কৃষি মন্ত্ৰালয়

ভাৰতীয় কৃষিত জল ব্য়ৱহাৰৰ দক্ষতা আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ ক’ভাৰেজ বৃদ্ধি সন্দৰ্ভত ৱেবিনাৰ সম্পন্ন

চৰকাৰে পাঁচ বছৰৰ ভিতৰত ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনত ১০০ লাখ হেক্টৰ কৃষিভূমিক সামৰি লোৱাৰ লক্ষ্য় নিৰ্ধাৰণ কৰিছে- কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

ক্ষুদ্ৰ জলসিঞ্চন পুঁজিৰ অধীনত ১২.৫৩ লাখ হেক্টৰ কৃষিভূমিক সামৰিবলৈ ৩৮০৫.৬৭ কোটি টকাৰ প্ৰকল্পত অনুমোদন

Posted On: 09 SEP 2020 4:33PM by PIB Guwahati

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ (DAC &FW)ৰদ্বাৰা ভাৰতীয় কৃষিত জল ব্যৱহাৰৰ দক্ষতা আৰু ক্ষুদ্ৰ জলসিঞ্চনৰ ক’ভাৰেজ বৃদ্ধি সন্দৰ্ভত আজি আয়োজিত এখনি উদ্বোধন কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে।

ৱেবিনাৰখনিত ভাষণ প্ৰদান কৰি, শ্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনত অহা পাঁচ বছৰৰ ভিতৰত ১০০ লাখ হেক্টৰ কৃষিভূমি সামৰি লোৱাৰ লক্ষ্য় নিৰ্ধাৰণ কৰিছে চৰকাৰখনে। ২০১৯-২০ বৰ্ষত, ড্ৰিপ আৰু স্প্ৰিংকলাৰ জলসিঞ্চন প্ৰণালীৰ জৰিয়তে প্ৰায় ১১ লাখ কৃষক লাভান্বিত হৈছে। যোৱা পাঁচটা বছৰত, দেশখনৰ ৪৭.৯২ লাখ হেক্টৰ এলেকা ক্ষুদ্ৰ জলসিঞ্চনৰ অধীনত সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত ২০১৯-২০তে ১১.৭২ লাখ হেক্টৰক সামৰি ল’ব পৰাটো আছিল বিশেষ সফলতা। ইয়াৰোপৰি, তেওঁ অৱগত কৰে যে কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ (DAC &FW)এ কৃষি খণ্ডত জল ব্যৱহাৰৰ দক্ষতা বৃদ্ধিৰ অৰ্থে ২০১৫-১৬ৰপৰা প্ৰধান মন্ত্ৰী কৃষি সিঁচাই যোজনা (পিএমকেএছৱাই-পিডিএমচি)ৰ ‘পাৰ ড্ৰপ ম’ৰ ক্ৰপ’ উপাংশ ৰূপায়ণ কৰিছে আৰু অতিশয় গুৰুত্বপূৰ্ণভাৱে কৃষকলৈ ঘূৰাই দিয়া সামগ্ৰিক লাভৰ পৰিমাণ বৃদ্ধি পাইছে।

 

কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে ক্ষুদ্ৰ জলসিঞ্চনৰ ক’ভাৰেজ সম্প্ৰসাৰণৰ বাবে সম্পদৰ সহজলভ্যতাত ৰাজ্যসমূহৰ সকাহ হোৱাকৈ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)ৰ সৈতে চৰকাৰখনে ৫০০০ কোটি টকাৰ এটা সমৰ্পিত ক্ষুদ্ৰ জলসিঞ্চন পুঁজি (এমআইএফ) গঠন কৰিছে। এমআইএফৰ অধীনত ইয়াৰ পৰিচালনা সমিতি আৰু নাবাৰ্ডে ১২.৫৩ লাখ হেক্টৰ কৃষিভূমিক সামৰি ল’বলৈ ৩৮০৫.৬৭ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে।

 

 

এই বিষয়টোৰ কাৰিকৰী দৃষ্টিকোণেৰে পেনেল আলোচনা অনুষ্ঠিত হয়। ভাৰতীয় কৃষিত জল ব্যৱহাৰৰ দক্ষতা বৃদ্ধি সন্দৰ্ভত পেনেলৰ পৌৰহিত্য কৰে নিটি আয়োগৰ সদস্য অধ্যাপক ৰমেশ চান্দে। ইফালে ক্ষুদ্ৰ জলসিঞ্চনৰ ক’ভাৰেজ বৃদ্ধি সন্দৰ্ভত পেনেলৰ পৌৰহিত্য কৰে কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পুৰুষোত্তম ৰূপালাই। সমান্তৰালভাৱে, জলসিঞ্চন প্ৰণালীৰ যথাৰ্থতা আৰু ব্যক্তিগত খণ্ডৰ ভূমিকা সন্দৰ্ভত অনুষ্ঠিত পেনেলৰ পৌৰহিত্য কৰে কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ (DAC &FW)ৰ অতিৰিক্ত সচিব ডঃ অলকা ভাৰ্গৱে।

ইয়াত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী কৈলাশ চৌধুৰীয়েও অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰ, নাবাৰ্ড, জলসিঞ্চন সংস্থা, জল প্ৰযুক্তিবিদ, কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই), ইন্টাৰনেশ্যনেল ৱাটাৰ মেনেজমেন্ট ইনষ্টিটিউটৰ বিশেষজ্ঞসকলে দেশখনৰ কৃষি খণ্ডত জল ব্যৱহাৰৰ দক্ষতা বৃদ্ধিৰ অৰ্থে ক্ষুদ্ৰ জলসিঞ্চনৰ ক’ভাৰেজ সন্দৰ্ভত ব্যক্ত কৰে। ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰসমূহৰ ভিন্ন বিভাগ, ৰূপায়ণকাৰী সংস্থা, একাংশ প্ৰগতিশীল কৃষককে ধৰি ‘এনচিপিএএইচ’ৰ ১০০ ৰোধিক অংশগ্ৰহণকাৰীয়ে ৱেবিনাৰখনিত ভাগ লয়।

****

APS/SG/SB



(Release ID: 1652871) Visitor Counter : 151