মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

‘উচ্চ শিক্ষাৰ ৰূপান্তৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ভূমিকা’ সন্দৰ্ভত ৰাজ্যপালসকলৰ সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ

ৰাজ্যপালসকলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

২১শ শতিকাৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা অনুসৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ভাৰতক আগুৱাই নিবঃ ৰাষ্ট্ৰপতি কোবিন্দ

দেশখনৰ আকাংক্ষাৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে শিক্ষা নীতি আৰু শিক্ষা ব্যৱস্থা গুৰুত্বপূৰ্ণ উপায়- প্ৰধানমন্ত্ৰী

সকলোৰে অংশগ্ৰহণৰ জৰিয়তে আমি এই শিক্ষা নীতিখনিক বিলম্ব নকৰাকৈ ৰূপায়ণৰ দিশত আগুৱাই নিম – শিক্ষামন্ত্ৰী

Posted On: 07 SEP 2020 6:56PM by PIB Guwahati

আজি ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই নতুন দিল্লীত ‘উচ্চ শিক্ষাৰ ৰূপান্তৰত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ ভূমিকা’ সন্দৰ্ভত ৰাজ্যপালসকলৰ ভাৰ্চুৱেল সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মিলনখনিৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে, ইয়াত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’, শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধট্ৰে, ৰাজ্যসমূহৰ ৰাজ্যপাল, লেফটেনেন্ট গভৰ্নৰ/প্ৰশাসকসকল আৰু একাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীসকলে ভাগ লয়।

এই সন্মিলনখনিত সম্বোধন কৰি, ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰাম নাথ কোবিন্দই কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি)এ একবিংশ শতিকাৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষা অনুসৰি যুৱ সমাজকে প্ৰমুখ্য় কৰি দেশখনক আগবঢ়াই লৈ যাব। এই ঐতিহাসিক দলিলখনৰ প্ৰস্তুতিত প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব আৰু অনুপ্ৰেৰণামূলক ভূমিকাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰি তেওঁ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিক আকৃতি প্ৰদানৰ অৰ্থে ২.৫ লাখ গাঁও পঞ্চায়ত, ১২,৫০০ ৰোধিক স্থানীয় নিকায় আৰু প্ৰায় ৬৭৫ খন জিলাৰপৰা দুই লাখৰো অধিক পৰামৰ্শ বিবেচনাৰে এটা বিস্তৃত প্ৰক্ৰিয়াৰ জৰিয়তে আশু প্ৰচেষ্টা গ্ৰহণ কৰা ডঃ কস্তুৰীৰংগন আৰু মন্ত্ৰীসকল তথা শিক্ষা মন্ত্ৰণালয়ৰ বিষয়া-বৰ্গৰ শলাগ লয়। যদি ফলপ্ৰসূতাৰে পৰিৱৰ্তন সাধন হয়, শিক্ষাৰ ক্ষেত্ৰটো ভাৰত চুপাৰপাৱাৰ হৈ উঠিব, তেওঁ লগতে কয়।

https://twitter.com/DrRPNishank/status/1302868088866496512?s=20

এনইপি সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই, ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজ্যপালসকল ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য্য হোৱাৰ পৰিপ্ৰেক্ষিতত এনইপি ৰূপায়ণত তেওঁলোকৰ ভূমিকা গুৰুত্বপূৰ্ণ। দেশখনত প্ৰায় ৪০০ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সমান্তৰালভাৱে প্ৰায় ৪০,০০০ খন ইয়াৰ অধীনস্থ মহাবিদ্যালয় আছে, সেয়েহে এই বিশ্ববিদ্যালয়সমূহৰ সৈতে সহযোগিতা আৰু কথোপকথন স্থাপন কৰাটো একান্ত প্ৰয়োজনীয় যি কাৰ্য আচাৰ্য্য হোৱাৰ বাবে ৰাজ্যপালসকলে সম্ভৱ কৰি তুলিব পাৰিব, ৰাষ্ট্ৰপতিগৰাকীয়ে কয়।

