প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘গৃহ প্ৰৱেশম’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

মধ্যপ্ৰদেশৰ পিএমএৱাই-জিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়

Posted On: 12 SEP 2020 2:46PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশত ভিডিঅ’ কনফাৰেন্সিংযোগে ‘গৃহ প্ৰৱেশম’ শীৰ্ষক এক অনুষ্ঠানত ভাষণ আগবঢ়ায়, য’ত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ(পিএমএৱাই-জি)ৰ অধীনত ১.৭৫লাখ পৰিয়ালক পকী গৃহ প্ৰদান কৰা হৈছে৷

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে পিএমএৱাই-জিৰ অধীনৰ মধ্যপ্ৰদেশৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময়ো কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ১.৭৫লাখ পৰিয়াল, যিসকলে আজি নতুন গৃহত প্ৰৱেশ কৰিব, তেওঁলোকে তেওঁলোকৰ সপোনৰ ঘৰ পোৱাই নহয় তেওঁলোকৰ সন্তানৰ ভৱিষ্যতক লৈও বিশ্বাস জন্মিছে৷ তেওঁ লগতে কয় যে এই গৃহ লাভ কৰা হিতাধিকাৰীসকলে আজি বিগত ৬ বছৰত নিজৰ আৱাস লাভ কৰা ২.২৫ কোটি পৰিয়ালৰ তালিকাত অন্তৰ্ভূক্ত হ’ল আৰু তেওঁলোকে এতিয়াৰে পৰা ভাৰা ঘৰ বা জুপুৰী গৃহ অথবা এটা কেঁচা ঘৰত থাকিবলগীয়া নহয়৷ তেওঁ হিতাধিকাৰীসকলক দীপাৱলীৰ শুভেচ্ছা জনাই কয় যে যদি এতিয়া ক’ৰোনা নাথাকিলেহেতেন, তেতিয়া তেওঁ সো-শৰীৰে তেওঁলোকৰ সৈতে সেই আনন্দৰ ভাগ ল’লেহেতেন৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো কেৱল ১.৭৫লাখ দুখীয়া পৰিয়ালৰ বাবে স্মৰণীয় মুহূৰ্তই নহয়, বৰঞ্চ দেশৰ প্ৰতিগৰাকী গৃহহীন ব্যক্তিক পকী গৃহ প্ৰদানৰ দিশতো এক ডাঙৰ পদক্ষেপ৷ তেওঁ কয় যে দেশৰ গৃহহীন লোকসকলৰ আশা সজীৱ কৰা এই ব্যৱস্থাই প্ৰমাণ কৰে যে চৰকাৰৰ আঁচনিসমূহ কিমান সঠিক দিশত তথা নিৰ্ধাৰিত হিতাধিকাৰীৰ কাষত পাবলৈ সক্ষম হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ৰোনা কালৰ প্ৰত্যাহ্বানকো নেওচি দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ১৮লাখ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰে ১.৭৫লাখ আৱাস কেৱল মধ্যপ্ৰদেশৰ৷ তেওঁ কয় যে সাধাৰণতে পিএমএৱাই-জিৰ এটা গৃহ নিৰ্মাণ কৰিবলৈ ১২৫দিন সময়ৰ প্ৰয়োজন হয়, কিন্তু ক’ৰোনাৰ সময়ত এটা গৃহ ৪৫-৬০দিনতে নিৰ্মাণ সম্পূৰ্ণ কৰাৰ অভিলেখ ৰচনা হৈছে৷ তেওঁ কয় যে চহৰৰ পৰা গাঁৱলৈ প্ৰব্ৰজিত শ্ৰমিকসকল ঘূৰি অহাৰ বাবেই এয়া সম্ভৱ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰত্যাহ্বানক এক সূযোগলৈ ৰূপান্তৰ কৰাৰ এয়া এক উত্তম উদাহৰণ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ যোজনাৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰি প্ৰব্ৰজিত শ্ৰমিকসকলে তেওঁলোকৰ পৰিয়ালৰ তত্বাৱধান কৰাৰ লগতে একেসময়তে দুখীয়া লোকসকলৰ আৱাস নিৰ্মাণৰ কামো কৰিব পাৰে৷

