আয়ুষ

পোষণ মাহ নিৰীক্ষণত আলোকপাত কৰা হ’ব আয়ুষভিত্তিক পুষ্টিগত সমাধান

Posted On: 10 SEP 2020 3:35PM by PIB Guwahati

ছেপ্টেম্বৰ ২০২০ত উদযাপন হোৱা পোষণ মাহত পুষ্টিগত সমাধান এক এৰাব নোৱাৰা অংশ হিচাপে বিবেচিত হৈছে৷ ইয়াৰ জৰিয়তে ক’ভিড-১৯ৰ প্ৰট’কল পালন কৰিও পোষণ অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচীৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে ৮ মাৰ্চ ২০১৮ তাৰিখে পোষণ অভিযানৰ সূচনা কৰিছিল৷ এই অভিযানৰ দ্বাৰা শিশুসকলক অপুষ্টি, কম ওজন, কিশোৰী, গৰ্ভৱতী মহিলা, স্তনপান কৰাই থকা মহিলাসকলৰ এনিমীয়া আদি সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰা হয়৷ পোষণ অভিযানত আয়ুষভিত্তিক সমাধান সংযুক্ত কৰাৰ বাবে মুখ্য সচিবে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব, আয়ুষ মন্ত্ৰালয়, পঞ্চায়তী ৰাজ মন্ত্ৰালয়, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়লৈ ৭ ছেপ্টেম্বৰ ২০২০ তাৰিখে এক জাননী জাৰি কৰিছিল৷

পোষণ অভিযানৰ আন এক গুৰুত্বপূৰ্ণ অংশ হ’ল গুৰুতৰ অপুষ্টিত ভুগি থকা শিশুসকলক আগতীয়াকৈ চিনাক্ত কৰা৷ সেইবাৰে চলিত বৰ্ষত ৰাষ্ট্ৰীয় পোষণ মাহত অপুষ্টিত ভুগি থকা শিশুসকলক চিনাক্ত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

আয়ুৰ্বেদ, সিদ্ধ আৰু ইউনানীৰ বিশেষজ্ঞসকলে পুষ্টিদায়ক খাদ্য, পৰিপূৰক খাদ্যৰ বাবে পৰামৰ্শ আগবঢ়াব৷ এই সন্দৰ্ভত আয়ুষ মন্ত্ৰালয়েও আয়ুষ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ দৰে ষ্টেকহ’ল্ডাৰ তথা ইয়াৰ স্বায়ত্বশাসিত সংস্থাসমূহৰ দ্বাৰা এক সমন্বয়মূলক কাৰ্যসূচী গ্ৰহণ কৰিব৷

সামাজিকভিত্তিত এই অভিযান শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পোষণ পঞ্চায়তৰ আয়োজন কৰা হ’ব য’ত গ্ৰামীণ স্বাস্থ্য অনাময় আৰু পুষ্টি কমিটীৰ সদস্যসকলেও অংশগ্ৰহণ কৰিব আৰু জনসাধাৰণেও ইয়াত অংশগ্ৰহণ কৰি চৰ্চা কৰাৰ অৱকাশ লাভ কৰিব৷

 

************

MV/SK/MANN



(Release ID: 1653219) Visitor Counter : 275