পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

বালিৰ অবৈধ খনন বন্ধ কৰাৰ বাবে কঠোৰ আইন বলবত্ কৰিবলৈ ৰাজ্যসমূহলৈ শ্ৰী প্ৰকাশ জাৱড়েকাৰৰ আহ্বান

কৰ্তব্যৰত অৱ্স্থাত মৃত্যু সাৱটি লোৱা বন-কৰ্মীসকললৈ ‘ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস’ত শ্ৰদ্ধাঞ্জলি নিৱেদিলে পৰিৱেশ মন্ত্ৰালয়ে

Posted On: 11 SEP 2020 8:09PM by PIB Guwahati

বহুমূলীয়া তৰু-তৃণ আৰু  আমাৰ প্ৰাকৃতিক সম্পদসমূহক বনজুঁই, দুৰ্বৃত্ত তথা বন-মাফিয়াৰ দৌৰাত্ম্যৰ পৰা ৰক্ষা কৰিবলৈ গৈ প্ৰাণাহূতি দিয়া বন-কৰ্মীসকলক পঞ্চদশ ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱসত সোঁৱৰণ কৰাৰ লগতে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাৱড়েকাৰে।

WhatsApp Image 2020-09-11 at 17.19.55.jpeg

চন্দনকাঠৰ চোৰাং ব্যৱসায়ীৰ হাতত এগৰাকী বন-কৰ্মীয়ে প্ৰাণ দিবলগীয়া হোৱা এক ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা মন্ত্ৰীগৰাকীয়ে অচিৰেই আইনৰ সংশোধন কৰি বৃহত্ পৰিসৰত চন্দন গছৰ খেতি কৰিব পৰাকৈ ব্যৱস্থা গঢ়ি তোলা হব বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে বিগত সময়চোৱাত বনজুঁই, বাঘ-হাতী অথবা এশিঙীয়া গড়ৰ আক্ৰমণত প্ৰাণ দিবলগীয়া হোৱা বন-কৰ্মীসকলৰ স্মৃতিচাৰণ কৰাৰ লগতে তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে। ২০১৯-২০ বৰ্ষত কৰ্তব্যৰত অৱস্থাত মৃত্যু সাৱটিবলগীয়া হোৱা বন-কৰ্মীসকললৈ প্ৰমাণ পত্ৰ প্ৰদানৰো দিহা কৰে।

বলিৰ অবৈধ বেহা কৰা দুৰ্বৃত্তলৈ কঠোৰ সঁকীয়নি প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতিৰ পুংখানুপুংখ পৰ্যালোচনা কৰা হব আৰু ইয়াৰ মাজত দায়িত্ব পালনত গাফিলতি কৰাসকলক কঠোৰ শাস্তি প্ৰদান কৰা হব। প্ৰসংগক্ৰমে তেওঁ কয় যে, বালিৰ খনন সন্দৰ্ভত নতুন আৰু বহণক্ষম আইন প্ৰণয়ন কৰাৰ লগতে বহু বিধি-নিয়ম যুগুতোৱাৰ পিচতো বহুকেইখন ৰাজ্য তথা অঞ্চলত ইয়াৰ বলবত্কৰণত শিথিলতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আলৱাৰৰ ছাৰিকা সংৰক্ষিত বনাঞ্চলত বালিৰ চোৰাং বেপাৰীক বাধা দিবলৈ যাওতে কেৱল সিং নামৰ বনৰক্ষীজনক বালি মাফিয়াই ট্ৰেক্টৰৰে মহীয়াই নিয়াৰ ফলত তেওঁৰ মৃত্যু হৈছিল।

WhatsApp Image 2020-09-11 at 17.20.26.jpeg

দেশৰ বিভিন্ন প্ৰান্তত থকা বনাঞ্চলসমূহৰ ৰক্ষণা-বেক্ষণৰ লগতে বন্যপ্ৰাণীসমূহৰ সুৰক্ষাৰ বাবে কৰ্তব্য সমাপন কৰিবলৈ যাওতে অনাহূত পৰিস্থিতিৰ সন্মুখীন হৈ মৃত্যু সাৱটি লোৱা বন-কৰ্মীসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ১১ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় বন শ্বহীদ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। প্ৰণিধানযোগ্য যে, ১৭৩০ চনত ৰাজস্থানৰ খেজৰালিত গছ কাটিবলৈ লোৱা এক সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ যোৱা বিছনয় সম্প্ৰদায়ৰ ৩৬০গৰাকী লোকক নেতৃত্ব দিয়া অমৃতা দেৱী নামৰ মহিলাগৰাকীক এই দিনটোতে তদানীন্তন ৰজাৰ আদেশত নিহত কৰা হৈছিল।

Certificate and list of Forest personnel who sacrificed their life in line of duty during 2019-20 is at this link.

***

GK/KB



(Release ID: 1653628) Visitor Counter : 186