শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

শ্ৰম ব্যুৰ’ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰিলে মন্ত্ৰী গেংৱাৰে

प्रविष्टि तिथि: 11 SEP 2020 6:14PM by PIB Guwahati

শ্ৰম আৰু নিয়োগ বিভাগ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) সন্তোষ কুমাৰ গেংৱাৰে আজি চণ্ডীগড়ত শ্ৰম ব্যুৰ’ৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে৷ এই উপলক্ষে অনুষ্ঠানত শ্ৰম আৰু নিয়োগ বিভাগৰ সচিব হীৰালাল ছাৰাৰীয়া, শ্ৰম ব্যুৰ’ৰ সঞ্চালক প্ৰধান ডিপিএছ নেগীও উপস্থিত থাকে৷

ভৱ উদ্বোধন আগবঢ়োৱা ভাষণত মন্ত্ৰী গেংৱাৰে কয় যে সকলো ধৰণৰ শ্ৰমৰ তথ্য থকাটো অতি জৰুৰী কিয়নো ইয়াৰ জৰিয়তে নীতি প্ৰস্তুত কৰা আৰু শ্ৰম পৰিসংখ্যাৰ নামত উচৰ্গিত শ্ৰম ব্যুৰ’ৰ দৰে সংস্থাৰ অৱস্থিতি পৰিলক্ষিত হয়৷ তেওঁ লগতে কয় যে এই বছৰ এই সংস্থাটোৱে প্ৰশংসনীয় কাম কৰিছে৷ এশ বছৰৰ পাছত প্ৰতীক প্ৰস্তুত কৰাৰ পৰা আদি কৰি নতুন ভৱন নিৰ্মাণ কৰিছে৷ তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে সংস্থাটোৱে পেশাদাৰী প্ৰতিষ্ঠান আৰু ঘৰুৱা শ্ৰমিকৰ সন্দৰ্ভত দুটাকৈ ডাঙৰ সমীক্ষা সম্পন্ন কৰিছে৷

এই ব্যুৰ’ৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ সূচকাংক, প্ৰশাসনিক পৰিসংখ্যা আৰু শ্ৰম সম্পৰ্কীয় তথ্যৰ দিশত কাম কৰে৷ শ্ৰম ব্যুৰ’ৱে চিপিআই-আইডব্লিউ সূচকাংকও মাহিলীভিত্তিত প্ৰস্তুত কৰে, যাৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ শ্ৰমিক-কৰ্মচাৰীৰ মৰগীয়া বানচ আৰু মজুৰি নিয়ন্ত্ৰণ হয়৷

******

RCJ/RNM/IA/DB


(रिलीज़ आईडी: 1653415) आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Punjabi , Tamil , Telugu