গৃহ মন্ত্ৰালয়

তৃতীয় জাতীয় পোষণ মাহ উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আহ্বান জনালে পুষ্টিহীনতামুক্ত ভাৰত গঢ়িবৰ বাবে দেশবাসীকে আগুৱাই অহাৰ আৰু শপত লোৱাৰ

শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃয়ে পৰ্যাপ্ত পৰিমাণে পৰিপুষ্টি লাভ কৰাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান চিন্তা।”

“প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৮ চনত মুকলি কৰা পোষণ অভিযান হৈছে এক যুগান্তকাৰী আঁচনি, যিয়ে দেশৰ পৰা পুষ্টিহীনতা নাইকিয়া কৰাৰ ক্ষেত্ৰত এক অনবদ্য ভুমিকা পালন কৰিছিল”

“এই মাহটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে ব্যাপক পুষ্টিহীনতাত ভুগি থকা শিশুসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সমগ্ৰ দেশজুৰি এক অভিযান চলাব”

Posted On: 07 SEP 2020 2:23PM by PIB Guwahati

তৃতীয় ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে পুষ্টিহীনতামুক্ত ভাৰত গঠনৰ বাবে দেশবাসীক শপত গ্ৰহণ আৰু এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে আগুৱাই অহাৰ বাবে আহ্বান জনায়। আজি একাধিক টুইটযোগে শ্ৰী শ্বাহে কয়, “শিশু, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলে যাতে পৰ্যাপ্ত পুষ্টি লাভ কৰে তাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যথেষ্ট অগ্ৰাধিকাৰ দিছে”।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, “২০১৮ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোষন অভিযান শক্তিশালী কৰি তুলিবলৈ আৰু দেশৰ পৰা পুষ্টিহীনতা নাইকিয়া কৰিবৰ বাবে এই প্ৰকল্পৰ সূচনা কৰিছিল”।

শ্ৰী শ্বাহে লগতে কয়, “চলিত বছৰৰ পোষন মাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ মূল লক্ষ্যই হ’ল পুষ্টিহীনতাজনিত শিশুসকলক সামগ্ৰিক পুষ্টি প্ৰদান আৰু দেশজুৰি এই অভিযান ক্ষীপ্ৰতৰ কৰি তোলা।”

গৃহমন্ত্ৰীয়ে লগতে কয়, “আহক আমি সকলোৱেই এই প্ৰকল্পক আৰু শক্তিশালী আৰু ক্ষীপ্ৰতৰ কৰি তোলো আৰু এখন পুষ্টিহীনতামুক্ত ভাৰত গঢ়াৰ বাবে আগুৱাই যাওঁ।”

উল্লেখ্য যে ৰাষ্ট্ৰীয় পোষন মাহ সমগ্ৰ ছেপ্টেম্বৰ মাহ ধৰি চলি থাকে। এই পোষণ মাহৰ উদ্দেশ্যই হ’ল কণমানি শিশু, মহিলাসকলৰ পুষ্টিহীনতাজনিত সমস্যাৰ সমাধান আৰু সকলোৰে বাবে স্বাস্থ্যকৰ আৰু পুষ্টিযুক্ত খাদ্য সুনিশ্চিত কৰা।

***

NW/RK/PKAD/DDD/RD

 



(Release ID: 1652181) Visitor Counter : 203