শক্তি মন্ত্ৰালয়
ৰায়গড-পুগলুৰ হাইভল্টেজ ডাইৰেক্ট কাৰেণ্ট(এইচভিডিচি) পুল-১ৰ বাণিজ্যিক কাম-কাজ আৰম্ভ
Posted On:
09 SEP 2020 1:06PM by PIB Guwahati
পাৱাৰগ্ৰিডে ১৫০০ মেগাৱাট ক্ষমতাসম্পন্ন ৰায়গড় এইচভিডিচি পুল-১ টাৰ্মিনেল ষ্টেচন চত্তীশগড় আৰু পুগলুৰ এইচভিডিচি টাৰ্মিনেল ষ্টেচন তামিলনাডু আৰু ৰায়গড়ৰ পৰা পুগলুৰলৈকে ১,৭৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ৮০০ কিলোৱাট ক্ষমতাসম্পন্ন এইচভিডিচি লাইন আৰু তামিলনাডুৰ দুটা লাইন একেলগ কৰি ৰায়গড় পুগলুৰ এইচভিডিচি পৰিবহণ প্ৰণালীৰ পুল-১ৰ কাম-কাজ আৰম্ভ কৰিছে৷ পাৱাৰগ্ৰিড কৰ্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেড হৈছে শক্তি মন্ত্ৰালয়ৰ এক মহাৰত্ন কোম্পানী, যি পশ্চিম অঞ্চলৰ পৰা দক্ষিণ অঞ্চললৈ বিশ্বস্ত আৰু গুণগত মানসম্পন্ন বিদ্যুৎ যোগান সুনিশ্চিত কৰাৰ বাবে ১,৫০০ মেগাৱাট বিদ্যুৎ প্ৰৱাহ সুগম কৰি তুলিছে৷
ক’ৰোনা মহামাৰীৰ বাবে বলবৎ কৰা লকডাউনৰ লগতে বিভিন্ন প্ৰত্যাহ্বানকো নেওচি পাৱাৰগ্ৰিডে ইয়াৰ বিশাল প্ৰণালীক ব্যৱসায়িক দক্ষতা আৰু আঁচনি প্ৰৱন্ধন ক্ষমতাৰ জৰিয়তে এই কাৰ্যত সফল হ’ব পাৰিছে৷
পুল-১ৰ ক্ষমতা ১৫০০ মেগাৱাট আৰু এইটো পশ্চিম আৰু দক্ষিণ অঞ্চলৰ মাজত ৬,০০০ মেগাৱাটৰ ৰায়গড়-পুগলুৰ এইচভিডিচি কাৰ্যসূচীৰ প্ৰথম পৰ্যায়৷ ইয়াৰ বাকী অংশৰ কাম বৰ্তমান চলি আছে আৰু ২০২০-২১ বৰ্ষতে সম্পূৰ্ণ কৰা হ’ব৷
শক্তি মন্ত্ৰালয়ৰ লাভজনক উদ্যোগ পাৱাৰগ্ৰিডে ইয়াৰ আধূনিক মেৰামতি কৌশল, পৰিচালন আৰু ডিজিটেল ব্যৱস্থাৰ ব্যৱহাৰ কৰি প্ৰায় ৯৯শতাংশ পৰিবহণ প্ৰণালীৰ মেৰামতি কৰি আছে৷ ৩১ আগষ্ট, ২০২০লৈকে পাৱাৰগ্ৰিড আৰু সহায়ক কোম্পানীসমূহৰ মুল পৰিবহণ সম্পত্তিৰ ভিতৰত ১,৬৪,৬১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰিবহণ লাইন,২৪৯ ছাব-ষ্টেচন আছে৷ইয়াৰ পৰিবহণ ক্ষমতা ৪,১৪,৭৭৪ এমবিএ৷
**********
RCJ/M/DB
(Release ID: 1652809)
Visitor Counter : 128