প্ৰতিৰক্ষা মন্ত্ৰালয়

‘ডিআৰডিঅ’-ই সম্পন্ন কৰিলে ‘হাইপাৰ্ছ’নিক টেকন’লজী ডেমনষ্ট্ৰেটৰ ভেহিকল’ৰ সফল উৰণ পৰীক্ষণ

Posted On: 07 SEP 2020 2:56PM by PIB Guwahati

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ণ সংস্থা(ডিআৰডিঅ)ই আজি দিনৰ ১১.০৩বজাত ওড়িশাৰ উপকূলৰ সমীপবৰ্তী হুইলাৰ দ্বীপত থকা ড০ এ পি জে আব্দুল কালাম উত্ক্ষেপণ চৌহদহাইপাৰ্ছনিক এয়াৰব্ৰীডিং স্ক্ৰেমজেট প্ৰযুক্তিৰ প্ৰদৰ্শন কৰাৰ লগতে হাইপাৰ্ছনিক টেকনলজী ডেমনষ্ট্ৰেশ্যন ভেহিকল(এইচএছটিডিভি)ৰ উৰণ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে।

ইতিমধ্যে সফলতাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এটা লিড মটৰ ৰকেট ব্যৱহাৰ কৰি ক্ৰুইজ যানখনৰ উত্ক্ষেপনৰ ব্যৱস্থা কৰা হৈছিল আৰু ই যানখনক ৩০কিলোমিটাৰ উচ্চতালৈ লৈ যায় আৰু ইয়াতে হাইপাৰ্ছনিক মেক নাম্বাৰত যানখনৰ এৰ-ডাইনেমিক হীট শ্বিল্ডখন পৃথক হৈ পৰে আৰু ক্ৰুইজ যানখন উত্ক্ষেপণ যানখনৰ পৰা পৃথক হৈ য়ায় আৰু পৰিকল্পনা অনুযায়ীয়েই ইয়াৰ বায়ু-প্ৰৱেশ পৰ্ব মুকলি হয়। হাইপাৰ্ছনিক দহন অব্যাহত থাকে আৰু যানখনে আশা কৰা মতেই শব্দতকৈয়ো ৬গুণ বেগত অৰ্থাত্ প্ৰতি ছেকেণ্ডত ০২ কিলোমিটাৰ বেগত ২০ ছেকেণ্ডৰো অধিক কালৰ বাবে উৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখে। ইন্ধনৰ প্ৰয়োগ তথা স্বয়ংক্ৰিয় ভাবে স্ক্ৰেমজেটৰ প্ৰজ্বলন হোৱাৰ দৰে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহ সম্পাদনে প্ৰযুক্তিগত পৰিপক্কতাৰ প্ৰদৰ্শন দাঙি ধৰে। স্ক্ৰেমজেট ইঞ্জিনটোৱে আক্ষৰিক অৰ্থতে প্ৰত্যাশিত পাৰদৰ্শিতাৰ নিদৰ্শন দাঙি ধৰিছিল।

উত্ক্ষেপণ সম্পৰ্কীয় সকলো প্ৰক্ৰিয়াৰ খুটি-নাতি মাল্টিপল ট্ৰেকিং ৰাডাৰ, ইলেক্ট্ৰো অপ্টিকেল ছীছটেম আৰু টেলিমেট্ৰী ষ্টেশ্যনৰ পৰা নিৰীক্ষণ কৰি থকা হৈছিল।

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এই ঐতিহাসিক সাফল্যৰ বাবে ডিআৰডিঅ-ক অভিনন্দন জনায়। তেওঁ আত্মনিৰ্ভৰ ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেখা সপোন সাকাৰ কৰাৰ দিশত এয়া এক উল্লেখনীয় সাফল্য বুলি অনুভৱ ব্যক্ত কৰে। প্ৰতিৰক্ষা বিভাগৰ সচিব তথা ডিআৰডিঅ-ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডীয়ে এই প্ৰকল্পৰে জড়িত বিজ্ঞানী, গৱেষক তথা সংশ্লিষ্ট ব্যক্তিসকলক অভিনন্দন জ্ঞাপন কৰে।

 

 



(Release ID: 1652099) Visitor Counter : 241