প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অভিযানৰ অধীনত মধ্যপ্ৰদেশকে ধৰি বহু ৰাজ্যই ২৩ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিখন গাঁৱতে দুখীয়াসকলৰ বাবে গৃহ নিৰ্মাণ, প্ৰতিঘৰ লোকক পানী যোগানৰ কাম, অংগনৱাড়ী কেন্দ্ৰ, পঞ্চায়তৰ লগতে গোঁহালি, পুখুৰী আৰু কুঁৱা খনৰ কাম কৰা হৈছে৷

তেওঁ কয় যে ইয়াৰ পৰা দুটা লাভ হৈছে৷ প্ৰথমটো হৈছে চহৰৰ পৰা ঘূৰি অহা লাখ লাখ শ্ৰমিকে উপযুক্ত সংস্থাপন পাইছে৷ দ্বিতীয়তে, নিৰ্মাণৰ সৈতে জড়িত ইটা, চিমেণ্ট, বালি ইত্যাদিৰ বিক্ৰী হৈছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানে এই জটিল সন্ধিক্ষণত গ্ৰাম্য অৰ্থনীতি ব্যাপক সহায় কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত দুখীয়া লোকসকলৰ গৃহ নিৰ্মাণৰ নামত দশক দশক ধৰি বিভিন্ন আঁচনি গ্ৰহণ হৈছিল৷ কিন্তু তেওঁলোকৰ মৰ্যাদাপূৰ্ণ জীৱন, কোটি কোটি দুখীয়া পৰিয়ালক গৃহ প্ৰদানৰ দৰে কাম হোৱা নাছিল৷ ইয়াৰ মূলতে হৈছে, তেতিয়া চৰকাৰৰ মাজত বৃহ ব্যৱধান আছিল, জবাবদিহিতাৰ অভাৱ আছিল আৰু প্ৰকৃত হিতাধিকাৰীক লৈ কোনো ভ্ৰূক্ষেপ নাছিল৷ তেওঁ কয় যে জবাবদিহিতাৰ অভাৱত সেই আৱাসসমূহ একেবাৰে মানসম্পন্ন নাছিল৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০১৪ চনত এই আঁচনিখন পূৰ্বৰ অভিজ্ঞতা বিশ্লেষণ কৰি সংশোধন কৰা হয় আৰু এক নতুন কৌশলেৰে প্ৰধানমন্ত্ৰী আৱাস নামেৰে শুভাৰম্ভ কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়া, হিতাধিকাৰী বাঁছনিৰ পৰা আৱাস হস্তান্তৰ কৰালৈকে সকলো স্বচ্ছ কৰি তোলা হয়৷ তেওঁ কয় যে পূৰ্বতে দুখীয়া লোকসকলে চৰকাৰৰ পিছে পিছে দৌৰিছিল, এতিয়া চৰকাৰ তেওঁলোকৰ ওচৰলৈ যায়৷ তেওঁ কয় যে নিৰ্মাণৰ ক্ষেত্ৰত বিজ্ঞানসন্মত আৰু স্বচ্ছ প্ৰক্ৰিয়া অৱলম্বন কৰা হৈছে৷ কেৱল ইমানেই নহয়, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়া হৈছে৷ তেওঁ কয় যে ঘৰৰ নক্সাও স্থানীয় প্ৰয়োজনীয়তা আৰু ধৰণৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে গৃহ নিৰ্মাণৰ প্ৰতিটো পৰ্যায় সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰা হয়ষ প্ৰতিটো পৰ্যায় অন্ত পৰাৰ পাছতহে আনটো কিস্তি মুকলি কৰি দিয়া হয়৷

