পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
বিহাৰত মুংগেৰ-ভাগলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৯৭১কোটি টকা অনুমোদন শ্ৰী গাডকাৰীৰ
বিহাৰত মুংগেৰ-ভাগলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে ৯৭১কোটি টকা অনুমোদন শ্ৰী গাডকাৰীৰ
Posted On:
10 SEP 2020 3:35PM by PIB Guwahati
কেন্দ্ৰীয় পথ পৰিবহন, ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে বিহাৰৰ ৮০ নং ৰাষ্ট্ৰীয় ঘাইপথত ১২০ কিঃমিঃ দৈৰ্ঘৰ মুংগেৰ-ভাগলপুৰ-কাহলগাঁও পকী পথ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনায়। এই পথটো ২ লেনযুক্ত হব আৰু কিছু স্থানত চাৰি লেনো বনোৱা হ’ব।
শ্ৰী নীতিন গাডকাৰীয়ে অহা তিনিমাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ এই পথছোৱাৰ শীঘ্ৰে মেৰামতিৰ বাবে ২০কোটি টকা মোকলাই দিবলৈও নিৰ্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে কয় যে এই পথটো এটা অতি গুৰুত্বপূৰ্ণ বাণিজ্যিক সংযোগী পথ যিটোৰে নিতৌ ২৫ হাজাৰ যান-বাহনৰ চলাচল হয়। অঞ্চলটোৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ সিদ্ধান্ত লয় মন্ত্ৰালয়ে। তেওঁ কয় যে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে ৰাজ্যখনৰ বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি পাব। এই পথটোৱে ৰাজ্য চৰকাৰে খাগৰিয়াৰ পৰা ছুলটানগঞ্জৰ অগৱানী ঘাটলৈ নিৰ্মাণ কৰি থকা দলংখনক সংযোগ কৰিব আৰু ইয়াৰ ফলত পথটোৰে প্ৰায় ৬০০০ বাহনৰ চলাচল হ’ব।
মুংগেৰৰ পৰা ভাগলপুৰ,কাহলগাঁও আৰু ঝাৰখণ্ডৰ মিৰ্জা চৌকীলৈকে বিহাৰৰ এই পথছোৱা আটাইতকৈ ব্যস্ত পথ। ইয়ে শিল যোগান খণ্ডৰ বাবে জীৱনৰেখাৰ দৰে কাম কৰে যিয়ে সমগ্ৰ বিহাৰ, নেপাল, পশ্চিম বংগ আদিৰ চাহিদা পূৰণ কৰে। এক গুৰুত্বপূৰ্ণ পৰ্যটন পথ হোৱাৰ উপৰিও এই পথটোৱে ভাগলপুৰৰ বিখ্যাত বিক্ৰমশীলা বিশ্ববিদ্যালয়কো সংযোগ কৰে।
********************************************************
RCJ/MS/KG
(Release ID: 1653214)
Visitor Counter : 114