প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৯ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ ‘বাটৰ কাষৰ বেপাৰী’ৰ সৈতে ‘স্বনিধি সংবাদ’-ত মিলিত হ’ব প্ৰধানমন্ত্ৰী

Posted On: 08 SEP 2020 2:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ৯ ছেপ্টেম্বৰ ২০২০, অৰ্থাত্ কাইলৈ মধ্য প্ৰদেশৰ বাটৰ কাষৰ বেপাৰীৰ সৈতে স্বনিধি সংবাদ শীৰ্ষক এক কাৰ্যক্ৰমত মিলিত হব।

ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা মহা সংকটৰ পৰা মুক্ত হৈ জীৱনৰ চকৰি পুনৰাই ঘূৰাব পৰাকৈ বাটৰ কাষত বেহা কৰি জীৱন অতিবাহিত কৰা ক্ষুদ্ৰ বেপাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে ভাৰত চৰকাৰে যোৱা ১  জুন ২০২০ তাৰিখে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিখনৰ শুভাৰম্ভ কৰিছিল।

বিগত সময়চোৱাত মধ্য প্ৰদেশত ৪.৫ লাখ বাটৰ কাষৰ বেপাৰীয়ে নাম পঞ্জীয়ণ কৰিছিল আৰু ইয়াৰে ৪ লাখৰো অধিক বেপাৰীৰ পৰিচিতি নিশ্চিত কৰি প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ দিহা কৰা হৈছে। ইতিমধ্যে ইয়াৰে ২.৪৫ লাখ যোগ্য হিতাধিকাৰীৰ নাম বেংকৰ পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াৰে ১.৪ লাখ বেপাৰীৰ গ্ৰহণযোগ্যতা স্বীকাৰ কৰি তেওঁলোকলৈ ১৪০ কোটি টকাৰ বিত্তীয় নিধি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সম্পূৰ্ণ আবেদন গ্ৰহণ কৰা ৰাজ্যৰ তালিকাত মধ্য প্ৰদেশে প্ৰথমখন ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ লগতে এই পৰ্যন্ত লাভ কৰা আবেদনৰ ৪৭শতাংশই কেৱল ৰাজ্যখনৰ পৰাই লাভ কৰা হৈছে।

হিতাধিকাৰীসকলে এই কাৰ্যক্ৰম চাব পৰাকৈ ৰাজ্যখনৰ ৩৭৮টা পৌৰ নিকায়ৰ চৌহদত এলইডি স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে।

ৱেবকাষ্টৰ জৰিয়তে এই কাৰ্যক্ৰম সম্প্ৰচাৰিত কৰা হব। ইতিমধ্যে ইয়াৰ বাবে MyGov’s link https://pmevents.ncog.gov.in/ ত আগতীয়াকৈ নাম পঞ্জীয়ণৰ ব্যৱস্থা কৰা হৈছে।

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীয়ে এইসকল হিতাধিকাৰীৰ মাজৰ তিনিগৰাকীৰ সৈতে তেওঁলোকৰ ব্যৱসায়ৰ স্থানতে ভাৰ্চুৱেল মাধ্যমেৰে বাৰ্তালাপতো মিলিত হব।

***

 

AM/AP/SH/KB



(Release ID: 1652355) Visitor Counter : 210