সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

‘সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ’ৰ ২০২০-২১বিত্তীয় বৰ্ষৰ সকলো আঁচনিৰ কৰ্ম পৰিকল্পনা মুকলি কৰিলে শ্ৰী থাৱৰচন্দ গেহলটে

চলিত বৰ্ষত ‘সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ’ৰ আঁচনিসমূহৰ হিতাধিকাৰীৰ সংখ্যা উল্লেখনীয় হাৰত বৃদ্ধি পাইছে : শ্ৰী গেহলট

পোষ্ট কৰা হৈছে: 09 SEP 2020 1:57PM by PIB Guwahati

‘সামাজিক ন্যায় আৰু  সবলীকৰণ বিভাগ’ৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ সকলো আঁচনিৰ কৰ্ম পৰিকল্পনা মুকলি কৰিলে বিভাগটোৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী থাৱৰচন্দ গেহলটে। যোৱা ৭ ছেপ্টেম্বৰত প্ৰকাশ কৰা এই সম্পৰ্কীয় গ্ৰন্থখনত বিভাগটোৰ মুঠ ৩৩খন আঁচনিৰ কৰ্ম প্ৰিকল্পনাৰ সবিশেষ সন্নৱিষ্ট কৰা হৈছে। এই প্ৰথমবাৰৰ বাবে বিভাগটোৰ বাৰ্ষিক কৰ্ম পৰিকল্পনাৰ বিস্তৃত খটিয়ান একত্ৰে মুকলি কৰা পদক্ষেপ লোৱা হ’ল। ইয়াৰ জৰিয়তে বিভাগটোৱে ৰূপায়ণ কৰিব খোজা আঁচনিসমূহ নিৰ্দ্ধাৰিত সময়সূচী অনুসৰি ৰূপায়ণৰ বাবে ইয়াৰে জড়িত ৰাজ্য চৰকাৰ আৰু অন্যান্য সংস্থা তথা স্বেচ্ছাসেৱী সংগঠনসমূহৰ বাবে লক্ষ্যসমূহ স্পষ্ট কৰি দিয়াৰ প্ৰয়াস কৰা হৈছে। গ্ৰন্থখনত অনুসূচিত জাতি, অন্যান্য পিচপৰা শ্ৰেণী(অ’বিচি) আৰু জ্যেষ্ঠ নাগৰিক, নিচাযুক্ত ঔষধ সেৱনৰ পৰিণতি ভোগাসকল, তৃতীয় লিংগ, যাযাবৰ অথবা  পশুপালক শ্ৰেণীৰ জনজাতিসকলৰ কল্যাণৰ উদ্দেশ্যে সন্নিৱিষ্ট ৩৩খন আঁচনিৰ কৰ্ম পৰিকল্পনা সন্নিৱিষ্ট কৰা হৈছে।

এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত মন্ত্ৰী শ্ৰী গেহলটে কয় যে সকলো জাতি-জনগোষ্ঠীকে সামৰি এখন সন্মিল্লিত সমাজ গঢ়াৰ বাবে দেখা স্বপ্ন সাকাৰ কৰাৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ বাবে সমাজৰ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীসমূহক শৈক্ষিক, অৰ্থনৈতিক, সামাজিক উন্নয়ণৰ লগতে পুনৰসংস্থাপনৰ কাৰ্যকৰ্ম আদিৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰিবলৈ ২০২০-২১বৰ্ষৰ কাৰ্য পৰিকল্পনা যুগুতাই উলিওৱা হৈছে। ২০১৯-২০ বৰ্ষত বিভাগটোৰ বিভিন্ন আঁচনিৰ ২.৩৫ কোটি হিতাধিকাৰীৰ বাবে ৮৬০২.৩৩ কোটি টকা ব্যয়ৰ পৰিকল্পনা যুগতোৱা হৈছিল যদিও এইবেলি এইসমূহ আঁচনি ৰূপায়ণৰ বাবে পুঁজিৰ পৰিমাণ ১৫.৪৬শতাংশ বৃদ্ধিৰে ৯৯৩৩.৩৩ কোটি টকালৈ বদ্ধি কৰা হয়। চলিত বৰ্ষত ‘সামাজিক ন্যায় আৰু  সবলীকৰণ বিভাগ’ৰ আঁচনিসমূহৰ হিতাধিকাৰীৰ সংখ্যা উল্লেখনীয় হাৰত বৃদ্ধি পাইছে বুলি উল্লেখ কৰি শ্ৰী গেহলট এই সংখ্যা ১১০.৬শতাংশ হাৰে বৃদ্ধি পাই ৪.৯১ কোটি হ’বগৈ বুলি ধাৰণা প্ৰকাশ কৰে। ‘নতুন ভাৰত’ গঢ়াৰ দিশত এয়া এক  মাইলৰ খুঁটি হ’বগৈ বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

*****


(ৰিলিজ আই ডি : 1652814) অতিথি কক্ষ : 280