ৰাষ্ট্ৰপতি কোবিন্দই কয় যে সামাজিক ন্যায়ৰ অৰ্থে শিক্ষা হৈছে অতিশয় ফলপ্ৰসূ উপায় আৰু সেয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰদ্বাৰা যুটীয়াভাৱে জিডিপিৰ প্ৰায় ৬ শতাংশ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয়, এখনি স্পন্দনশীল গণতান্ত্ৰিক সমাজৰ অৰ্থে এনইপিয়ে ৰাজহুৱা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ শক্তিশালীকৰণত গুৰুত্ব আৰোপ কৰিছে আৰু একে সময়তে মৌলিক অধিকাৰ, দায়িত্ব, সাংবিধানিক মূল্যবোধ আৰু দেশপ্ৰেমৰ অৰ্থে ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰি তোলাৰো ৰূপৰেখা অংকন কৰা হৈছে।

ভাৰতৰ ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্ণ পাঠৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক

https://pib.gov.in/PressReleasePage.aspx?PRID=1651942

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়, দেশখনৰ আকাংক্ষাৰ পূৰ্ণতা প্ৰাপ্তিৰ অৰ্থে শিক্ষা নীতি আৰু শিক্ষা ব্যৱস্থা গুৰুত্বপূৰ্ণ উপায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয়, ৰাজ্য আৰু স্থানীয় পৰ্যায়ৰ চৰকাৰৰ শিক্ষাৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে, এই নীতিত তেওঁলোকৰ হস্তক্ষেপ হ্ৰাস কৰিব পৰা যাব। তেওঁ কয়, যেতিয়া অধিক শিক্ষক, পিতৃ-মাতৃ আৰু ছাত্ৰ-ছাত্ৰী এই শিক্ষা নীতিখনিৰে জড়িত হৈ পৰিব, তেতিয়াই ইয়াৰ প্ৰাসংগিকতা আৰু ফলপ্ৰসূতা বৃদ্ধি পাব। তেওঁ লগতে কয় যে শিক্ষাৰ ক্ষেত্ৰখনত জড়িত থকা তথা সমগ্ৰ দেশৰ কেইবা নিযুত লোকৰ মতামত গ্ৰহণৰ পাছতহে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ খচৰা প্ৰস্তুত কৰা হৈছিল, যাৰ বাবে এই নীতিখনি সন্দৰ্ভত জনতাৰ মাজত অধিকাৰৰ উদ্দীপনা আৰু সৰ্বতোপ্ৰকাৰৰ গ্ৰহণযোগ্যতা প্ৰতিফলিত হৈছে।  

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি কয় যে এই এনইপিয়ে কেৱল মাত্ৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰৰ নিৰ্দেশনা দিয়াই নহয় বৰঞ্চ ২১শ শতিকাৰ ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক গঠনলৈয়ো এটা নতুন দিকৰ উন্মেষ ঘটাইছে। তেওঁ কয়, এই নীতিখনিয়ে ক্ষীপ্ৰ পৰিৱৰ্তিত বিশ্বখনত আমাৰ যুৱ প্ৰজন্মক ভৱিষ্যতৰ বাবে সাজু কৰি তথা ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি তেওঁলোকক জ্ঞান আৰু দক্ষতাৰে সমৃদ্ধকৰণৰদ্বাৰা ভাৰতক স্ব-নিৰ্ভৰশীল বা আত্ম-নিৰ্ভৰ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

তেওঁ আৰু কয় যে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিয়ে ‘’অধ্যয়ন’ৰ সলনি ‘শিকা’’ত গুৰুত্ব আৰোপ কৰিছে আৰু ‘পাঠ্যক্ৰম’ক নেওচি ‘জটিল চিন্তা’ত গুৰুত্ব প্ৰদান কৰিছে। তেওঁ কয়, ‘কাৰ্যধাৰা’ৰ সলনি ‘ইচ্ছা’, ‘ব্যৱহাৰিকতা’ আৰু ‘প্ৰদৰ্শন’ত অধিক জোৰ দিয়া হৈছে।

তেওঁ কয় যে এই নীতিখনিৰ লক্ষ্য হৈছে ২১ শ শতিকাত ভাৰতক প্ৰবুদ্ধ অৰ্থনীতি হিচাপে গঢ় দিয়া। তেওঁ আৰু কয় যে ই ভাৰতত শীৰ্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহৰ অস্থায়ী কেম্পাছ স্থাপনৰো ব্যৱস্থা গ্ৰহণ কৰিব যাৰ জৰিয়তে ব্ৰেইন ড্ৰেইনৰ সমস্যাৰে মোকাবিলা কৰিব পৰা যাব।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক

