স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

উত্তৰ পূবৰ ৰাজ্যকেইখনক সক্ৰিয়তাৰে সংক্ৰমণৰ শৃংখল ছিঙিবলৈ আহ্বান কেন্দ্ৰৰ

উত্তৰ পূবৰ আঠোখন ৰাজ্যৰ ক’ভিড ব্যৱস্থাপনা কৌশল পৰ্যবেক্ষণ স্বাস্থ্য সচিবৰ

Posted On: 11 SEP 2020 7:30PM by PIB Guwahati

উত্তৰ পূবৰ আঠোখন ৰাজ্যৰ ক’ভিড ব্যৱস্থাপনা কৌশল আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনাৰ অৰ্থে কেন্দ্ৰীয় স্বাস্থ্য সচিবে আজি এখন ভিডিঅ’ কনফাৰেন্স (ভিচি)ত ভাগ লয়। এই ভিচিত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমৰ প্ৰধান সচিব, স্বাস্থ্য সচিব আৰু আন ৰাজ্যিক প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। দেশখনত মুঠ সক্ৰিয় ঘটনাৰ ৫% তকৈয়ো কম উত্তৰ পূবৰ এই ৮ খন ৰাজ্যত আছে।

২৯,৬৯০ (আজিৰ তাৰিখত) সক্ৰিয় ঘটনাৰে, অসমে এই উত্তৰ পূবৰ আঠখন ৰাজ্যৰ মুঠ সক্ৰিয় ঘটনাৰ ৬৮% ধাৰণ কৰি আছে। ৭,৩৮৩ সক্ৰিয় ঘটনাৰে এই ৰাজ্যকেইখনৰ মুঠ সক্ৰিয় ঘটনাৰ তালিকাখনত দ্বিতীয় স্থানত থকা ত্ৰিপুৰাৰ হাৰ ১৭%।

এই ৰাজ্যকেইখনৰ মুঠ নিশ্চিত ঘটনা আৰু সক্ৰিয় ঘটনাৰ এটি অৱলোকন তলৰ তালিকাখনৰ জৰিয়তে আগবঢ়োৱা হৈছেঃ

 

#

 

 

ৰাজ্যৰ নাম

 

 

 

সক্ৰিয় ঘটনা

নিশ্চিত ঘটনা

 

 

আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ

 

১১-০৯-২০২০ অনুসৰি

১১-০৯-২০২০ অনুসৰি

১০-০৯-২০২০ অনুসৰি

যোৱা ২৪ ঘন্টাৰ ঘটনা

মুঠ

৪৩৭৪৭

১৭৮০৩২

১৭৩৯৭৮

৪০৫৪

 

অসম

২৯৬৯০

১৩৫৮০৫

১৩৩০৬৬

২৭৩৯

০.৩%

ত্ৰিপুৰা

৭৩৮৩

১৭৮১১

১৭২৫২

৫৫৯

০.৯৭%

অৰুণাচল প্ৰদেশ

১৬৫৮

৫৬৭২

৫৫৪৫

১২৭

 

০.১৬%

মণিপুৰ

১৬৩৩

৭৪৭০

৭৩৬২

১০৮

০.৫৯%

মেঘালয়

১৪৩৪

৩২৯৬

৩১৯৭

৯৯

০.৬১%

নাগালেণ্ড

৮৩৪

৪৬৩৬

৪৩৭৫

২৬১

০.২২%

মিজোৰাম

৫৮৩

১৩৩৩

১১৯২

১৪১

%

ছিকিম

৫৩২

২০০৯

১৯৮৯

২০

০.৩৫%

 

কেন্দ্ৰীয় সচিবগৰাকীয়ে প্ৰতিৰোধ ব্যৱস্থা অব্যাহত ৰখা, টেষ্টিং বৃদ্ধি কৰা, চিকিৎসালয়সমূহত ৰোগীৰে ফলপ্ৰসূ মোকাবিলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যক্ত কৰে। ৰাজ্যকেইখনৰ সচিব আৰু প্ৰতিনিধিসকলে উক্ত ৮ খন ৰাজ্যৰ সাম্প্ৰতিক ক’ভিড-১৯ৰ স্থিতিৰ গভীৰ বিশ্লেষণ আগবঢ়ায়। ইয়াত, প্ৰতিৰোধৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰাজি, কনটেক্ট ট্ৰেচিং, নিৰীক্ষণ ক্ৰিয়া-কলাপ, সুবিধা অনুসৰি আক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ, সাপ্তাহিক নতুন ঘটনা আৰু মৃত্যুৰ ক্ষেত্ৰত প্ৰৱণতা ইত্যাদি সন্দৰ্ভত জনায়। তেওঁলোকে তদুপৰি, অহা এমাহলৈ তেওঁলোকৰ বিস্তৃত ৰোডমেপ আৰু কাৰ্যপ্ৰণালী সন্দৰ্ভতো অৱগত কৰে।

এই পৰ্যালোচনা বৈঠকখনত ৰাজ্যকেইখনত সম্পন্ন কৰা আৰটি-পিচিআৰ আৰু ৰেপিড এন্টিজেন টেষ্ট, এন্টিজেন টেষ্টত লক্ষণযুক্ত নিগেটিভসকলৰ ৰি-টেষ্টিঙৰ হাৰ, টেষ্টিং লেবৰ উপযোগিতা, চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা আৰু অক্সিজেন-চাপ’ৰ্টেড বেড, আইচিইউ বেড আৰু ভেন্টিলেটৰত কিমান ৰোগী আছে ইত্যাদি তথ্য বিৱৰি কোৱা হয়।

নিম্ন উল্লেখিত ক্ষেত্ৰসমূহত এই ৰাজ্য কেইখনক পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ প্ৰদান কৰা হয়ঃ

  1. বিশেষ প্ৰতিৰোধ ব্যৱস্থা আৰু সামাজিক দূৰত্বৰ নীতি অনুসৰণ, কটকটীয়া পৰিসীমা নিয়ন্ত্ৰণ আৰু ঘৰে-ঘৰে ঘটনাৰ সন্ধানৰদ্বাৰা সংক্ৰমণ সীমিত কৰা।
  2. গোটেই ৰাজ্যকেইখনৰ সকলোবোৰ জিলাতে টেষ্টিং বৃদ্ধিৰে চিনাক্ত কৰা আৰু আৰটি-পিচিআৰ টেষ্টিং ক্ষমতাৰ পূৰ্ণ ব্যৱহাৰ।
  3. হ’ম আইছ’লেশ্যনৰ ঘটনাসমূহৰ ফলপ্ৰসূ নিৰীক্ষণ আৰু ৰোগৰ মাত্ৰা বৃদ্ধিৰ লগে-লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা।
  4. অন্যান্য ৰোগত ভূগি থকা আৰু বৃদ্ধ লোকসকলকে প্ৰমুখ্য় কৰি মেডিকেল ছাপ’ৰ্টৰ প্ৰয়োজন হোৱা ৰোগীক চিকিৎসাধীন কৰি ৰখা আৰু অগ্ৰিম এডমিশ্যন।
  5. মৃত্যুৰ হাৰ ১% বা নিম্ন কৰি ৰখা।

মহামাৰীটোৰে মোকাবিলা কৰিবলৈ একে মনোবলেৰে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ সচিব আৰু আন প্ৰতিনিধিসকলক কয়।

*****

MV/SB



(Release ID: 1653475) Visitor Counter : 194