ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ বাবে বৰ্তমানে বাহাল থকা সময় সীমা শিথিল কৰিলে চৰকাৰেঃ ডঃ জীতেন্দ্ৰ সিং

কেন্দ্ৰীয় মন্ত্ৰীয়ে কলে, এই পদক্ষেপৰ ফলত মহামাৰীৰ সময়ত বয়োজ্যষ্ঠ লোকসকলে বৃহত্ সকাহ পাব

Posted On: 11 SEP 2020 4:39PM by PIB Guwahati

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন ৰাজ্য মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব),প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী, ব্যক্তিগত, ৰাজহুৱা ওজৰ-আপত্তি, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে কয় যে জীৱন প্ৰমাণ পত্ৰ জমা দিয়াৰ বাবে বৰ্তমানে বাহাল থকা সময় সীমা শিথিল কৰিছে চৰকাৰে, যাৰ ফলত মহামাৰীৰ সময়ত বয়োজ্যষ্ঠ লোকসকলে বৃহত্ সকাহ পাব।

 

কেন্দ্ৰীয় চৰকাৰৰ সকলো পেন্সনাৰে ১ নৱেম্বৰ,২০২০ ৰ পৰা ৩১ ডিচেম্বৰ ২০২০ৰ ভিতৰত জীৱন প্ৰমাণ পত্ৰ জমা দিব পাৰিব। পূৰ্বে পেন্সন অব্যাহত ৰাখিবলৈ কেৱল নৱেম্বৰ মাহতহে এই প্ৰমাণ পত্ৰ জমা দিব লাগিছিল। আনহাতে ৮০ বছৰ আৰু ইয়াৰ উৰ্দ্ধৰ পেন্সনভোগী সকলে ১ অক্টোবৰ,২০২০ৰ পৰা ৩১ ডিচেম্বৰ, ২০২০ৰ ভিতৰত জীৱন প্ৰমাণ পত্ৰ জমা দিব পাৰিব।

 

ডঃ জীতেন্দ্ৰ সিঙে কয় যে সম্প্ৰতি অব্যাহত থকা কভিড-১৯ মহামাৰী আৰু বয়োজ্যষ্ঠ লোকসকল অতি সহজতে এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ শংকাৰ প্ৰতি লক্ষ্য ৰাখি

এই সিদ্ধান্ত লোৱা হৈছে।

 

কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেক পেন্সনভোগীয়ে নিজৰ পেন্সন অটুট ৰাখিবলৈ নৱেম্বৰ মাহত জীৱন প্ৰমাণ প্ৰত্ৰ প্ৰস্তুত কৰিব লাগিব। পেন্সনভোগীসকলে বেংকৰ শাখালৈ গৈ জীৱন প্ৰমাণ পত্ৰ প্ৰস্তুত কৰিব পাৰে, কিন্তু পেন্সন আৰু পেন্সনভোগীৰ কল্যাণ বিভাগে ডিজিটেল প্ৰমাণ পত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে যাৰ জৰিয়তে এজন লোকে ঘৰৰ পৰাও দিব পাৰিব।

 

 

২০১৯ বৰ্ষত বয়োজ্যেষ্ঠ পেন্সনভোগীৰ জীৱন প্ৰমাণ পত্ৰ জমা দিয়াত সহায় হোৱাৰ বাবে অতিৰিক্ত সমৰ্পিত সময় দি প্ৰতিটো বিভাগে ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ পেন্সনভোগীসকলক প্ৰতি বছৰৰ ১ নৱেম্বৰৰ পৰিৱৰ্তে ১ অক্টোবৰৰ পৰাই জীৱন প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা সন্দৰ্ভত আদেশ জাৰি কৰিছে যাতে তেওঁলোকে নৱেম্বৰ মাহত ভিৰ-ভাৰৰ পৰা সাৰিব পাৰে।

 

 *******

SNC/KG



(Release ID: 1653525) Visitor Counter : 165