তেওঁ কয় যে দুখীয়া লোকসকলে কেৱল আৱাসেই পোৱা নাই, তেওঁলোকে শৌচালয়, উজ্জ্বলা গেছ সংযোগ, সৌভাগ্য যোজনাৰ বিদ্যু সংযোগ, এলইডি বাল্ব আৰু পানী সংযোগো লাভ কৰিছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযানৰ দৰে আঁচনিয়ে গ্ৰামীণ ভগ্নীসকলৰ জীৱন সলনি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পিএম আৱাস যোজনাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২৭খন কল্যানকামী আঁচনিৰ যোগসূত্ৰ স্থাপন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাপ অধীনত নিৰ্মাণ কৰা অধিকাংশ গৃহ কেৱল মহিলা বা পৰিয়ালৰ মুৰব্বীৰ সৈতে মহিলা এগৰাকীৰ নামত পঞ্জীয়ন কৰা হয়৷ নতুন কৰ্মসূযোগ সৃষ্টি হোৱাৰ লগতে বহু গৃহত ৰাণী মিস্ত্ৰীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে৷ তেওঁ কয় যে মধ্যপ্ৰদেশত ৫০হাজাৰতকৈ অধিক মিস্ত্ৰীক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰে ৯,০০০ৰেই মহিলা৷ যেতিয়া দুখীয়া লোকসকলৰ উপাৰ্জন বৃদ্ধি পায়, তেওঁলোকৰ বিশ্বাসো বৃদ্ধি হয়৷ সেয়েহে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পও সুদৃঢ় হয়৷ এই বিশ্বাসক সুদৃঢ় কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পৰা প্ৰতিখন গাঁৱৰ আন্তঃগাঁথনি আধূনিক ৰূপত গঢ়ি তোলা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ২০২০ৰ ১৫ আগষ্টত লালকিল্লাৰ প্ৰাচীৰ পৰা দিয়া প্ৰতিশ্ৰুতি দোঁহাৰি কয় যে অহা ১,০০০ দিনৰ ভিতৰত দেশৰ ৬,০০০ গাঁৱত অপ্টিকেল ফাইবাৰ নেটৱৰ্ক স্থাপন কৰা হ’ব৷ তেওঁ কয় যে আনকি এই ক’ৰোনা কালত প্ৰধানমন্ত্ৰী গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত এই কাম দ্ৰুতগতিত সম্পন্ন কৰি থকা হৈছে৷ তেওঁ কয় যে কেইটসপ্তাহমানতে ৫,০০০ কিলোমিটাৰ অপ্টিকেল ফাইবাৰৰ কাম ১১৬খন জিলাত সম্পন্ন কৰা হৈছে৷ তেওঁ কয় ১,২৫০খনতকৈ অধিক গাওঁ পঞ্চায়তক ১৯ হাজাৰ অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰা হয় আৰু ১৫ হাজাৰ ৱাই-ফাই হটস্পট প্ৰদান কৰা হয়৷ তেওঁ কয় যে যেতিয়া উন্নত আৰু দ্ৰুত ইণ্টাৰনেট সেৱা গাঁৱত উপলব্ধ হ’ব, তেতিয়া গাঁৱৰ সন্তানসকলে শিক্ষাৰ বাবে উন্নত সূযোগ লাভ কৰিব আৰু যুৱক-যুৱতীসকলে ব্যৱসায়ৰ উন্নত সূযোগ লাভ কৰিব৷ তেওঁ কয় যে বৰ্তমান চৰকাৰৰ সকলো সেৱা অনলাইনযোগে কৰা হৈছে, যাতে সুবিধা ক্ষিপ্ৰতাৰে লাভ কৰে, দুৰ্নীতিমুক্ত হয় আৰু গাঁওবাসী এটা সৰু কাম বাবে চহৰলৈ যাব লগা নহয়৷ তেওঁ কয় যে গাঁওবাসী আৰু দুখীয়া লোকসকলক সবলীকৰণৰ এই অভিযান দ্ৰুতগতিত সম বিশ্বাসেৰে অগ্ৰগতি লাভ কৰিব৷

***

VRRK/AK/DB



(Release ID: 1653610) Visitor Counter : 172