https://pib.gov.in/PressReleasePage.aspx?PRID=1651934

আদৰণি ভাষণ আগবঢ়াই, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ যাত্ৰা, ক্ৰমবিকাশ আৰু আলোচনা প্ৰক্ৰিয়াটোৰ অৱলোকন কৰে। মন্ত্ৰীজনে কয়, এই নীতিখনি হৈছে লাখ-লাখ গাঁও, খণ্ড, জিলা, শিক্ষাবিদ, উপাচাৰ্য্য, অধ্যক্ষ, শিক্ষক আৰু বিজ্ঞানীক সামৰি লৈ এটি বিস্তৃত আলোচনা প্ৰক্ৰিয়াৰ ফলশ্ৰুতি। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ জৰিয়তে গৱেষণাৰ নতুন দিক আৰু সহযোগিতা প্ৰদানত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমাৰ শিক্ষা পদ্ধতিক নমনীয় আৰু সুস্থিৰ দুয়োটাৰে বাট দেখুৱাব। তেওঁ কয়, এই নীতিৰে সংস্কাৰ, ৰূপান্তৰ আৰু প্ৰদৰ্শনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে স্বচ্ছ, সুস্থ, শক্তিশালী, আত্ম নিৰ্ভৰ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ পথো প্ৰশস্ত হৈ পৰিব।

শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী, শ্ৰী সঞ্জয় ধট্ৰেই ৰাজ্যপালসকলৰ সন্মিলনৰপৰা লাভ কৰা সমৃদ্ধ অন্তৰ্দৃষ্টিৰ শলাগ লয় আৰু সন্মিলনখনিত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীকে ধন্যবাদ জ্ঞাপন কৰে।

সন্মিলনখনিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৰাজ্যপাল, লেফটেনেন্ট গভৰ্নৰ আৰু শিক্ষামন্ত্ৰীসকলেৰে এটি আলোচনা অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ অধীনত উচ্চ শিক্ষাত ৰূপান্তৰমূলক সংস্কাৰৰ সম্ভাৱনা আৰু সন্মুখৰ পথচোৱা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ৰাজ্যপাল আৰু লেফটেনেন্ট গভৰ্নৰসকলে তেওঁলোকৰ সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিন্ন প্ৰসংগ ৰাষ্ট্ৰপতিগৰাকী আৰু আন-আন অংশগ্ৰহণকাৰীসকলৰ সন্মুখত চমুকৈ ব্যক্ত কৰে।

এটি বিশেষ কাৰ্যসূচীত খচৰা এনইপিৰ অৰ্থে কমিটিৰ অধ্যক্ষ অধ্যাপক কে. কস্তুৰীৰংগনে নিৰ্দিষ্ট ভাষণ প্ৰদান কৰে আৰু এনইপিৰ প্ৰস্তাৱনা প্ৰক্ৰিয়াটোৰ যাত্ৰা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিখনিৰ ভিন্ন দৃষ্টিকোণ সন্দৰ্ভত আলোকপাত কৰে। ইউজিচিৰ অধ্য়ক্ষ অধ্যাপক ডি.পি. সিঙৰ পৌৰহিত্যত শিক্ষাৰ ৰূপান্তৰত এনইপিৰ ভূমিকা সন্দৰ্ভত এখনি কাৰিকৰী সত্ৰ অনুষ্ঠিত হয়। প্ৰিন্সেটন বিশ্ববিদ্য়ালৰ প্ৰসিদ্ধ গণিতজ্ঞ আৰু খচৰা এনইপি কমিটিৰ সদস্য অধ্যাপক মঞ্জুল ভাৰ্গৱ আৰু খচৰা এনইপি কমিটিৰ সদস্য অধ্যাপক এম.কে. শ্ৰীধৰে আমন্ত্ৰিত বক্তা হিচাপে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰৰ উন্নয়ন, ভাৰতে মুখামুখি হোৱা সামজিক প্ৰত্যাহ্বানৰে মোকাবিলা কৰাত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু গৱেষণা তথা উদ্ভাৱনতে সংপৃক্ত হৈ থকা সমাধান সূত্ৰ; ২১শ শতিকাত জ্ঞানৰ ব্যাখ্যামূলক বিকাশ, এছটিইএমৰে মানৱতা আৰু কলাৰ সংযুক্তি আৰু বহুবিষয়ক সমগ্ৰ শিক্ষা সন্দৰ্ভত দুয়ো ব্যক্ত কৰে।

*****

MC/AKJ/AK/SB

 



(Release ID: 1652176) Visitor Counter : 260