কৃষি মন্ত্ৰালয়

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রীয়ে ৯খন ৰাজ্যত ২২টা বাঁহ ক্লাষ্টাৰৰ শুভাৰম্ভ কৰে; ৰাষ্ট্ৰীয় বাঁহ মিচনৰ প্ৰতীক উন্মোচন ভাৰত বাঁহজাতীয় সামগ্রীৰ ৰপ্তানি বৃদ্ধিতো উদ্যোগী হৈ উঠিছে

ৰাষ্ট্ৰীয় বাঁহ মিচনৰ জৰিয়তে স্থানীয় শিল্পীসকলক কৰা সহায়ে প্ৰধানমন্ত্ৰীৰ স্থানীয় উদ্যোগ স্থাপনৰ লক্ষ্যক বাস্তবায়িত কৰিছেঃ শ্ৰী টোমৰ

Posted On: 08 SEP 2020 4:15PM by PIB Guwahati

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমৰে আজি অলনাইযোগে ৯খন ৰাজ্যত ২২টা বাঁহ ক্লাষ্টাৰৰ শুভাৰম্ভ কৰে৷ এই ৰাজ্যসমূহ হৈছে-গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, অসম, নাগালেণ্ড, ত্রিপুৰা, উত্তৰাখণ্ড আৰু কর্ণাটক। এই উপলক্ষে মন্ত্ৰী টোমৰে ৰাষ্ট্ৰীয় বাঁহ মিচনৰ প্ৰতীকো উন্মোচন কৰে৷ ৰাষ্ট্ৰীয় বাঁহ মিচনৰ সফলতাৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এইবাৰ বাঁহজাতীয় সামগ্রীৰ ৰপ্তানি বৃদ্ধিতো উদ্যোগী হৈ উঠিছে৷

ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্রীয়ে নিজে স্থানীয় উদ্যোগ সংস্থাসমূহৰ সুৰক্ষাত অগ্রাধিকাৰ দিছে৷ স্থানীয় জনসাধাৰণ আৰু শিল্পীসকলে যাতে কর্মসংস্থাপনৰ সুযোগ লাভ কৰে, তাৰবাবে এই প্ৰচেষ্টা হাতত লোৱা হৈছে৷ বাঁহ মিচনৰ সংশ্লিষ্ট সকলো পক্ষৰ আন্তৰিক প্ৰচেষ্টাৰ ফলত বাঁহ ক্ষেত্রৰ বাবে চৰকাৰৰ যি লক্ষ্য আছে সেয়া পুৰণ হ’ব৷ বাঁহৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ২০১৭চনত ১৯২৭ চনৰ ভাৰতীয় বন আইনৰ সংশোধন কৰা হয়। এই সংশোধনৰ ফলত বাঁহক উদ্ভিদ প্ৰজাতিৰ আওতাৰ পৰা বাদ দিয়া হয়। ইয়াৰ ফলত যিকোনো লোকে বাঁহৰ খেতি আৰু ইয়াৰ ব্যৱসায় কৰিব পাৰিব৷ দেশত বাঁহ উদ্যোগ খণ্ডৰ সামগ্ৰিক অগ্ৰগতি সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমদানি নীতি সৰল কৰা হৈছে। মন্ত্ৰী টোমৰে লগতে কয় যে ভাৰতত বাঁহৰ ব্যৱহাৰ এক অতি প্রাচীন পৰম্পৰা৷ বর্তমান এই পৰম্পৰাৰ সৈতে আধুনিক প্ৰযুক্তিৰ সমাযোজন ঘটোৱা হৈছে৷ সেইদৰে বাঁহ উদ্যোগক কামৰ উপযোগী কৰি তোলাৰ বাবে যুৱক-যৱতীসকলক প্ৰশিক্ষণো দিয়া হৈছে৷ তেওঁ প্ৰধানমন্ত্রী আত্মনির্ভৰ কৃষিৰ জৰিয়তে আত্মনির্ভৰ ভাৰত গঢ়াৰ আহ্বান প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে বাঁহ মিচনৰ সৈতে জড়িত ৰাজ্যসমূহৰ প্ৰতি আহ্বান জনায়৷

ৰাষ্ট্ৰীয় বাঁহ মিচনৰ প্ৰতীক চূড়ান্ত কৰাৰ বাবে আয়োজন কৰা প্ৰতিযোগিতাত তেলেংগানাৰ সাইৰাম গৌডি এডিগি বিজয়ী হয়৷ মাইগভৰ জৰিয়তে এই প্ৰতীকৰ বাবে সাধাৰণ জনতাৰ মাজত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল, য’ত ২,০৩৩খন আৱেদন জমা হৈছিল। এই আৱেদনসমূহৰ মাজৰ পৰা সাইৰামৰ প্ৰতীকৰ নক্সা এই মিচনৰ বাবে সর্বশ্রেষ্ঠ হিচাপে বিবেচিত হয়৷.

 

*************

APS/SG/DB



(Release ID: 1652509) Visitor Counter : 212