকা ‘মিথেন হাইদ্ৰেট’-য়ে মিথেনৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিব
‘ম’লিকুলাৰ’ আৰু ‘কালচাৰিং’ পদ্ধতি ব্যৱহাৰ কৰি সম্পন্ন কৰা অধ্যয়নে ‘কৃষ্ণা-গোদাবৰী(কেজি) উপত্যকা’ত বিৰাজমান ‘মিথেন’জেনিক’ বৈচিত্ৰ্যক উদ্ভাসিত কৰিছে, যিয়ে আন্দামান আৰু মহানদী উপত্যকাৰ তুলনাত অত্যাধিক মাত্ৰাত ‘বায়’জেনিক মিথেন’ৰ উপস্থিতি নিশ্চিত কৰিছে

Posted On: 12 SEP 2020 11:39AM by PIB Guwahati

যিটো সময়ত জীৱাষ্ম ইন্ধনৰ ভাণ্ডাৰ খালি হৈ পৰাৰ আশংকাত ভোগা পৃথিৱীয়ে বিকল্প নিকা ইন্ধনৰ সন্ধানত প্ৰয়াস আৰম্ভ কৰি সেই মুহূৰ্তত কৃষ্ণা-গোদাবৰী(কেজি) উপত্যকাৰ পৰা আমাৰ বাবে শুভ-সংবাদ আহিছে। এই উপত্যকাত উভৈনদী হৈ জমা হৈ থকা মিথেন-হাইদ্ৰেট-য়ে অন্যতম প্ৰকৃতিক গেছ, মিথেনৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিব।

মিথেন এবিধ কম ব্যয় সাপেক্ষ আৰু নিকা ইন্ধন। ধাৰণা কৰা অনুসৰি এক ঘন মিটাৰ পৰিমাণৰ মিথেন হাইদ্ৰেট-ত ১৬০-১৮০ ঘন মিটাৰ পৰিমাণৰ মিথেন জমা হৈ থাকে। একেবাৰে কমকৈ কৰা অনুমানৰ ভিত্তিতো ন-দি কব পাৰি যে এই মুহূৰ্তত পৃথিৱী জুৰি উপলব্ধ জীৱাষ্ম ইন্ধনৰ মুঠ পৰিমাণৰ দুগুন পৰিমাণৰ মিথেন-হাইদ্ৰেট কৃষ্ণা-গোদাবৰী উপত্যকাত জমা হৈ আছে।

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ এক স্বতন্ত্ৰ প্ৰতিষ্ঠান আগাৰকাৰ গৱেষণা প্ৰতিষ্ঠান(এআৰআই)ৰ এটা গৱেষকৰ দলে চলোৱা অনুসন্ধানত এই কথা নিশ্চিত কৰা হৈছে যে কৃষ্ণা-গোদাবৰী উপত্যকাত পৰ্যাপ্ত পৰিমাণে জমা হৈ থকা মিথন-হাইদ্ৰেটখিনি জৈৱিক প্ৰক্ৰিয়াৰে উত্পন্ন হোৱা বিধৰ। ডিএছটি-এছইআৰবি যুৱ-বিজ্ঞানী প্ৰকল্পৰ অংশ হিচাপে সম্পন্ন কৰা এই অনুসন্ধানৰ শীৰ্ষক আছিল এলুচিডেটিং দ্যা কমিউনিটী ষ্ট্ৰাকচাৰ অব মিথেনজেনিক আৰকেই ইন মিথেন-হাইদ্ৰেট। প্ৰণিধান যোগ্য যে, সাধাৰণতে মহাসাগৰত উচ্চ চাপ আৰু কম উষ্ণতাত হাইদ্ৰোজেন যুক্ত পানী মিথেন গেছৰ সংস্পৰ্শ আহিলেই মিথেন-হাইদ্ৰেট উত্পন্ন হয়।

মেৰাইন জিনমিক নামৰ জাৰ্ণেলখনে প্ৰকাশৰ বাবে গ্ৰহণ কৰা অধ্যয়নটোৰ প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি এআৰআই-ৰ  অনুসন্ধানকাৰী গোটটোৱে জৈৱিক ভাবে উত্পাদিত মিথেন উত্পন্নকাৰী মিথেনজেনসমূহক মিথেন-হাইদ্ৰেটৰ ৰূপত চিনাক্ত কৰিছে।

ইফালে, কৃষ্ণা-গোদাবৰী উপত্যকা আৰু আন্দামান আৰু মহানদীৰ উপকূলবৰ্তী অঞ্চলত জমা হৈ থকা জৈৱিক ভাবে উতপাদিত মিথেন হাইদ্ৰেট-ৰ বিশাল পৰিমাণৰ ভাণ্ডাৰে মিথেনজেনিক সম্প্ৰাদয় সম্পৰ্কীয় অধ্যয়নৰ প্ৰয়োজনীয়তাৰ সৃষ্টি কৰাইছে বুলি মন্তব্য কৰিছে অধ্যয়নকাৰী দলৰ প্ৰধান অনুসন্ধানকাৰী ড০ বিক্ৰম বি লাঞ্জেকাৰে।

 

*****

NB/KGS/(DST Media Cell)/KB



(Release ID: 1653729) Visitor Counter : 191