ভুবিজ্ঞান মন্ত্ৰালয়
আগষ্ট-২০২০ত বতৰৰ স্থিতি তথা ইয়াৰ পৰ্যালোচনা আৰু ছেপ্টেম্বৰ-২০২০ৰ বাবে পূৰ্বানুমান
Posted On:
08 SEP 2020 10:35AM by PIB Guwahati
বতৰ বিজ্ঞান বিভাগৰ অধীনস্থ নতুন দিল্লীস্থিত ‘ৰাষ্ট্ৰীয় বতৰৰ আগলিবতৰা প্ৰদান কেন্দ্ৰ’ আৰু ‘আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ’ৰ তথ্য মতে :
আগষ্ট-২০২০ৰ উল্লেখনীয় তথ্যাৱলী
আগষ্ট-২০২০ৰ ৪-১০, ৯-১১, ১৩-১৮ আৰু ২৪-৩১তাৰিখৰ সময়চোৱাত বংগোপসাগৰত পাঁচবাৰ ধৰি নিম্নচাপৰ পৰিঘটনা সংঘটিত হৈছিল। এই কেউটা নিম্নচাপৰ ফলত সৃষ্টি হোৱা বায়ুপ্ৰবাহে মধ্য ভাৰতৰ মাজেৰে প্ৰায় পশ্চিম/উত্তৰ-পশ্চিমমুৱা হৈ পশ্চিম-মধ্য প্ৰদেশ আৰু ৰাজস্থান পৰ্যন্ত গতি কৰিছিল।
বছৰৰ আগষ্টমাহত সাধাৰণতে গড়ে ১৫ দিনমান নিম্ন চাপৰ সৃষ্টি হয় যদিও এইবেলি নিম্ন চাপ অব্যাহত থকা দিনৰ সংখ্যা ২৭দিনলৈ বৃদ্ধি পাইছিল।
আগষ্ট মাহৰ সময়চোৱাত বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপ অঞ্চলৰ স্থিতি সৰহখিনি সময়ৰ বাবে নিয়মীয়াতকৈ সামান্য দক্ষিণত পৰিলক্ষিত হৈছিল।
মাহটোত বৰষুণৰ পৰিমাণ সাধাৰণতকৈ ২৭% অধিক আছিল। বিগত সময়ত ১৯৮৩ চনতহে এনেকুৱাকৈ অতিৰিক্ত বৰষুণ হোৱা পৰিলক্ষিত হৈছিল। সেইটো বছৰত বৰষুণৰ পৰিমান সাধাৰণতকৈ ২৪% অধিক হৈছিল। ইফালে, ১৯০১ চনৰ পৰা ২০২০ৰ এই সুদীৰ্ঘ সময়চোৱাৰ ভিতৰত ১৯২৬ চনতে সৰ্বাধিক (সাধাৰণতকৈ ৩৩% অধিক) বৰষুণ হৈছিল।(অনুবন্ধ-১)
ধাৰাষাৰ বৰষুণৰ পৰিণতিত ওড়িশা, তেলেংগাণা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানত নৈসমূহ ফেনে-ফোটোকাৰে বাঢ়িবলৈ ধৰে আৰু বিভিন্ন স্থানত বানৰ সৃষ্টি হয়। একেৰাহে ৪ সপ্তাহ ধৰি হোৱা মৌচুমী-প্ৰবাহৰ পৰিণতিত দেশত অতিৰিক্ত বৰষুণ হোৱা বুলি বতৰ সম্পৰ্কীয় সাপ্তাহিক ভিডিঅ’সমূহত তথ্য দাঙি ধৰাৰ লগতে ‘ভাৰতীয় বতৰ-বিজ্ঞান বিভাগ’ৰ বতৰ সংক্ৰান্তীয় বাতৰি সময় সম্প্ৰসাৰিত কৰা হৈছিল।
আগন্তুক ৩-৪দিনত আতিপাত বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰি ইয়াৰ ফলত হ’ব পৰা পৰিস্থিতি চম্ভালিব পৰাকৈ সাজু থকাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক সকীয়াই দিয়া হৈছে।
ইফালে, ছেপ্টেম্বৰ মাহৰ ১১তাৰিখ পৰ্যন্ত কৰা বতৰৰ পূৰ্বানুমান অনুসৰি কৰ্ণাটক, কেৰালা আৰু মাহেৰ বিভিন্ন অঞ্চলত আৰু ৯ ছেপ্টেম্বৰ পৰ্যন্ত তামিলনাডু, পুডুচেৰী আৰু কৰাইকাল আদি স্থানত ধাৰাষাৰ বৰষুণ হ’ব পাৰে।
সেইদৰে, ৯ আৰু ১০ ছেপ্টেম্বৰ দিন দুটাত কৰ্ণাটকৰ উপকূলীয়া এলেকাসমূহত আৰু ৮ ছেপ্টেম্বৰত কেৰালা আৰু মাহেত মুষলধাৰ বৰষুণৰ সম্ভাৱনা প্ৰকট কৰা হৈছে।
মৌচুমী প্ৰবাহে সৃষ্টি কৰা নিম্নচাপ অঞ্চলৰ পশ্চিম-প্ৰান্ত আগন্তুক ৫টা দিনত নিয়মীয়া স্থানৰ সামন্য কাষত পৰিদৃষ্ট হোৱাৰ বিপৰীতে ইয়াৰ পূব-প্ৰান্ত নিয়মীয়া স্থানৰ সামান্য উত্তৰলৈ অথবা হিমালয়ৰ পাদদেশত পৰিলক্ষিত হ’ব।
ইয়াৰ পৰিণতিত ১১ছেপ্টেম্বৰ পৰ্যন্ত পশ্চিম বংগ আৰু ছিক্কিমৰ হিমালয়ৰ সমীপবৰ্তী এলেকাসমূহৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিস্তৃত এলেকাত প্ৰচণ্ড বৰষুণৰ লগতে ধুমুহা-গাজনিৰে বৰষুণ হ’ব পাৰে।
এই সময়চোৱাত ভাৰতৰ দক্ষিণৰ উপদ্বীপ অঞ্চলত নিয়মীয়াতকৈ সামান্য অধিক আৰু উত্তৰৰ গংগা-উপত্যকা অঞ্চলৰ উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগ আদি অঞ্চলত নিয়মীয়তকৈ অধিক পৰিমাণে বৰষুণ হোৱা সম্ভাৱনা প্ৰকট কৰা হৈছে।
ইফালে, দেশৰ মধ্য আৰু পূব প্ৰান্তৰ অঞ্চলসমূহত বৰষুণৰ পৰিমাণ নিয়মীয়াতকৈ সামান্য কম হ’ব বুলি ধাৰণা কৰা হৈছে।
আগন্তুক ৫দিনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান:
Kindly download MAUSAM APP for location specific forecast & warning, MEGHDOOT APP for Agromet advisory and DAMINI APP for Lightning Warning.
***
(Release ID: 1652334)
Visitor Counter : 263