উপ-ৰাষ্ট্ৰপতি সচিবালয়

নৈতিক মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ উপ-ৰাষ্ট্ৰপতিৰ

এই তথ্যসমৃদ্ধ যুগত যুৱ সমাজৰ মাজত সঠিক মূল্যবোধ থকাটো আৰু অধিক জৰুৰী হৈ পৰিছে

দেশৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ হাতত। - উপৰাষ্ট্ৰপতি

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ লেহেমীয়া নকৰিবলৈ আৰু যাৱতীয় সাৱধানতা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান দেশবাসীক

মহামাৰীৰ সময়ছোৱাত সংকটত থকা লোকসকলক সহায় - সান্ত্বনা দিয়ক

আপুনি যেতিয়াই আনৰ বাবে জীয়ায়, তেতিয়াই আপুনি দীৰ্ঘজীৱি হয়। - উপ ৰাষ্ট্ৰপতি

শীঘ্ৰেই এই ভাইৰাছৰ বিৰুদ্ধে জয়লাভ নিশ্চিত বুলি আশাবাদী উপৰাষ্ট্ৰপতি

হাৰ্টফুলনেছ শীৰ্ষক সৰ্বভাৰতীয় প্ৰবন্ধ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিলে উপৰাষ্ট্ৰপতিয়ে

Posted On: 11 SEP 2020 1:30PM by PIB Guwahati

উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি নাগৰিকৰ সামগ্ৰিক বিকাশৰ বাবে নৈতিক মূল্যবোধৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে নৈতিক মূল্যবোধৰ শিক্ষা আমাৰ শিক্ষা প্ৰণালীৰ অভিন্ন অংগ হৈ উঠা উচিত।

উপৰাষ্ট্ৰপতিয়ে আজি ৰামচন্দ্ৰ মিছন তথা ভাৰত আৰু ভূটানৰ বাবে সংযুক্ত ৰাষ্ট্ৰৰ সূচনা কেন্দ্ৰৰ দ্বাৰা সন্মিলিত ৰূপৰ সমাহাৰেৰে আয়োজিত হাৰ্টফুলনেছ - সৰ্বভাৰতীয় প্ৰবন্ধ লেখা প্ৰতিযোগিতাৰ অনলাইনযোগে শুভাৰম্ভ কৰা এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতা প্ৰতিবছৰে জুলাই মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয়।

উপৰাষ্ট্ৰপতিয়ে এনেধৰণৰ বিভিন্ন পদক্ষেপৰ প্ৰসংশা কৰি কয় যে এনেধৰণৰ আয়োজনে দেশৰ যুৱ সমাজক চিন্তা কৰিবৰ বাবে প্ৰেৰণা দিয়ে, সুযোগ দিয়ে, যিয়ে নিজৰ জীৱনটোক সাৰ্থক আৰু যোগাত্মক কৰি তোলাত অৰিহণা যোগাব পাৰে। তেওঁ সন্তুষ্টি ব্যক্ত কৰি কয় যে ইংৰাজীৰ উপৰিও দহটা ভাৰতীয় ভাষাত এই প্ৰবন্ধ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। তেওঁ লগতে প্ৰত্যাশা ব্যক্ত কৰি কয় যে ভৱিষ্যতে এই ব্যৱস্থাত সকলো ভাৰতীয় ভাষা চামিল কৰিব পৰা যাব।

 

নতুন শিক্ষা নীতি ২০২০ ত নৈতিক শিক্ষাৰ দিশটোও চামিল কৰাৰ বাবে প্ৰসন্নতা ব্যক্ত কৰি তেওঁ কয় যে নৈতিক শিক্ষা প্ৰাচীন কালৰে পৰা আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ অভিন্ন অংগ হৈ আহিছে।

 

তেওঁ লগতে কয় যে এই ক্ষীপ্ৰতাৰে ভৰা তথ্যৰ যুগত, য’ত তথ্য আৰু প্ৰযুক্তিৰ ব্যাপক সমাহাৰ ঘটিছে, তেনে এটা যুগত নৈতিক শিক্ষাৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে, অন্যথা তথ্য আৰু প্ৰযুক্তিৰ এই ব্যাপক সমাহাৰে ব্যক্তিবিশেষক দিকভ্ৰষ্ট কৰিব পাৰে।

 

তেওঁ লগতে সাৰ্বভৌমিক নৈতিক মূল্যবোধক পুনৰুজ্জীৱিত কৰাৰ আহ্বান কৰি কয় যে আমি আমাৰ শিপাডাললৈ উভতি যাব লাগে, আমাৰ অস্তিত্বৰ ভেটিলৈ উভতি যাব লাগে, পাৰম্পৰিক জ্ঞান আৰু শিক্ষণ প্ৰণালীৰ পৰাও আমি শিকিব লাগে।

