বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

পোহৰ আৰু অনুজীৱৰ মাজত পাৰস্পৰিক ক্রিয়াৰ জৰিয়তে দৃষ্টি সম্পর্কীয় সঁজুলিৰ নতুন আৱিস্কাৰ

Posted On: 06 SEP 2020 5:41PM by PIB Guwahati

দূৰবীন, দূৰবীক্ষণ যন্ত্ৰ, ৰং পৰিৱর্তনশীল বিভিন্ন চিত্ৰ আৰু কালিৰ ক্ষেত্রত কম প্ৰতিফলনযুক্ত লেন্স আৰু উচ্চ প্ৰতিসৰণযুক্ত আয়নাত পোহৰ আৰু অনুজীৱৰ মাজত পাৰস্পৰিক বিক্রিয়াৰ ফলত নতুন শক্তি আৱিস্কাৰ সম্ভৱ হৈছে। বাংগালুৰুস্থিত চেণ্টাৰ ফৰ নেন এণ্ড ছফট মেটাৰ ছায়েন্সেছৰ এদল বিজ্ঞানীয়ে গৱেষণাৰ জৰিয়তে অতিবেঙুনীয়া ৰশ্মি আৰু নীলা পোহৰৰ মিশ্ৰণত ৩ডি আৰু ১ডি পোহৰ সম্বন্ধীয় গঠনৰ বিপৰীত প্ৰতিক্রিয়া প্ৰত্যক্ষ কৰিছে, যাৰফলত দৃষ্টি সম্পৰ্কীয় সঁজুলি ক্ষেত্রত সুবিধা ব৷

বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰা মতে পোহৰ আৰু অনুজীৱৰ মাজত প্ৰতিক্রিয়াৰ ফলত ফটোআইছোমেৰাইজেচন হয়, এটি নির্দিষ্ট তৰংগ দৈর্ঘ্যৰ পোহৰ অণুজীৱৰ মাজত পৰিৱর্তন ঘটাবলৈ সক্ষম হৈছে৷ ১০০ নেন মিটাৰৰ মাজত তৰংগ দৈর্ঘ্যৰ পৰিৱর্তন ঘটাই ছেকেণ্ডৰ অতিক্ষুদ্ৰ ভাগত সেয়া প্ৰয়োগ কৰি কম প্ৰতিফলনযুক্ত লেন্স আৰু উচ্চ প্ৰতিসৰণযুক্ত আয়নাৰ জৰিয়তে বিভিন্ন কালি আৰু ৰঙৰ পৰিৱর্তন ঘটাব পাৰিছে। বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰা মতে তৰল স্ফটিক পদার্থত এই ধৰণৰ ৰঙৰ পৰিৱর্তন যথেষ্ট ভালদৰে হৈছে বিদ্যু পাদনকাৰী বিভিন্ন ব্যৱস্থাৰ মাজত সেয়া প্ৰয়োগ কৰিলে বিজ্ঞানীসকলে যথেষ্ট ভাল ফল পাবলৈ সক্ষম হৈছে৷ এই গৱেষণাত চিএইএনএছৰ ৰাজলক্ষ্মী ছাহু, ডি.এছ. শংকৰ ৰাও, .এছ. হিৰেমাথ, চি.ভি. য়েলামগ্গড আৰু এছ. কৃষ্ণ প্ৰসাদৰে গঠিত বিজ্ঞানী দলে কাম কৰিছে৷ তেওঁলোকj এই ফলাফল জাৰ্ণেল অৱ ফিজিকেল কেমিষ্ট্ৰীত প্ৰকাশ পাইছে৷

 

*****

NB/KGS/(DST Media Cell)/DB



(Release ID: 1652007) Visitor Counter : 149