নিতি আয়োগ

‘গোলকীয় বহু-বৈশিষ্ট্যপূৰ্ণ দাৰিদ্ৰ সূচকাংক’ আৰু ভাৰত সম্পৰ্কীয় প্ৰেছ টোকা

Posted On: 07 SEP 2020 4:07PM by PIB Guwahati

দেশত সংস্কাৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ মূল দায়িত্ববাহী নিকায় হিচাপে নীতি আয়োগ-য়ে গোলকীয় বহু-বৈশিষ্ট্যবিশিষ্ট দাৰিদ্ৰ সূচকাংক(এমপিআই)-ৰ নিৰীক্ষণ ব্যৱস্থাপনাৰ সুযোগ গ্ৰহণ কৰি আহিছে। ভাৰত চৰকাৰৰ সিদ্ধান্তৰ অন্যতম অংশ হিচাপেই গোলকীয় এমপিআই-ৰ জৰিয়তে ২৯টা নিৰ্বাচিত গোলকীয় সূচকৰ ক্ষেত্ৰত দেশৰ পাৰদৰ্শিতা নিৰীক্ষণ কৰা হয়। সংস্কাৰ সাধন আৰু প্ৰগতিৰ বাবে এইসমূহ গোলকীয় সূচকাংক (জিআইআৰজি)ৰ উদ্দেশ্যই হৈছে ইয়াৰ জৰিয়তে বিভিন্ন গুৰুত্বপূৰ্ণ সামাজিক আৰু অৰ্থনৈতিক মাপকত ভাৰতৰ পাৰদৰ্শিতাৰ জোখ লোৱা আৰু চৰকাৰী আঁচনিসমূহ তৃণমূল পৰ্যায়ত ৰূপায়ণৰ বেলিকা এইসমূহ সূচকাংকৰ সদ্ব্যৱহাৰ কৰি আত্ম-শুদ্ধি আৰু নীতিৰ সংস্কাৰ সাধন কৰা। কেবিনেট সচিবগৰাকীয়ে যোৱা জুলাই মাহত এক কৰ্মশালা অনুষ্ঠিত কৰি সকলো ডেল এজেন্সীক এইসমূহ সূচকাংকৰ নিয়মীয়া প্ৰকাশনীৰ প্ৰয়োজনীয়তাত গুৰুত্ব প্ৰদানৰ পোষকতা কৰিছিল।

গোলকীয় এমপিআইল পৃথিৱীৰ ১০৭খন উন্নয়ণশীল ৰাষ্ট্ৰক সামৰি বহু-বৈশিষ্ট্যপূৰ্ণ দাৰিদ্ৰৰ আন্তঃৰাষ্ট্ৰীয় মাপ নিৰ্ণয়ৰ এক প্ৰক্ৰিয়া। ২০১০চনত অক্সফোৰ্ড প্ৰভাৰ্টী এণ্ড হিউমেন ডেভেলপমেণ্ট ইনিচিয়েটিভ(অপিএইচআই) আৰু ৰাষ্ট্ৰসংঘৰ বিকাশ কাৰ্যক্ৰম(ইউএনডিপি)ৰ মানৱ উন্নয়ণ প্ৰতিবেদনত প্ৰথমবাৰৰ বাবে বিকশিত কৰা হৈছিল। প্ৰতি বছৰে জুলাই মাহত ৰাষ্ট্ৰসংঘৰ বহণক্ষম উন্নয়ণ সম্পৰ্কীয় এক উচ্চ পৰ্যায়ৰ ৰাজনৈতিক মঞ্চ(এইচএলপিএফ)ত এই গোলকীয় এমপিআই প্ৰকাশ কৰা হয়।

পুষ্টি, শিশুৰ মৃত্যু, বিদ্যালয় শিক্ষাৰ কাল, বিদ্যালয়ত উপস্থিতি, ৰন্ধনৰ বাবে ব্যৱহৃত ইন্ধন, অনাময়, খোৱা পানী, বিদ্যুত, গৃহ নিৰ্মাণ আৰু গৃহস্থালীৰ সা-সম্পত্তিটকে আদি কৰি ১০টা মাপকৰ সন্দৰ্ভত ঘৰে ঘৰে চলোৱা সমীক্ষাৰ আধাৰত এই গোলকীয় এমপিআই নিৰ্ণয় কৰা হয়। ইয়াৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যণ মন্ত্ৰালয় আৰু ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ পপুলেশ্যন ছায়েন্স(আইআইপিএছ)য়ে চলোৱা ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ(এনএফএইচএছ)ৰ তথ্য ব্যৱহাৰ কৰা হয়। ২০২০বৰ্ষৰ গোলকীয় এমপিআই তালিকাত পৃথিৱীৰ ১০৭ দেশৰ ভিতৰত ভাৰতে এনএফএইচএছ-৪(২০১৫-১৬) আধাৰত এমপিআই প্ৰদত্ত ০.১২৩ নম্বৰ আৰু ২৭.৯১% জনমূৰি অনুপাতসহ ৬২সংখ্যক স্থান লাভ কৰিছে। ইফালে, এই তালিকাত চুবুৰীয়া দেশ শ্ৰীলংকাই ২৫সংখ্যক, ভূটানে ৬৮, নেপালে ৬৫, বাংলাদেশে ৫৮, চীনে ৩০, ম্যানমাৰে ৬৯ আৰু পাকিস্তানে ৭৩সংখ্যক স্থানত নাম অন্তৰ্ভুক্ত কৰিছে। অৱশ্যে,  এনএফএইচএছ-৪ৰ পৰৱৰ্তি সময়ত ভাৰতে অনাময়, ৰন্ধন-ইন্দন, গৃহ নিৰ্মাণ, খোৱা পানী আৰু বিদ্যুত্ যোগান আদি ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰাৰ লগতে শেহতীয়া ভাবে কভিড-১৯ মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সাফল্যৰ বাবে এনএফএইচএছ-৫(২০১৯-২০)ৰ তথ্যৰে প্ৰণিত হব লগা এমপিআই-ত ভাৰতৰ স্থান অধিক উন্নত হব বুলি আশা কৰা হৈছে।

এমপিআই সংক্ৰান্তত দেশৰ মুখ্য নিকায় হিচাপে নীতি আয়োগে শ্ৰীমতী সুকন্যা সমাদ্দাৰৰ অধ্যক্ষতাত এখন এমপিআই সমন্বয়ৰক্ষী সমিতি(এমপিআইচিচি) গঠন কৰিছে। এই সমিতিত সদস্য হিচাপে সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগসমূহৰ প্ৰতিনিধিত্ব ৰখা হৈছে।

******

VRRK/KP/KB



(Release ID: 1652156) Visitor Counter : 272