যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
কলকাতাৰ ছাই আঞ্চলিক কেন্দ্ৰত ফিট ইণ্ডিয়া ফ্ৰীডম ৰান ফ্লেগ অফ কৰিলে পদ্মশ্ৰী বুলা চৌধুৰীয়ে
Posted On:
09 SEP 2020 6:29PM by PIB Guwahati
কলকাতাৰ স্প’ৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (SAI) ত আয়োজন কৰা হৈছে ফিট ইণ্ডিয়া ফ্ৰীডম ৰান। ছাইৰ নেতাজী সুভাষ পূৰ্বাঞ্চলীয় কেন্দ্ৰত আজি পুৱা ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ প্ৰতিযোগিতাৰ প্ৰাক্তন বিজয়ী, অৰ্জুন বঁটা প্ৰাপ্ত, পদ্মশ্ৰী বুলা চৌধুৰীয়ে দৌৰৰ ফ্লেগ অফ কৰে।

উল্লেখ্য যে শ্ৰীমতী চৌধুৰীয়েই হৈছে প্ৰথম মহিলা সন্তৰণবিদ যিয়ে পাঁচটাকৈ সামূদ্ৰিক চেনেল সাঁতুৰি পাৰ হৈছে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ছাই আঞ্চলিক কেন্দ্ৰৰ দায়িত্বত থকা বিষয়া বিনীত কুমাৰৰ উপৰি কেন্দ্ৰৰ কৰ্মচাৰীসকল, বিষয়া তথা প্ৰশিক্ষকসকল উপস্থিত আছিল।
শ্ৰীমতী চৌধুৰীয়ে এই অনুষ্ঠানত উপস্থিত থাকি কয়, ফিটনেছৰ মাধ্যমেৰে ৰোগ প্ৰতিৰোধ ক্ষমতা যিদৰে বৃদ্ধি পায়, তাৰ লগে লগে সৰ্বাঙ্গীনভাৱে ই আমাৰ দেশ গঠনৰ ক্ষেত্ৰতো সহায় কৰে। তেওঁ লগতে কয়, ক’ভিড-১৯ পৰিস্থিতিত ফিটনেছ যিদৰে অতিকৈ প্ৰয়োজনীয়, ঠিক তেনেদৰে সেই পৰিস্থিতি পাৰ হোৱাৰ পিছতো এয়া অব্যাহত ৰখাটো সমানেই গুৰুত্বপূৰ্ণ।

আপুনি যদি ফিট থাকে তেন্তে আপোনাৰ পৰিয়ালো ফিট হৈ থাকিব, সুস্থ হৈ থাকিব, আৰু এনেদৰেই সমগ্ৰ দেশেই সুস্থ সবল হৈ থাকিব। সেয়ে প্ৰত্যেকেই নিয়মিতভাৱে ফিটনেছৰ কথা চিন্তা কৰা উচিত।
উল্লেখ্য যে শাৰীৰিক সক্ৰিয়তা আৰু ফিটনেছৰ গুৰুত্ব সম্পৰ্কে সচেতন কৰি তুলিবৰ বাবে ছল্টলেকৰ ছাই কেন্দ্ৰৰ মাজত এই দৌৰৰ আয়োজন কৰা হৈছিল। তৰ লগতে পূৰ্বাঞ্চলৰ জগতপুৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ, আগৰতলা, বোলপুৰ, বৰ্ধমান, কটক, ধংকানল, গিধাউৰ, হাজাৰিবাগ, জলপাইগুড়ি, কিষাণগঞ্জ, লেবং, পাটনা, পোৰ্ট ব্লেয়াৰ, ৰাঁচী আৰু সুন্দৰগড়ৰ ছাই প্ৰশিক্ষণ কেন্দ্ৰ আৰু খেলো ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰক আজি পুৱাতেই এই দৌৰৰ আয়োজন কৰা হৈছিল।
*******
NB/OA/RD
(Release ID: 1652869)