বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

জেএনচিএএছআৰ-ৰ গৱেষকে হাওঁফাওঁৰ কৰ্কটৰ বাবে নৈদানিক চিকিত্সাৰ বিকাশ কৰিছে

Posted On: 06 SEP 2020 5:48PM by PIB Guwahati

বিশ্বজুৰি কৰ্কট সম্পৰ্কীয় মৃত্যুৰ অন্যতম এটি কাৰক হৈছে হাওঁফাওঁৰ কৰ্কট। ইয়াক প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰাটো জটিল, যাৰ ফলত চিকিত্সাও কঠিন হৈ পৰে। চিকিত্সা বিজ্ঞানীসকলে অতি শীঘ্ৰে হাওঁফাওঁৰ কৰ্কটক লৈ এটি চিকিত্সাগত সমাধান লাভ কৰিব পাৰে, যিয়ে হাওঁফাওঁৰ কৰ্কটৰ উপযুক্ত চিকিত্সা সংক্ৰান্তীয় ঔষধ আৱিস্কাৰৰ পথ সুগম কৰিব।

 

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ স্বায়ত্ত শাসিত প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড ছায়েণ্টিফিক ৰিচাৰ্ছ(জেএনচিএএছআৰ) প্ৰতিষ্ঠানৰ গৱেষকসকলে হাওঁফাওঁৰ কৰ্কটৰ বাবে থেৰানোষ্টিক্স(নৈদানিক থেৰাপি)ড্ৰাগ পদ্ধতিৰ বিকাশ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহায়ত ব্ৰিকছ মাল্টিলেটাৰেল ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্ট কৰ্মসূচীৰ আৰ্থিক অনুদান আৰু স্বৰ্ণ জয়ন্তী ফেলশ্বিপ অনুদানৰ যৌথ প্ৰয়াসত কৰা গৱেষণামূলক এই অনুসন্ধানটি থেৰানোষ্টিক জাৰ্ণেলত প্ৰকাশ পাইছে।

 

অনকোজিন বিশিষ্ট নন-কেনোনিকেল ডিএনএ-ইয়াৰ মাধ্যমিক ষ্ট্ৰাকচাৰ বা গঠনৰ ভিত্তি অনুযায়ী কৰ্কটৰ বাবে ডায়েগ্নষ্টিক থেৰাপি বা থেৰানোষ্টিক বিকাশৰ গুৰুত্বপূৰ্ণ অৱদান ৰাখে আৰু এইধৰণৰ থেৰানোষ্টিকৰ কাঠামোগত বৈশিষ্ট্য আৰু সেইবোৰৰ গঠনগত বৈচিত্ৰ্য হাওঁফাওঁৰ কৰ্কটৰ উপশমৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হৈ উঠিছে।

 

জেএনচিএএছআৰৰ অধ্যাপক টী গোবিন্দ ৰাজু আৰু তেওঁৰ অধীনত এটি গৱেষকৰ দলে এইধৰণৰ কৰ্কটৰ ডায়েগ্নষ্টিক থেৰাপিৰ বাবে হাইব্ৰিড বাইণ্ডিং মোডৰ জৰিয়তে নিৰ্দিষ্ট টপোলজিৰ জিনগত অনুৰ ক্ৰিয়াকলাপ বিচাৰ কৰিছে আৰু কৰ্কট কোষসমূহক মাৰি পেলোৱাৰ বাবে জিনম বা জিনগত অস্থিতিশীলতাৰ অৱস্থানকে মূলধন কৰি এই থেৰাপিৰ উদ্ভাৱন কৰিছে। গৱেষক দলৰ এই উদ্ভাৱন কৰ্কট চিকিত্সাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ ইংগিত দিয়ে।

 

গৱেষক দলৰ এই থেৰাপি কৰ্কট টাইপ সুনিৰ্দিষ্ট থেৰানোষ্টিক ড্ৰাগ উদ্ভাৱনৰ পদ্ধতিয়ে চিকিত্সাৰ ক্ষেত্ৰত গৱেষকসকলক বৃহত্ সহায় আগবঢ়াব পাৰে। উল্লেখ কৰিব পাৰি যে জেএনচিএএছআৰৰ গৱেষক দলে উদ্ভাৱন কৰা এই পদ্ধতিৰ বাবে ইতিমধ্যে পেটেণ্ট বা স্বত্ত লাভৰ বাবে আৱেদন কৰা হৈছে।

 

 ***********



(Release ID: 1651904) Visitor Counter : 123