যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

অসুস্থ ভাৰতীয় জুনিয়ৰ ফুটবলাৰ ৰামানন্দ নিংথৌজামৰ বাবে ৫লাখ টকা অনুমোদন কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৰ

प्रविष्टि तिथि: 09 SEP 2020 7:33PM by PIB Guwahati

বহু আন্তৰ্জাতিক টুৰ্ণামেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰা যুৱ ফুটবলাৰ ৰামানন্দ নিংথৌজাম সম্প্ৰতি বৃক্কৰ ৰোগত ভুগি আছে। বৃক্ক বিকল হোৱা খেলুৱৈগৰাকীক আৰ্থিক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ক্ৰীড়া মন্ত্ৰালয়। এগৰাকী ৰিক্সা চালকৰ পুত্ৰ ৰামানন্দক পৰিয়ালে উপযুক্ত চিকিত্সা আগবঢ়োৱাৰ কোনো উপায় নাই। বৰ্তমান মণিপুৰৰ শ্বিজা হাস্পতালত চিকিত্সাধীন হৈ থকা খেলুৱৈগৰাকী বৃক্কৰ ৰোগৰ লগতে দৃষ্টিশক্তিৰ ৰোগতো ভুগিছে।

 

খেলুৱৈগৰাকীৰ গুৰুতৰ চিকিত্সা স্থিতি আৰু পৰিয়ালৰ পৰিয়ালৰ বিত্তীয় স্থিতি বিবেচনা কৰি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে খেলুৱৈৰ বাবে থকা পণ্ডিত দীনদয়াল উপাধ্যায় ৰাষ্ট্ৰীয় কল্যাণ নিধিৰ অধীনত খেলুৱৈগৰাকীলৈ ৫লাখ টকাৰ এক্স গ্ৰেচিয়া বিত্তীয় সাহায্যত অনুমোদন জনায।

 

এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰি ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে কয়, আমাৰ এথলীট সকলৰ কল্যাণৰ হকে কাম কৰাটো চৰকাৰ মুখ্য কৰ্তব্য। ৰামানন্দই দেশক কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে আৰু ভাৰতীয় ক্ৰীড়ালৈ অৱদান আগবঢ়াইছে। ক্ৰীড়াক্ষেত্ৰ আৰু ইয়াৰ বাহিৰতো তেওঁলোকক উত্তম সুবিধা আগবঢ়োৱাটো গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোক এথলীটেই নহয়, আমাৰ ৰাষ্ট্ৰীয় সম্পদো, তেওঁলোক ৰাষ্ট্ৰীয় আইকন। সেয়ে যদিহে তেওঁলোকক আমি এক মৰ্যাদাসম্পন্ন জীৱনৰ নিশ্চিতি দিব নোৱাৰোঁ তেন্তে ক্ৰীড়াৰ বাবে জীৱনৰ মূল্যৱান সময়খিনি ত্যাগ কৰা ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰাটো সম্ভৱপৰ নহব।

 

পৰিয়ালৰ জ্যেষ্ঠ সন্তান ৰামানন্দই গুৱাহাটীত অনুষ্ঠিত ১৭ বছৰৰ অনুৰ্দ্ধৰ এছিয়ান ফুটবল ছকাৰ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ লগতে ২০১৩ চনত কল্যাণীত অনুষ্ঠিত ১২ বছৰৰ অনুৰ্দ্ধ/১৩ বছৰৰ অনুৰ্দ্ধৰ ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ছেম্পিয়নশ্বিপত আৰু ২০১৫ত দিল্লীত অনুষ্ঠিত ১৫ বছৰৰ অনুৰ্দ্ধৰ ৰাষ্ট্ৰীয় ছেম্পিয়নশ্বিপত অংশ লৈছিল।

 

পূৰ্বে প্ৰবীণ ক্ৰীড়া ধাৰাভাষ্যকাৰ নভী কাপাডিয়াক এই একেই পুঁজিৰ অধীনত সাহায্য আগবঢ়োৱা হৈছিল। কোনো খেলুৱৈক এনে সাহায্যৰ প্ৰয়োজন হলে ক্ৰীড়া মন্ত্ৰালয়ৰ জৰিয়তে আৱেদন নাইবা myasoffice[at]gmail[dot]com পত্ৰ প্ৰেৰণ কৰিব পাৰে ।

 

 *******

NB/OA/KG


(रिलीज़ आईडी: 1652865) आगंतुक पटल : 73
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Punjabi