বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ উদ্ভাৱনী যাত্ৰা, উদ্যোক্তা আৰু ইনক্যুবেচন বিষয়ত প্ৰতিবেদন দাখিল

Posted On: 10 SEP 2020 12:50PM by PIB Guwahati

এই সপ্তাহৰ আৰম্ভণিতে এক অনলাইন অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই জাতীয় বিজ্ঞান আৰু প্ৰযুক্তি উদ্যোক্তা উন্নয়ন ব'ৰ্ডৰ অন্তৰ্গত উদ্ভাৱন, উদ্যোক্তা আৰু ইনক্যুবেচন বিষয় সম্পৰ্কীয় এটা প্ৰতিবেদন প্ৰকাশ কৰিছে। জাতীয় বিজ্ঞান তথা প্ৰযুক্তি উদ্যোক্তা উন্নয়ন ব'ৰ্ডৰ মাধ্যমত এটি শক্তিশালী ইনক্যুবেচন নেটৱৰ্কৰ সহায়ত নতুনকৈ আৰম্ভ হোৱা ইক' ছিষ্টেম গঢ়ি তোলাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিবেদনত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৫ বছৰৰ কাৰ্যক্ৰম তুলি ধৰা হৈছে।

 

জাতীয় বিজ্ঞান আৰু প্ৰযুক্তি উদ্যোক্তা উন্নয়ন ব'ৰ্ডৰ মুৰব্বী ড৹ অনিতা গুপ্তই জনাইছে, উচ্চ শিক্ষা প্ৰতিষ্ঠানত উদ্ভাৱনী চিন্তা-ভাবনাৰ মাধ্যমত বিভিন্ন উদ্যোগক সমৰ্থন জনোৱা হৈছে আৰু ইনক্যুবেচন কাৰ্যকলাপক আগুৱাই লৈযোৱাৰ ক্ষেত্ৰত যথাযথ সহায় কৰা হৈছে। বিগত ৫ বছৰত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু জাতীয় বিজ্ঞান তথা প্ৰযুক্তি উদ্যোক্তা উন্নয়ন ব'ৰ্ডে যৌথভাৱে এই প্ৰয়াস চলাইছে। ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে জাতীয় উদ্যোগৰ সৈতে যুক্ত হৈ জাতীয় বিজ্ঞান আৰু প্ৰযুক্তি উদ্যোক্তা উন্নয়ন ব'ৰ্ড 'নেচনেল ইনিচিয়েটিভ ফৰ ডেভেলপিং এণ্ড হাৰ্নেছিং ইনভেচন' (এন আই ডি এইচ আই)-ৰ কাম আগবঢ়াই নিয়া হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ নিৰ্মিত ৫৫৩টা ইনক্যুবেচন নেটৱৰ্কৰ পৰিসৰত ৩,৬৮১টা ষ্টাৰ্টআপক লৈ অহা হৈছে। এই প্ৰতিবেদনত বিভিন্ন ষ্টাৰ্টআপ সংস্থাত সহযোগিতা প্ৰদান আৰু যৌথভাৱে মূলধন বিনিয়োগৰ বিষয়ে তুলি ধৰা হৈছে। উচ্চ শিক্ষা প্ৰতিষ্ঠানত প্ৰযুক্তিগত শক্তি বৃদ্ধি আৰু ইনক্যুবেচন নেটৱৰ্কৰ মাধ্যমত ষ্টাৰ্টআপবিলাকক সুবিধা প্ৰদানৰ বিভিন্ন দিশ ব্যাখ্যা কৰা হৈছে। কোভিড-১৯ৰ দৰে মহামাৰীৰ সময়ত জাতীয় বিজ্ঞান আৰু প্ৰযুক্তি উদ্যোক্তা উন্নয়ন ব'ৰ্ডৰ কাৰ্য ক্ষমতা অধিক বৃদ্ধি কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ইনক্যুবেটৰ নেটৱৰ্ক তথা তাৰ পৰিসৰত থকা ষ্টাৰ্টআপ সংস্থাসমূহৰ কাৰ্যক্ষমতা বঢ়োৱা হৈছে। আনকি এই সংকটৰ সময়ত স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বিভিন্ন সমস্যা সমাধানৰ বাবে একাধিক তপৰতা গ্ৰহণ কৰা হৈছে।

 

******



(Release ID: 1653194) Visitor Counter : 146