পোষ্ট কৰা হৈছে:
07 SEP 2020 3:04PM by PIB Guwahati
ভাৰতীয় ৰে’লৱেয়ে অভিযানভিত্তিত কাম কৰি ছেপ্টেম্বৰ ২০২০ত ৬ ছেপ্টেম্বৰ পৰ্যন্ত বিগত বৰ্ষৰ সমান সময়ছোৱাৰ তুলনাত মালবাহী সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত অভিলেখৰ সৃষ্টি কৰিছে৷
ছেপ্টেম্বৰ ২০২০ত ৬ ছেপ্টেম্বৰ পৰ্যন্ত ভাৰতীয় ৰে’লৱেৰ দ্বাৰা ১৯.১৯ মিলিয়ন টন মাল বোজাই হৈছে যি বিগত বৰ্ষৰ এই সময়ছোৱাত মাল বোজাই (১৭.৩৮ মিলিয়ন টন)ৰ তুলনাত ১০.৪১ শতাংশ (১.৮১ মিলিয়ন টন) অধিক হৈছে৷ এই সময়ছোৱাত ভাৰতীয় ৰে’লৱেয়ে মাল বোজাইৰ দ্বাৰা ১৮৩৬.১৫ কোটি টকা উপাৰ্জন কৰিছে যি বিগত বৰ্ষৰ উপাৰ্জনৰ (১৭০৬.৪৭ কোটি টকা) তুলনাত ১২৯.৬৮ কোটি টকা অধিক হৈছে৷
ছেপ্টেম্বৰ ২০২০ৰ ৬ ছেপ্টেম্বৰ পৰ্যন্ত ভাৰতীয় ৰে’লৱেত ১৯.১৯ মিলিয়ন টনৰ মাল বোজাই হৈছে য’ত ৮.১১ মিলিয়ন টন কয়লা, ২.৫৯ মিলিয়ন টন লোৰ আকৰ, ১.২ মিলিয়ন টন খাদ্যান্ন, ১.০৩ মিলিয়ন টন সাৰ আৰু ১.০৫ মিলিয়ন টন (ক্লিংকাৰ বাদ দি) চিমেণ্ট আছে৷
উল্লেখ্য, ৰে’লৱেৰ দ্বাৰা মাল পৰিবহণ অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে ভাৰতীয় ৰে’লৱেত ৰেহাই/সাহায্যৰ ঘোষণা কৰা হৈছে৷
*****
DJN/MKV/MANN