 

তেওঁ চৰকাৰ, পৰিয়াল, গুৰুজন, শিক্ষা প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংস্থা আদিকো আহ্বান জনায় যে তেওঁলোকে যেন শিক্ষাৰ্তীসকলৰ জীৱনত নৈতিক মূল্যবোধ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আমি যদিহে সঠিক দিশেৰে আগবাঢ়ো তেন্তে ভাৰতে সমগ্ৰ বিশ্বতে মূল্যবোধৰ ভেটিত প্ৰতিষ্ঠিত শিক্ষাৰ এক আধাৰ স্থাপন কৰিব পাৰিব।

 

তেওঁ লগতে কয় যে আমাৰ দেশৰ যুৱ সমাজৰ ক্ষমতা ব্যৱহাৰ কৰিবৰ বাবে তেওঁলোকক শিক্ষিত কৰি তোলাটো নিতান্তই জৰুৰী। লগতে বিশ্ববিদ্যালয়সমূহে নিজৰ শিক্ষাৰ স্তৰ শুধৰোৱাৰো প্ৰয়োজনীয়তা আছে, যাৰ দ্বাৰা ভাৰত বিশ্বতে শিক্ষা আৰু উদ্ভাৱনীয়তাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিবেচিত হৈ থাকিব পাৰে।

 

যুৱসমাজক ভৱিষ্যৎৰ নায়ক বুলি অভিহিত কৰি উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেকয় যে দেশৰ ভৱিষ্যৎ দেশৰ যুৱ সমাজৰ হাততে।

 

এই প্ৰসঙ্গতে শিক্ষা প্ৰতিষ্ঠানবোৰ আৰু উদ্যোগসমূহৰ মাজত সামঞ্জস্য ৰখাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে আৰু বিভিন্ন অনুসন্ধানৰ বাবে ৰাজহুৱা তথা ব্যক্তিগত প্ৰতিষ্ঠানৰ বিনিয়োগ বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায়।

 

ক’ভিড মহামাৰীৰ বিষয়ে উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিয়ে কয় যে দেশে সংকল্প শক্তি ইতিমধ্যেই প্ৰদৰ্শন কৰিছে আৰু সন্মিলিত ৰূপেৰে এই আপদৰ পৰা পৰিত্ৰাণ পোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।

 

তেওঁ কয় যে এই মহামাৰীৰ সময়তেই মানুহৰ প্ৰকৃত চৰিত্ৰৰ উমান পোৱা যায়, কোনো বিপদ বা আপদেই ইমান কঠিন বা জটিল নহয়, যাৰ সমাধান স্বচ্ছ মন আৰু মূল্যবোধৰ সন্মিলিত ৰূপেৰে কৰিব নোৱাৰি।

 

শ্ৰী নাইডুৱে কয় যে মহামাৰীৰ বাবে জীৱনত মানসিক চিন্তা আৰু চাঁপৰ সৃষ্টি হৈছে, যাৰ প্ৰতিকাৰ পৰিয়ালৰ সৈতে মিলি, একেলগে থাকি, ধ্যানৰ দ্বাৰাই কৰিব পৰা যাব।

 

শ্বেয়াৰ এণ্ড কেয়াৰ’ক ভাৰতীয় জীৱন দৰ্শনৰ আধাৰ হিচাপে অভিহিত কৰি তেওঁ কয় যে সমবেদনা, কৰুণা, বয়োজ্যেষ্ঠজনক সন্মান, আধ্যাত্মিক সদ্ভাৱৰ দৰে গুণ যুৱক-যুৱতীসকলৰ মাজত প্ৰতিষ্ঠা কৰাটো অত্যন্ত জৰুৰী বুলি উল্লেখ কৰে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে।

তেওঁ মহামাৰীৰ এই সময়ছোৱাত সংকটত থকা লোকসকলক সহায় আৰু সান্ত্বনা প্ৰদান কৰাৰ বাবে আহ্বান জনায় কয় যে আপুনি যদি আনৰ বাবে জীয়াব পাৰে তেন্তে আপুনি দীৰ্ঘজীৱী হ’ব পাৰে।

 

ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক ক’ভিড মহামাৰীক সহজভাৱে নলৈ ইয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় সকলোবোৰ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ সম্পূৰ্ণ পাঠ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

***

VRRK/MS/MSY/DP/RD


(Release ID: 1653437)